নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : এনডিএৰ হেটট্রিক

৪০০ আসন অতিক্রম কৰিব নোৱাৰিলে৷ নাইবা বিজেপিয়ে এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতাও লাভ কৰিবলৈ সক্ষম নহ’ল৷ তথাপি অষ্টাদশ লোকসভা নির্বাচনত বিজয় সাব্যস্ত কৰি দেশৰ ইতিহাসত একেৰাহে তৃতীয়বাৰলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত এনডিএই প্রথম অকংগ্রেছী চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছে৷ এই সম্পাদকীয় স্তম্ভ যুগুতোৱা পৰলৈ বেছিভাগ আসনৰ ফলাফল ঘোষণা হোৱা নাই যদিও যি পূর্বাভাস পোৱা গৈছে, তাৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰি দিল্লীত একেৰাহে তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ সুযোগ পাইছে৷ হয়তো এনডিএৰ আসনৰ সংখ্যা ৩০০ৰ তলত সীমাবদ্ধ থাকিব পাৰে৷ কিন্তু ৫৪৩ আসনৰ লোকসভাত সংখ্যাগৰিষ্ঠতা প্রমাণৰ বাবে প্রয়োজনীয় ২৭২ আসনৰ সীমা সহজে অতিক্রম কৰিব এনডিএই৷ ইফালে, বিৰোধী ‘ইণ্ডিয়া’ জোঁটে এইবাৰ লোকসভা নির্বাচনত এনডিএক তীব্র প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছে৷ বিশেষকৈ দেশৰ লোকসভা নির্বাচনৰ বাবে গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত উত্তৰ প্রদেশত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি তথা এনডিএ৷ সমাজবাদী পার্টী আৰু কংগ্রেছ নেতৃত্বাধীন জোঁটে উত্তৰ প্রদেশত এইবাৰ বিজেপিৰ দুর্গত কঁপনি তুলিবলৈ সক্ষম হৈছে৷ এই সম্পাদকীয় স্তম্ভ যুগুতোৱা পৰলৈ উত্তৰ প্রদেশত ৮০খন আসনৰ ভিতৰত ৪৫খনত ‘ইণ্ডিয়া’ জোঁটে অগ্রগতি লোৱাৰ বিপৰীতে এনডিএ জোঁটে ৩৪খনত আৰু অন্য দলে এখন আসনত অগ্রগতি লাভ কৰিছে৷ উল্লেখনীয় যে ইয়াৰ ভিতৰত বাৰানসীত প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰায়বেৰেলিত ৰাহুল গান্ধী বিজয়ী হোৱা বুলি ঘোষণা কৰিছে নির্বাচন আয়োগে৷ লক্ষণীয়ভাৱে উত্তৰ প্রদেশৰ গুৰুত্বপূর্ণ সমষ্টি আমেথিত এইবাৰ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে কর্ণাটক, তেলেংগানা আদি ৰাজ্যত এইবাৰ বিজেপিয়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ মধ্যপ্রদেশ আৰু গুজৰাটত বিজেপিৰ দুর্গ অক্ষত আছে৷ এই দুয়োখন ৰাজ্যত ‘ইণ্ডিয়া’ জোঁটৰ প্রত্যাহ্বান শূন্য বুলি ক’লে ভুল কৰা নহয়৷ ইফালে, ওড়িশাত সুফল লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে৷ গেৰুৱা দলটোৱে ৰাজ্যখনৰ বিধানসভা নির্বাচনতো দীর্ঘদিনীয়া বিজু জনতা দল (বিজেডি) চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰি প্রথমবাৰলৈ ৰাজ্যখনত চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছে৷ লোকসভা নির্বাচনতো ওড়িশাত বিজেপিয়ে আশা কৰা ধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু বিহাৰত নীতিশ কুমাৰৰ জেডিইউৱে লোকসভা নির্বাচনৰ পূর্বে এনডিএত চামিল হোৱাৰ ফলত ‘ইণ্ডিয়া’ জোঁট মোক্ষম আঘাতৰ সন্মুখীন হয়৷ ৰাজ্যখনৰ ৪০খন আসনৰ ভিতৰত ৩৩খন আসনতে অগ্রগতি লাভ কৰিছে এনডিএ জোঁটে৷ কংগ্রেছ আৰু আৰজেডি নেতৃত্বাধীন ‘ইণ্ডিয়া’ জোঁটে মাত্র সাতখন আসনত ৰাজ্যখনত অগ্রগতি লৈ থকা দেখিবলৈ পোৱা গৈছে৷ ইফালে, মহাৰাষ্ট্রত ‘ইণ্ডিয়া’ জোঁটে তীব্র প্রত্যাহ্বান সৃষ্টি কৰি অধিকসংখ্যক আসনত বিজয় সাব্যস্ত কৰাৰ দিশে অগ্রসৰ হৈছে৷

