যোৱা কেইটিমান দিনত মুক্তি লাভ কৰা অসমীয়া চিনেমা আৰু দর্শকৰ প্রতিক্রিয়ালৈ চালে কেইটিমান চকুত পৰা পৰিৱর্তন দেখা যায়, যিবোৰে অসমীয়া চিনেমাৰ পট পৰিৱর্তনৰ ইংগিত দিছে৷ সামাজিক মাধ্যমৰ জনপ্রিয়তা বৃদ্ধিয়ে অসমীয়া চিনেমা, গীত আৰু কিতাপৰ ওপৰত পেলোৱা প্রভাৱে পাঠক আৰু ব্যৱসায়ী উভয় পক্ষকেই পৰিৱর্তিত দৃশ্যপটৰ প্রতি সজাগ কৰি তুলিছে৷ এটা সময় আছিল যেতিয়া দর্শকে অসমীয়া ছবি চাবলৈ গৈছিল, কিন্তু নিজৰ মতামতৰ প্রকাশ বন্ধু–বান্ধৱৰ মাজতে সীমাবদ্ধ কৰি ৰাখিবলগীয়া হৈছিল৷ সেইবাবেই চিনেমা জগতখনত দর্শকৰ স্থান কেৱল দর্শক হিচাপেই আছিল৷ সামাজিক মাধ্যমৰ প্রসাৰৰ লগে লগে দর্শক চিত্রগৃহত প্রৱেশ কৰে দর্শক হিচাপে আৰু ওলাই আহে এজন সমালোচক অথবা ছবিখনৰ প্রচাৰক হিচাপে৷ এই কামটো কৰিবলৈ সামাজিক মাধ্যম তেওঁৰ হাতৰ মুঠিতেই আছে৷ দর্শকে চিনেমাখন ভাল পায় অথবা চিনেমাখনৰ তৰফৰ পৰা চলোৱা প্রচাৰত সন্মোহিত হৈ নিজেই ছবিৰ প্রচাৰত নামি পৰে আৰু এই প্রচাৰৰ লগত আৱেগক জডিত কৰিব পাৰিলে সেই প্রচাৰে ছবিৰ ব্যৱসায়ক ভালদৰে সহায় কৰিব পাৰে৷ এই সুবিধাটি কিমান প্রযোজকে ল’ব পাৰিছে, সেয়া অন্য এটি কথা৷ কিন্তু এনেধৰণৰ আৱেগিক প্রচাৰে যদি ঋণাত্মক ৰূপ লয়, তেনেস্থলত ই ক্ষতি কৰাৰ সম্ভাৱনাও বহু থাকে৷ কেতিয়াবা কেতিয়াবা একোখন ছবিত দর্শকৰ সংখ্যা হয় খুব কম আৰু সেই কথাটোৰ প্রচাৰে দর্শক কমোৱাতহে সহায় কৰে৷ সামাজিক মাধ্যমত ছবিৰ কথা আলোচনাত আগভাগ লোৱা অধিকাংশই ছবিৰ শিল্পমূল্যৰ পৰিৱর্তে ব্যৱসায়িক কথাতহে অধিক গুৰুত্ব দিয়ে৷ বিশেষকৈ ছবিৰ প্রচাৰ আৰু প্রদর্শনৰ ব্যৱস্থা, যিবোৰ সম্পূর্ণভাৱে ব্যৱসায়িক কথা, সেইবোৰৰ ওপৰতো মন্তব্য দিয়ে৷ বহু ক্ষেত্রত সেই মন্তব্যবোৰ ব্যৱসায়ৰ নীতি–নিয়ম নজনাকৈয়ে কৰা মন্তব্য৷ কোন বিতৰকে, কোন চিত্রগৃহই কোনখন ছবিক কেনেকৈ আৰু কিয় ছবি প্রদর্শনৰ ঠাই উলিয়াই দিয়ে, সেয়া তেওঁলোকৰ সম্পূর্ণ ব্যৱসায়িক লেনদেন৷ আৱেগত জঁপিয়াই উঠি সেইবোৰ বিষয়ত দিয়া অদৰকাৰী মন্তব্যবোৰৰ কোলাহলে ছবিৰ ব্যৱসায়িক পৰিৱেশ বিনষ্ট কৰে৷
