নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ই–আৱর্জনা

আধুনিক মানৱৰ ব্যৱহূত আধুনিক প্রযুক্তিৰ সামগ্রীসমূহৰ পেলনীয়া এতিয়া পৃথিৱীৰ বাবে সমস্যা হৈ গৈ আছে৷ ইলেক্ট্রনিক সামগ্রী বিশেষকৈ কম্পিউটাৰ, ম’বাইল ফোনৰ প্রযুক্তিৰ দ্রুত উন্নয়নে পৃথিৱীত ইলেক্ট্রনিক আৱর্জনা অথবা ই–আৱর্জনা ক্ষণে ক্ষণে বৃদ্ধি কৰি আছে৷ ৪–জিৰ পর্যায়লৈকে উন্নীত হোৱাৰ সময়তে অনেক ইলেক্ট্রনিক সঁজুলি–যন্ত্র, সামগ্রীক পেলনীয়া শাৰীত পেলাইছে৷ শেহতীয়াভাৱে ৫–জি প্রযুক্তিৰ সফল পৰীক্ষণ হ’ল আৰু ইয়ে বিশ্বৰ বজাৰ দখল কৰিব৷ বৃদ্ধি পাব ই–আৱর্জনা৷ আধুনিক মানৱে সদায়ে নতুন নতুন উদ্ভাৱনী শ্রেষ্ঠ যন্ত্র, সামগ্রী বিচৰা ধাৰণাৰ বাবেই প্রযুক্তিৰ দ্রুত উন্নতন হৈ আছে৷ এনে উন্নয়নে জীৱন যাপন বিলাসী–সুবিধাজনক কৰে, এশ শতাংশ সঁচা৷ কিন্তু পৰোক্ষভাৱে আমাৰ পৃথিৱীখনৰ পৰিৱেশ–পার্শ্বিকতাত্ প্রচণ্ড আঘাত হানি আছে৷ নিত্য নতুন ই–সামগ্রীৰ প্রচলনে পুৰণিখিনিক পেলনীয়াৰ ৰূপত দলিয়াই দি আছে৷ পৃথিৱীত ই–আৱর্জনাৰ দম দিনে দিনে বৃদ্ধি হৈছে৷ তথ্য মতে, দক্ষিণ আফ্রিকা আৰু চীনত পুৰণি কম্পিউটাৰৰ আৱর্জনা ২০০৭ চনৰ পৰা ২০০ৰ পৰা ৪০০ শতাংশলৈ বৃদ্ধি পাইছে৷ আশ্চর্যজনকভাৱে ভাৰতত ৫০০ শতাংশ বৃদ্ধি পাইছে৷ আমেৰিকা যুক্তৰাষ্ট্রত প্রতিবছৰে ৩০০ মিলিয়ন কম্পিউটাৰ আৰু ইউৰোপত প্রতি বছৰে ১০০ মিলিয়ন ম’বাইল ফোন ই–আৱর্জনাত পৰিণত হয়৷ ইলেক্ট্রনিক ডিভাইচৰ চাহিদা মানুহৰ মাজত বৃদ্ধি পোৱাৰ বাবে ই–আৱর্জনাৰ পৰিমাণ বৃদ্ধি পাইছে৷ এক তথ্য মতে, বার্ষিক ৫০ মিলিয়ন টন ই–আৱর্জনা মহাসাগৰত জমা হয় আৰু প্রতিৰোধ নকৰিলে ২০৫০ চনলৈকে ইয়াৰ পৰিমাণ ১২০ মিলিয়ন টন হ’বগৈ৷ বার্ষিক ৫০ মিলিয়ন টনৰ পৰিমাণ যদি জুকিয়াই চোৱা হয়, তেতিয়া হ’লে মানৱ সভ্যতাৰ ইতিহাসত আজিলৈকে যিমান পৰিমাণৰ বাণিজ্যিক বিমান নির্মাণ কৰা হৈছে তাৰ সমান৷ বিশ্ববিশ্রুত আইফেল টাৱাৰ ৪,৫০০টা নির্মাণ কৰিব পৰা যাব৷ ইণ্টাৰনেট সেৱাৰ সৈতে সংযোগ কৰিবলৈ প্রয়োজনীয় সামগ্রী বিশেষকৈ স্ক্রীন, কেব্ল, চিপছ আৰু মাদাৰব’ডৰ পৰিমাণ বিশ্বৰ জনসংখ্যাতকৈ অনেক বেছি৷

