নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃণমূলৰ অভিষেক বেনাৰ্জীলৈ পুনৰ ইডিৰ চমন

বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰিৰ গোচৰত সোধা-পোছাৰ বাবে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক চমন কৰিছে বলৱৎকাৰী সঞ্চালকালয় (ইডি)-এ। ইডিয়ে তেওঁক ৯ অক্টোবৰত হাজিৰ হ’বলৈ কৈছে। এজন বিষয়াই জনোৱা মতে, তদন্তকাৰী সংস্থাটোৱে অভিষেকৰ পত্নী ৰুজিৰাকো ১১ অক্টোবৰত সোধা-পোছাৰ বাবে মাতিছে। বিষয়াগৰাকীয়ে কয়, ‘আমাৰ বিষয়াসকলে বিদ্যালয় নিযুক্তি কেলেংকাৰিৰ গোচৰত অভিষেকক ৯ অক্টোবৰত আৰু তেওঁৰ পত্নী ৰুজিৰাক ১১ অক্টোবৰত জেৰা কৰিব। দুয়োকে চি জি অ’ কমপ্লেক্সত থকা আমাৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে। ইয়াৰ পূৰ্বে ইডিয়ে তৃণমূল কংগ্ৰেছ নেতাৰ পিতৃ-মাতৃ অমিত আৰু লতা বেনাৰ্জীক এই সপ্তাহত একেটা গোচৰতে নিজৰ বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ তলব কৰিছিল। ইডিয়েও ডাইমণ্ড হাৰ্বাৰৰ সাংসদ অভিষেকক ৩ অক্টোবৰত ইয়াৰ সন্মুখত হাজিৰ হ’বলৈ কৈছিল যদিও তেওঁ হাজিৰ নহ’ল। ইফালে অভিষেকক ইডিৰ চমনৰ পিছত তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুনাল ঘোষে কয়, ‘আমাৰ প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰাৰ লক্ষ্যৰে প্ৰতিবাদৰ পূৰ্বে অভিষেক বেনাৰ্জীলৈ চমন প্ৰেৰণ কৰা হৈছিল। সকলো কৌশল অৱলম্বন কৰি প্ৰতিবাদ ৰোধ কৰিব নোৱাৰাৰ পিছত এতিয়া তেওঁলোকে এনে লেতেৰা কৌশলৰ আশ্ৰয় লৈছে। বেনাৰ্জীক মাতি অনাটো লেতেৰা ৰাজনীতি আৰু অভিষেক ফ’বিয়াৰ উদাহৰণৰ বাহিৰে আন একো নহয়। উল্লেখযোগ্য যে ২ আৰু ৩ অক্টোবৰত তৃণমূল কংগ্ৰেছে ৰাষ্ট্ৰীয় ৰাজধানীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই সময়ছোৱাত তেওঁলোকৰ নেতাসকলক আটক কৰি ৰখা হৈছিল।

You might also like