বিশেষ বাৰ্তা, ৩১ জুলাইঃ আৰজেডিৰ মুৰব্বী লালুপ্রসাদ যাদৱ পৰিয়াললৈ বিপদ৷ ৰে’লৱেত সংস্থাপনৰ কাৰণে ভূমি কেলেংকাৰিৰ গোচৰত লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ ৬ কোটি টকাৰ সম্পত্তি আজি জব্দ কৰে এনফ’চমেণ্ট ডিৰেক্টৰেট (ইডি)–এ৷ ইডিয়ে জব্দ কৰা সম্পত্তিসমূহৰ ভিতৰত যাদৱ পৰিয়ালৰ দিল্লী আৰু পাটনাৰ সম্পত্তি আছে৷ ইয়াৰে ভিতৰত নিউ ফ্রেইণ্ডছ কলনিৰ আৱাসিক গৃহটোও আছে৷ তদন্তকাৰী সংস্থা ইডিয়ে প্রকাশ কৰা বিবৃতি মতে পিএমএলএ আইনৰ অধীনত এই সম্পত্তিসমূহ জব্দ কৰা হৈছে৷ ৰে’লৱেৰ সংস্থাপনৰ কাৰণে ভূমি কেলেংকাৰী গোচৰত আৰজেডিৰ মুৰব্বী লালপ্রসাদ যাদৱ, তেওঁৰ পত্নী তথা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী ৰাৱৰী দেৱী, বিহাৰৰ উপ-মুখ্যমন্ত্রী তেজস্বী যাদৱ, কন্যা মিছা ভাৰতী (আৰজেডিৰ ৰাজ্যসভাৰ সাংসদ), চন্দ যাদৱ আৰু ৰাগিণী যাদৱৰ ভাষ্য বিগত কিছু মাহৰ ভিতৰত ইডিয়ে লিপিবদ্ধ কৰাৰ পাছতে আজি তেওঁলোকৰ পৰিয়ালৰ ৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে৷ তাৎপর্যপূর্ণ যে বিজেপি বিৰোধী ২৬ দলৰ ঐক্যমঞ্চ ইণ্ডিয়াৰ অন্যতম দল হিচাপে আৰজেডি আছে৷ বাংগালুৰুত বিৰোধীয়ে ইণ্ডিয়া গঠন কৰা বৈঠকতো উপস্থিত আছিল লালুপ্রসাদ যাদৱ৷ তদুপৰি কালি লালুপ্রসাদ যাদৱে ২০২৪ত লোকসভা নির্বাচনত পৰাজিত হ’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশ এৰি বিদেশলৈ পলাব বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছিল৷ ইয়াৰ পাছতে ইডিয়ে লালুপ্রসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ইডিয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰে৷ মন কৰিবলগীয়া যে ৰে’লৱেৰ সংস্থাপনৰ কাৰণে ভূমি কেলেংকাৰী গোচৰত চলিত মাহৰ আৰম্ভতে চিবিআয়েও দ্বিতীয়খন অভিযোগনামা দাখিল কৰিছিল৷ এই অভিযোগনামাত লালুপ্রসাদ যাদৱক অভিযুক্ত কৰা হৈছে৷ আজি ইডিয়ে ৬ কোটি টকাৰ সম্পত্তি জব্দ কৰা লালুপ্রসাদ যাদৱৰ পৰিয়াল অভিযুক্ত ৰে’লৱেৰ সংস্থাপনৰ কাৰণে ভূমি কেলেংকাৰী গোচৰটো ২০০৪–২০০৯ চনৰ ভিতৰত সংঘটিত হৈছিল৷ ৰে’লৱেৰ বিভিন্ন মণ্ডলৰ গ্রুপ ডিৰ চাকৰি দিয়াৰ নামত লালুপ্রসাদে প্রধানতঃ ভূমিকে ধৰি বিভিন্ন ধৰণৰ সম্পত্তি নিজৰ পৰিয়ালৰ নামত হস্তগত কৰিছিল৷ এই কেলেংকাৰীৰ গোচৰ চিবিআয়ে অনুসন্ধান কৰি অভিযোগনামা দাখিল কৰাৰ সমান্তৰালকৈ ইডিয়েও চলাই আছে৷