ই–আৱর্জনাই সমস্যাৰ ৰূপত পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই অনাৰ প্রতি লক্ষ্য ৰাখি ‘ৰি–ইউজ অৱ ইলেক্ট্রনিক ডিভাইচ (ই–চাইক্লিং) প্রক্রিয়াৰ অভিযান চলাইছে যদিও ই কার্যত সফল হোৱাৰ ক্ষেত্রত অনেক প্রতিবন্ধকতাৰ সন্মুখী হৈ আছে৷ গোলকীয় ই–আৱর্জনাৰ মাত্র ২০ শতাংশহে পুনৰ ব্যৱহাৰযোগ্য কৰিবলৈ সক্ষম হৈছে৷ ৮০ শতাংশ মাটি অথবা পানীত আৱর্জনা হৈ পৰে৷ কেইবাসহস্র টন ই–আৱর্জনা বিশ্বৰ দৰিদ্র শ্রমিকে হাতেৰে ভাঙি পেলায় কিম্বা জুইত পুৰি পেলায়৷ এনে কৰাৰ ফলত বায়ু–ভূমি–জলত প্রদূষণৰ মাত্রা বৃদ্ধি পাই আহিছে৷ ইলেক্ট্রনিক সামগ্রী উৎপাদনৰ শক্তিশালী ৰাষ্ট্র চীনৰ অর্থনীতিৰ কেন্দ্রস্বৰূপ গুৱাংডং প্রদেশত ৰি–চাইক্লিং চেণ্টাৰ স্থাপন কৰি ই–আৱর্জনা নিয়ন্ত্রণৰ পদক্ষেপ লৈছে৷ বিশ্বৰ বৃহত্তম ই–আৱর্জনাৰ স্থান হিচাপে পৰিচিত চীনে প্রদেশখনৰ গাঁওসমূহত ৫০০০তকৈ অধিক কাৰখানা গঢ়ি তুলিছে৷ প্রতিদিনে বিভিন্ন প্রান্তৰ সংগৃহীত ১০০ টন হার্ড ডিস্ক, ম’বাইল ফোন, কম্পিউটাৰ স্ক্রীন আৰু কম্পিউটাৰ চিপছ পুনৰ নির্মাণ কৰে৷ প্রাৰম্ভিক দৃষ্টিত ই ইতিবাচক যদিও চৰকাৰৰ কঠোৰ নীতিৰ অভাৱত এই কাৰখানাবোৰৰ পৰা বর্জিত দূষিত পদার্থই পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ পেলাই আছে৷ নদীত পৰা বিষাক্ত বর্জিত পদার্থই জল প্রদূষিত কৰি তুলিছে আৰু মানৱ স্বাস্থ্যৰ ক্ষতি কৰি আছে৷ তাতোকৈ পৰিতাপৰ কথা যে কাৰখানাত কর্মৰত শ্রমিকে অবিজ্ঞানসন্মত পদ্ধতিৰে শাৰীৰিক শ্রম কৰি থকাত ৰুগ্ণ হৈ গৈ আছে৷ এনে কাৰণতেই চীনৰ পুনৰ নির্মাণক লৈ প্রশ্ণ উত্থাপন হৈছে৷ ৬.১ মিলিয়ন টন ই–আৱর্জনাৰে বিশ্বৰ ভিতৰত দ্বিতীয় ই–আৱর্জনা উৎপাদনত ভূমিকা লৈ থকা চীনে পুনৰ নির্মাণৰ নীতিৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি বিশ্বজুৰি গৱেষক–বিজ্ঞানীসক মত প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে ৭.২ মিলিয়ন টন ই–আৱর্জনাৰ উৎপাদনকাৰী আমেৰিকা যুক্তৰাষ্ট্রই শীর্ষত আছে৷ যাৰ মূল্য ৬২.৫ বিলিয়ন মার্কিন ডলাৰ৷ ই–আৱর্জনা বৃদ্ধিক ৰাষ্ট্রসংঘই ছুনামি বুলি অভিহিত কৰি বিশ্বৰ দেশসমূহক শীঘ্রেই ই–আৱর্জনাক লৈ ফলপ্রসূ নীতি গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ পৃথিৱীৰ বাবে প্রত্যাহ্বান হৈ পৰা ই–আৱর্জনাৰ সমস্যা সমাধান কৰিবলৈ পুনৰ ব্যৱহাৰযোগ্য অথবা পুনৰ নির্মাণ পদ্ধতিক শক্তিশালী নীতিৰ প্রাসংগিকতা আহি পৰিছে৷ ই–আৱর্জনা ব্যৱস্থাপনা নীতিক শ্রেষ্ঠৰ পৰা শ্রেষ্ঠত্বৰ ৰূপে গঢ়ি তুলিব লাগিব৷ এই নীতিতে সেউজ মানৰ পদ্ধতিক আগস্থান দিব লাগিব৷ যাৰ জৰিয়তে সমস্যাটো সমাধান কৰিব পৰা যাব আৰু ইয়াৰ দ্বাৰা সংস্থাপন, অর্থনৈতিক স্থিতি, শিক্ষা আৰু বাণিজ্যৰ নতুন আর্হিও সৃষ্টি হ’ব৷ ইতিমধ্যে ৬৭ দেশে ই–আৱর্জনাৰ সৈতে মোকাবিলা কৰিবলৈ আইন প্রয়োগ কৰিছে৷ ই শুভ লক্ষণ

You might also like