কেইখনমান ছবিয়ে দর্শকক আপ্লুত কৰাৰ বিপৰীতে দর্শকৰ অভাৱত ছবি প্রদর্শন কৰিব নোৱাৰা অৱস্থাও সৃষ্টি হৈ আছে৷ দর্শকৰ অভাৱত ছবি চলাব নোৱাৰিলে চিত্রগৃহটোৱে চুক্তি মতে ভাৰাৰ পইচা পাব ঠিকেই, কিন্তু তাৰ বিনিময়ত চিত্রগৃহটোৰ স্বত্বাধিকাৰীয়ে পৰিৱেশটোৰ লগত বুজাপৰা কৰিব লগাত পৰে৷ চিনেমা এখনৰ সফল প্রদর্শন মানে অকল চিনেমাখনৰ ব্যৱসায়ৰ কথা নহয়, চিত্রগৃহটোৰ আশে–পাশে আৰু ভিতৰত থকা বহু ব্যৱসায়ীৰ কথাও তাৰ লগত জডিত হৈ থাকে৷ দর্শকশূন্য ছবি একোখনে অকল ছবিৰেই নহয়, অন্য ব্যৱসায়ৰো ক্ষতি কৰে, মুক্তিৰ অপক্ষোত থকা আন ছবিকো হতাশ কৰে৷ অসমীয়া ছবি প্রদর্শনৰ ক্ষেত্রত আৰু এটা সমস্যাই দেখা দিছে৷ যোৱা কিছু বছৰৰ পৰা কম বাজেটত বহু স্বতন্ত্র ছবি নির্মাণ হৈ আছে আৰু এই ছবিবোৰৰ নির্মাতাসকলে ছবি মুক্তি দিয়াৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হয় আৰু প্রধান সমস্যাটি হ’ল অর্থনৈতিক৷ স্বতন্ত্র ছবি নির্মাণ এই সময়ৰ দাবী আৰু এই ছবি বিতৰণৰ বাবেও চৰকাৰে কিবা এটা কৰা উচিত৷ কিছুমান এনে ছবিৰ নির্মাতাই নিজৰ ধৰণে ছবি প্রদর্শনৰ আয়োজন কৰে৷ অস্থায়ীভাৱে প্রেক্ষাগৃহ একোটাৰ ব্যৱস্থা কৰি ছবি প্রদর্শন কৰে আৰু এনেদৰে কৰি কিছু প্রযোজকে লাভো অর্জন কৰিছে৷ আনকি জ্যোতি চিত্রবনৰ ছবি প্রদর্শনৰ ব্যৱস্থাকো এনে কৌশলে সাঙুৰি লৈছে৷ ছবি প্রদর্শনৰ কিছুমান নীতি–নিয়ম আছে আৰু সেই নীতি–নিয়ম মতে জ্যোতি চিত্রবনৰ প্রেক্ষাগৃহটি ব্যৱসায়িক ছবি প্রদর্শনৰ বাবে নহয়৷ হয়তো অসমীয়া ছবিৰ অৱস্থাৰ প্রতি চাই আইনৰক্ষকসকলে এই নীতিবিৰুদ্ধ কাম নেদেখাৰ ভাও জুৰি আছে৷ কথা হ’ল, স্বতন্ত্র ছবিৰ বাবে অসম চৰকাৰে এনেধৰণৰ বিকল্প প্রদর্শন ব্যৱস্থা কৰিব পাৰে, তাৰ বাবে প্রয়োজন হ’লে আইনখন সংশোধন কৰি ল’বও পাৰি৷ যিসকল চিত্র নির্মাতাই ব্যৱসায়িক কাঠামোৰ পৰিৱেশন ৰীতিত ছবি মুক্তি দিবলৈ অসমর্থ, অন্ততঃ সেইসকল চিত্র নির্মাতাৰ বাবে এটা বিকল্প ব্যৱস্থা কৰাটো চৰকাৰৰ সাংস্কৃতিক দায়িত্ব৷