আজি নাৰীৰ বিৰুদ্ধে হিংসা নির্মূল দিৱস৷ সমগ্র বিশ্বতে ২০০০ চনৰ পৰা চৰকাৰ, আন্তঃৰাষ্ট্রীয় সংস্থা আৰু বেচৰকাৰী সংস্থাসমূহে মহিলাৰ ওপৰত হোৱা হিংসাৰ প্রতি জনসজাগতা বৃদ্ধিৰ বাবে এই দিৱস পালন কৰি আহিছে৷ কিন্তু ২৩ বছৰে পালন কৰা এই দিৱসে নাৰীৰ বিৰুদ্ধে হিংসা হ্রাস কৰিবলৈ সক্ষম হোৱাটো বাদেই, নাৰীৰ বিৰুদ্ধে ন ন প্রকাৰৰ হিংসাৰ ঘটনাহে পঢ়িবলৈ, শুনিবলৈ পোৱা যায৷ ভাৰতত নাৰীৰ বিৰুদ্ধে হিংসাৰ ঘটনা অতি উদ্বেগজনক হাৰত বৃদ্ধি পাইছে৷ নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৰ তথ্য অনুসৰি ২০১১ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ২,২৮,৬৫০টাতকৈও অধিক ঘটনাৰ তথ্য পঞ্জীয়ন হোৱাৰ হোৱাৰ বিপৰীতে ২০২১ চনত ৪,২৮,২৭৮টা ঘটনাৰ তথ্য পঞ্জীয়ন হৈছে৷ নাৰীৰ ওপৰত হোৱা হিংসাক এতিয়া জনস্বাস্থ্যৰ সমস্যা আৰু বিশ্বব্যাপী তাৎপর্যপূর্ণ মানৱ অধিকাৰ উলংঘা হিচাপে স্বীকৃতি দিয়া হৈছে৷ নাৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়ৰে অৱনতিৰো এটা কাৰক তেওঁলোকৰ ওপৰত হোৱা হিংসা৷ নাৰীৰ ওপৰত হিংসা শব্দটোৱে জীৱনকালত মহিলা আৰু এগৰাকী ছোৱালীৰ ওপৰত হোৱা বহুতো নির্যাতনক ইংগিত দিয়ে৷ হিংসাত্মক কার্য–আত্মনির্দেশিত হওক, আন্তঃব্যক্তিগত বা সামূহিক হওক, সাধাৰণতে শাৰীৰিক, যৌন বা মানসিক হিচাপে শ্রেণীভুক্ত কৰা হয়৷ বঞ্চনা আৰু অৱহেলাক মানসিক নির্যাতনৰ ৰূপ বুলি ধৰিব পাৰি৷ কিন্তু এই বিভিন্ন ৰূপবোৰে প্রায়ে ইটোৱে সিটোৰ লগত ক্রিয়া কৰে আৰু আচৰণৰ এক জটিল আর্হি গঠন কৰে, য’ত কিছুমান পৰিৱেশৰ বাবে মানসিক হিংসাক শাৰীৰিক বা যৌন নির্যাতনৰ সৈতে সংযুক্ত কৰা হয়৷ ভাৰতৰ মহিলাৰ বিৰুদ্ধে হিংসাৰ ওপৰত গুৰুত্ব কেৱল ধর্ষণৰ দৰে অধিক প্রচাৰিত অপৰাধৰ ওপৰতহে দিয়া হয়৷
পিতৃতান্ত্রিক মানসিকতা ভাৰতৰ বহু নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ প্রধান কাৰণ৷ পৰিয়ালৰ সদস্য বা পতিৰ দ্বাৰা সংঘটিত ঘৰুৱা হিংসা হৈছে মহিলাৰ ওপৰত হোৱা হিংসাৰ অন্যতম৷ তথাপি ইয়াক কেতিয়াও জনস্বাস্থ্যৰ প্রতি ভাবুকি হিচাপে চোৱা হোৱা নাই, য’ত প্রাথমিক চিকিৎসাৰ পৰা আৰম্ভ কৰি মানসিক স্বাস্থ্যসেৱা আৰু দীর্ঘম্যাদী যত্নলৈকে এক পৰিসৰৰ চিকিৎসা সেৱাৰ প্রয়োজন হয়৷ ভাৰতত ৩%তকৈ অধিক মহিলাৰ হত্যা বর্তমানৰ বা পূর্বৰ সংগীয়ে সংঘটিত কৰে বুলি নেচনেল ক্রাইম ৰেকর্ডছ ব্যুৰ’ৱে প্রকাশ কৰিছে আৰু সমগ্র বিশ্বৰ আত্মহত্যা কৰা মহিলাৰ ৩% ভাৰতীয় মহিলা৷ হার্ভার্ড স্কুল অৱ পাব্লিক হেল্থৰ গৱেষণাত এই কথা প্রকাশ পাইছে৷ ভাৰতত ঘৰুৱা হিংসা আর্থ–সামাজিক অৱস্থাৰ ওপৰত নির্ভৰ কৰে বুলি ক’ব নোৱাৰি৷ অধ্যয়নত দেখা গৈছে যে আর্থিকভাৱে সচ্চল, অধিক শিক্ষিত মহিলাসকলৰ পৰিয়াল বা সংগীৰ দ্বাৰা নির্যাতনৰ সম্ভাৱনা বেছি৷ সকলোতকৈ ভয়াৱহ কথা হ’ল যে যৌন হিংসাৰ সন্মুখীন হোৱা প্রায় ৯৯.% ভাৰতীয় মহিলা আইনৰ কাষ নাচাপে, বিশেষকৈ যেতিয়া অপৰাধী স্বামী হয়৷ এক হিচাপ অনুসৰি ভাৰতত লিংগভিত্তিক হিংসাই ২ কোটি ৭৫ লাখতকৈ অধিক মহিলাক প্রভাৱিত কৰে৷ ক’ভিড মহামাৰীৰ পিছত নাৰীৰ ওপৰত ঘৰুৱা হিংসাৰ পৰিমাণ সমগ্র বিশ্বতে বৃদ্ধি পাইছে৷ শেহতীয়াকৈ মহিলা আৰু শিশু উন্নয়ন মন্ত্রালয়ে যৌন নির্যাতন আৰু ঘৰুৱা হিংসাৰ বলি হোৱা লোকসকলক সহায় কৰাৰ উদ্দেশ্যৰে বিষয়াসকলৰ বাবে এক প্রশিক্ষণ কার্যসূচী আৰম্ভ কৰিছে৷ হিংসা প্রতিৰোধৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিত স্থানীয় স্বাস্থ্যসেৱা আৰু সম্প্রদায়সমূহে কেন্দ্রীয় ভূমিকা ল’ব পাৰে৷ এই বিষয়টোৰ ওপৰত মুকলিকৈ আলোচনা কৰাটো নাৰীৰ ওপৰত হোৱা হিংসাৰ প্রতি সমাজৰ সহনশীলতা হ্রাস কৰাৰ এক উপায়৷ আমি আশা কৰোঁ আজিৰ পৰাই আৰম্ভ হওক নাৰীৰ ওপৰত হোৱা হিংসা নির্মূলৰ এক নতুন যাত্রা৷