নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : টকাৰ বিনিময়ত নাগৰিকত্ব

বিশ্বৰ প্রাচীনতম গণতান্ত্রিক দেশ আমেৰিকা যুক্তৰাষ্ট্র৷ সর্বশক্তিমান ৰাষ্ট্রখনত ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পৰাই ড’নাল্ড ট্রাম্পে প্রব্রজন নীতি সন্দর্ভত কঠোৰ সিদ্ধান্ত গ্রহণ কৰি আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি পদত কার্যনির্বাহ কৰা ড’নাল্ড ট্রাম্পে শপতগ্রহণ কৰাৰ দিনাই প্রব্রজন নীতিত কঠোৰ পদক্ষেপ গ্রহণ কৰি দেশখনৰ পৰা অবৈধ প্রব্রজনকাৰীক বিতাড়নৰ প্রক্রিয়া আৰম্ভ কৰাৰ সমান্তৰালকৈ প্রব্রজনকাৰীৰ ক্ষেত্রতো কঠোৰ স্থিতি গ্রহণ কৰিছে৷ ইতিমধ্যে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকে আমেৰিকাত অবৈধভাৱে বসবাস কৰি থকাটো চিনাক্ত কৰি পর্যায়ক্রমে বিতাড়ন আৰম্ভ কৰিছে৷ ভাৰতৰো তিনি শতাধিক অবৈধ প্রব্রজনকাৰীক স্বদেশলৈ বিতাড়ন কৰিছে৷ বিশ্বজুৰি ৰাষ্ট্রপতি ট্রাম্পৰ প্রব্রজন নীতিক লৈ ব্যাপক চর্চা চলি থকাৰ মাজতেই এইবাৰ আমেৰিকাত বসবাস কৰি থকা প্রব্রজনকাৰীক টকাৰ বিনিময়ত নাগৰিকত্ব প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেইমর্মে ৰাষ্ট্রপতি ট্রাম্পে ‘গ’ল্ড কার্ড’ নামেৰে এক আঁচনি ঘোষণা কৰিছে৷ এই গ’ল্ড কার্ডৰ জৰিয়তে প্রব্রজনকাৰীয়ে মার্কিন নাগৰিকত্ব লাভৰ সুযোগ পাব৷ অর্থাৎ ৰাষ্ট্রপতি ট্রাম্পে প্রকাশ কৰা মতে গ’ল্ড কার্ড ক্রয় কৰিলে প্রব্রজনকাৰীয়ে নাগৰিকত্ব লাভ কৰিব৷ মন কৰিবলগীয়া যে ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰিয়েই প্রব্রজনকাৰী দম্পতীয়ে মার্কিন নাগৰিকত্ব লাভ নকৰে বুলি সিদ্ধান্ত গ্রহণ কৰিছিল৷ অর্থাৎ এই সিদ্ধান্ত অনুসৰি দেশখনত বসবাস কৰি থকা প্রব্রজনকাৰীৰ যদি কোনো এজন লোকৰ নাগৰিকত্ব আমেৰিকাত নাথাকে, তেতিয়াহ’লে তেনে দম্পতীৰ সন্তান নাগৰিকত্বৰ পৰা বঞ্চিত হ’ব৷ অর্থাৎ বছৰ বছৰ ধৰি বসবাস কৰি থকা প্রব্রজনকাৰী দম্পতীৰ সন্তানে নাগৰিকত্ব লাভ নকৰে৷ ইয়াৰ পৰিপ্রেক্ষিতত প্রব্রজনকাৰী দম্পতীৰ সন্তান আমেৰিকাৰ পৰা পিতৃ–মাতৃৰ দেশলৈ উভতি যাব লাগিব৷ এই কঠোৰ সিদ্ধান্ত ঘোষণা কৰাৰ পিছতেই দেশখনৰ বিভিন্ন প্রদেশত ৰাষ্ট্রপতি ট্রাম্পৰ প্রব্রজনকাৰী দম্পতীৰ বিৰুদ্ধে লোৱা সিদ্ধান্তক লৈ আদালতত গোচৰ ৰুজু কৰে৷ দেশখনৰ বিভিন্ন প্রান্তত শতাধিক গোচৰ ৰুজু হোৱাৰ সময়তে দেশখনৰে এখন আদালতে ৰাষ্ট্রপতি ট্রাম্পৰ এই সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে৷ অর্থাৎ পৰৱর্তী নির্দেশনা নিদিয়ালৈকে ৰাষ্ট্রপতি ট্রাম্পৰ এই সিদ্ধান্তত নিষেধাজ্ঞা জাৰি কৰা হয়৷ ইয়াৰ পিছতেই ৰাষ্ট্রপতি ট্রাম্পে নতুনকৈ প্রব্রজনকাৰীক সকাহ দিয়াৰ লক্ষ্যৰে টকাৰ বিনিময়ত নাগৰিকত্ব প্রদানৰ আঁচনি ঘোষণা কৰে৷

