মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ উঠা ভয়াৱহ সমস্যাৰ ভিতৰত অন্যতম জলবায়ু পৰিৱর্তন৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তনে আমি বাস কৰা গ্রহ পৃথিৱীৰ পাৰিপার্শ্বিকতাৰ লগতে পৰিৱেশৰ ভাৰসাম্যৰ ওপৰত প্রচণ্ড প্রভাৱ পেলোৱাত মানৱ জাতিৰ বাবে ই ক্রমান্বয়ে ভয়াৱহ হৈ উঠিছে৷ মানৱসৃষ্ট কাৰকৰ বাবে বায়ুমণ্ডলত সেউজগৃহ–বিশেষকৈ কার্বন–ডাই–অক্সাইডৰ্ মাত্রা বৃদ্ধি পোৱাৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাই আহিছে৷ এই গোলকীয় উষ্ণতাই জলবায়ু পৰিৱর্তনৰ ওপৰত ব্যাপক প্রভাৱ পেলোৱাত পৃথিৱীত এতিয়া প্রকৃতিৰ ওপৰত অভাৱনীয় নেতিবাচক প্রভাৱ পৰিছে৷ জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই জলবায়ু সন্মিলন আয়োজন কৰি আহিছে৷ দশক দশক ধৰি জলবায়ু সন্মিলন আয়োজন কৰি গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ চুক্তিত স্বাক্ষৰ কৰা হয় যদিও ই শেহলৈ প্রহসনত পৰিণত হয়৷ প্রধানতঃ উন্নত দেশসমূহে জলবায়ু চুক্তি ৰূপায়ণত হোঁহকা–পিছলা কৰাই নহয়, উন্নয়নশীল দেশ–নুন্নত দেশলৈ এই জলবায়ু চুক্তি ৰূপায়ণৰ প্রক্রিয়া ঠেলি দিব বিচাৰে৷ পেৰিছ জলবায়ু চুক্তি অনুসৰি গোলকীয় উষ্ণতা প্রাক্ ঔদ্যোগিক কালৰ তুলনাত ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখাৰ বাবে জীৱাশ্ম ইন্ধন কম ব্যৱহাৰত গুৰুত্ব দিয়া হয়৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্র, চীন আদিৰ দৰে উন্নত দেশসমূহে জীৱাশ্ম ইন্ধন ব্যৱহাৰত কোনো ধৰণৰ হীন–ডেঢ়ি নঘটায়৷ অর্থাৎ জীৱাশ্ম ইন্ধনতে প্রাধান্য দি থকাত পেৰিছ জলবায়ু চুক্তি প্রহসনত পৰিণত হয়৷ ইয়াৰ পৰৱর্তী গ্লাছগো জলবায়ু চুক্তি সম্পন্ন হয় যদিও ইও এতিয়ালৈকে সঠিকভাৱে ৰূপায়িত হোৱা নাই৷ জেনেভাত ১৯৯৩ চনৰ পৰা ৰাষ্ট্রসংঘই জলবায়ু চুক্তি কৰি বায়ুমণ্ডলত কার্বন–ডাই–অক্সাইডৰ্ মাত্রা হ্রাস কৰাৰ প্রচেষ্টা চলাই আহিছে যদিও ই কার্যতঃ ভেঁকো–ভাওনাত পৰিণত হৈছে৷
ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন সন্মিলন তথা ২৮সংখ্যক কনফাৰেঞ্চ অৱ পার্টিজ চমুকৈ ক’প–২৮ অহা ৩০ নৱেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ’ব৷ পূর্বৰ জলবায়ু সন্মিলনৰ দৰেই ডুবাইৰ ক’প–২৮ক লৈও বিশ্বৰ প্রকৃতিপ্রেমী আশাবাদী যদিও এই সন্মিলনত অংশগ্রহণ কৰা উন্নত দেশসমূহৰ দুমুখীয়া নীতিয়ে জলবায়ু পৰিৱর্তনৰ প্রধান কাৰক গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ গ্রহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণ কৰাত ইতিবাচক ভূমিকা ল’ব নে নল’ব সেয়া চর্চাৰ বিষয়৷ পেৰিছ জলবায়ু চুক্তি ২০৩০ চনৰ ভিতৰত ৰূপায়ণ কৰিব বুলি জী–২০ দেশৰ কোনো উন্নত দেশে এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্রতিশ্রুতি প্রদান কৰা নাই৷ এনে পৰিপ্রেক্ষিতত ডুবাইত অনুষ্ঠিত ক’প–২৮ত জলবায়ু চুক্তি সন্দর্ভত যি সিদ্ধান্ত লোৱা হ’ব, সেই সিদ্ধান্তসমূহ কিমানদূৰ সহূদয়তাৰে ৰূপায়ণৰ ক্ষেত্রত উন্নত দেশে আগভাগ ল’ব সেয়া প্রশ্ণৰ বিষয় হৈ উঠিছে৷ প্রধানতঃ উন্নত দেশে উন্নয়নশীল দেশৰ ওপৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰাৰ ক্ষেত্রত পৰোক্ষভাৱে হেঁচা প্রয়োগ কৰি আহিছে৷ বিশ্বৰ বহুকেইখন দেশে পেৰিছ জলবায়ু চুক্তি ৰূপায়ণ কৰাৰ ক্ষেত্রত গুৰুত্ব দিছিল যদিও উন্নত দেশসমূহৰ বাবে সেই দেশসমূহেও এতিয়া সেই চুক্তিক একাষৰীয়া কৰি ৰাখিছে৷ ডুবাইত অনুষ্ঠিত হ’বলগীয়া ক’প–২৮ত কি সিদ্ধান্ত ল’ব সেয়া এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্রকাশ কৰা হোৱা নাই৷ অৱশ্যে, প্রথমবাৰৰ বাবে এই জলবায়ু সন্মিলনত মানৱ স্বাস্থ্য বিষয়টো উত্থাপিত হ’ব৷ জলবায়ু পৰিৱর্তনৰ বাবে প্রকৃতিৰ পাৰিপার্শ্বিক ভাৰসাম্যৰ হীন–দেঢ়ি ঘটাত মানৱীয় স্বাস্থ্যৰ ওপৰতো প্রচণ্ড প্রভাৱ পৰিছে৷ এই সন্মিলনত বিশ্বৰ সকলো দেশৰ মুৰব্বীয়ে অংশগ্রহণ কৰাৰ কথা আছে যদিও আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ অংশগ্রহণৰ অনিশ্চয়তা চর্চিত হৈছে৷ ইয়ে ডুবাইত অনুষ্ঠিত ক’প–২৮ৰ সফলতাৰ ওপৰত প্রশ্ণৰ অৱতাৰণা কৰিছে৷