গ’ল্ড কার্ড নামেৰে প্রচলন হ’বলগীয়া এই আঁচনিৰ জৰিয়তে প্রব্রজনকাৰীয়ে ধনেৰে গ’ল্ড কার্ড ক্রয় কৰি মার্কিন নাগৰিকত্ব লাভ কৰিব৷ ৰাষ্ট্রপতি ট্রাম্পে ঘোষণা কৰা মতে ৫০ লাখ মার্কিন ডলাৰৰ বিনিময়ত প্রব্রজনকাৰীয়ে গ’ল্ড কার্ড ক্রয় কৰাৰ পিছত তেনে লোকে মার্কিন নাগৰিকত্ব লাভ কৰিব৷ এই সন্দর্ভত ৰাষ্ট্রপতি ট্রাম্পে যুক্তি প্রদর্শন কৰি কয় যে কোনো বিদেশী লোকে ৫০ লাখ মার্কিন ডলাৰত গ’ল্ড কার্ড ক্রয় কৰি আমেৰিকাত বসবাস কৰি বিনিয়োগ কৰিলে তেনে ব্যক্তিৰ পৰা চৰকাৰে কৰ লাভ কৰিব৷ গ’ল্ড কার্ড ক্রয় কৰি আমেৰিকাত সফল হ’লে সেই নাগৰিকত্ব লাভ কৰা ব্যক্তিৰ পৰা মার্কিন কোষাগাৰত কৰ জমা হ’ব৷ ইয়ে দেশৰ অর্থনীতি শক্তিশালী কৰিব৷ উল্লেখনীয় যে গ’ল্ড কার্ডৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রত স্থায়ীভাৱে বসবাস কৰাৰ বাবে ইবি–৫ বিনিয়োগকাৰীৰ ভিছা প্রচলন হৈ আছে৷ ৩০ বছৰ ধৰি প্রচলিত হৈ থকা ইবি–৫ ভিছাৰে এজন বিদেশী লোকে ১০ লাখ মার্কিন ডলাৰ বিনিয়োগ কৰি দেশখনত স্থায়ীভাৱে বসবাস কৰাৰ সুবিধা লাভ কৰে৷ এই ইবি–৫ ভিছাৰ স্থানত নতুনকৈ বলৱৎ কৰা হ’ল গ’ল্ড কার্ড৷ স্বাভাৱিক দৃষ্টিত গ’ল্ড কার্ডৰ জৰিয়তে ধনৱান প্রব্রজনকাৰীসকলে আমেৰিকা যুক্তৰাষ্ট্রত স্থায়ীভাৱে বসবাস কৰাৰ বাবে মার্কিন নাগৰিকত্ব লাভ কৰিব৷ ই একপ্রকাৰ ধনৱান প্রব্রজনকাৰীৰ বাবে সুখবৰ বুলিয়েই ক’ব পাৰি৷ কিয়নো আমেৰিকাত বসবাস কৰাৰ সপোন দেখা বিদেশী ৰাষ্ট্রৰ নাগৰিকে সহজতে ধনেৰে গ’ল্ড কার্ড ক্রয় কৰি নাগৰিকত্ব লাভ কৰিব পাৰিব৷ ৰাষ্ট্রপতি ট্রাম্পৰ এই সিদ্ধান্ত কিমান যুক্তিসংগত হৈছে, সেয়া বিবেচনাধীন৷ বিশ্বৰ সর্বশক্তিমান তথা প্রাচীনতম গণতান্ত্রিক ৰাষ্ট্রখনত টকাৰ বিনিময়ত নাগৰিকত্ব প্রদান কৰা আঁচনিয়ে নিশ্চয়কৈ চর্চাৰ বিষয় হোৱা উচিত৷ দেশৰ অর্থনীতি শক্তিশালী কৰিবলৈ প্রব্রজনকাৰীক গ’ল্ড কার্ড দিয়া ৰাষ্ট্রপতি ট্রাম্পৰ সিদ্ধান্ত কিমান সুদূৰপ্রসাৰী হ’ব, সেয়া সময়েহে সিদ্ধান্ত দিব৷

You might also like