উত্তৰ–পূর্বাঞ্চলতো বিজেপি তথা এনডিএ জোঁটে প্রত্যাশিত ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমত ১৪খন আসনৰ ভিতৰত এই সম্পাদকীয় স্তম্ভ যুগুতোৱা পৰলৈ ১০খনত বিজয় নিশ্চিত হৈছে এনডিএ জোঁটৰ৷ তাৎপর্যপূর্ণ বিষয়টো হৈছে দীর্ঘদিনৰ পাছত এনডিএ জোঁটত থকাৰ সুবাদতেই আঞ্চলিক দল অগপৰ প্রার্থী এগৰাকীয়ে লোকসভালৈ নির্বাচিত হোৱাৰ সুযোগ লাভ কৰিছে৷ আনফালে, প্রায় ২০ বছৰ পূর্বে জন্মলাভ কৰা এআইইউডিএফৰ এইবাৰ লোকসভা নির্বাচনত বিজয়ৰ ধাৰাত প্রতিৰোধ লাগিছে৷ ইয়াৰ উপৰি ইউপিপিএল দলে এনডিএত যোগদান কৰিয়েই লোকসভা নির্বাচনত এখন আসনত বিজয়ৰ সুফল লাভ কৰিবলৈ সক্ষম হ’ল৷ ইফালে, কংগ্রেছে তিনিখন আসনত বিজয় প্রায় নিশ্চিত কৰিছে যদিও এখন আসনত কংগ্রেছ আৰু বিজেপিৰ তীব্র প্রতিদ্বন্দ্বিতা চলি আছে৷ লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ সন্ধিয়া বিভিন্ন সংবাদ সংস্থাই এগ্জিট প’লৰ যি সমীক্ষা প্রকাশ কৰিছিল, সেয়া বাস্তৱৰ ফলাফলত অশুদ্ধ বুলি প্রমাণিত হৈছে৷ লক্ষণীয়ভাৱে পশ্চিমবংগক লৈ এগ্জিট প’লৰ সমীক্ষাত যি ইংগিত দিয়া হৈছিল, তাৰ সম্পূর্ণ ওলোটা ছবি দেখিবলৈ পোৱা গৈছে ভোটগণনাৰ দিনাখন৷ পূর্বতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্রেছে৷ অৱশ্যে ইয়াৰ মাজতো বিজেপি তথা এনডিএৰ বাবে কেইবাটাও সন্তুষ্টিৰ খবৰ আছে৷ বিজেপিৰ বাবে প্রথম সুখৰ খবৰটো হৈছে যে দক্ষিণৰ ৰাজ্য অন্ধ্রপ্রদেশত চন্দ্রবাবু নাইডুৰ তেলেগু ডেশম পার্টী (টিডিপি) আৰু অভিনেতা তথা ৰাজনীতিক পৱন কল্যাণৰ জনসেনাৰ সৈতে বিজেপিয়ে মিত্রতা কৰি ৰাজ্যখনৰ বিধানসভা নির্বাচনতো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ অন্ধ্রপ্রদেশত লোকসভা আৰু বিধানসভা নির্বাচনত এনডিএই যি চমকপ্রদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, তাৰ দ্বাৰা ভৱিষ্যতে দক্ষিণৰ ৰাজ্যসমূহত বিজেপিৰ লহৰ সবল হৈ পৰিব বুলি আশা কৰিব পাৰি৷ লক্ষণীয়ভাৱে অৰুণাচল প্রদেশৰ বিধানসভা নির্বাচনতো বিজেপিয়ে বৃহৎ সফলতা লাভ কৰিছে৷ একেৰাহে উত্তৰ–পূবৰ ৰাজ্যখনত দুবাৰকৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে৷ গুৰুত্বপূর্ণ বিষয়টো হৈছে অৰুণাচল প্রদেশত প্রতিদ্বন্দ্বিতা অবিহনে ১০গৰাকী বিজেপি প্রার্থীৰ বিজয় নিশ্চিত হৈছিল৷ এইবাৰ নির্বাচনত বিজেপিয়ে এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ক্ষেত্রত ব্যর্থ হোৱাৰ ফলত এনডিএৰ অন্যতম অংশীদাৰ টিডিপি, জেডিইউ আদিৰ ওপৰত অধিক নির্ভৰশীল হ’ব লাগিব দলটো৷ বিশেষকৈ চৰকাৰ গঠনৰ ক্ষেত্রত এই দলবোৰৰো গুৰুত্বপূর্ণ ভূমিকা থাকিব৷ তথাপি স্বাধীন ভাৰতৰ ইতিহাসত অকংগ্রেছী ৰাজনৈতিক জোঁট এটাই একেৰাহে তৃতীয়বাৰ নির্বাচনত জয়লাভ কৰি ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱাটো গুৰুত্বপূর্ণ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ ইয়াৰ পূর্বে কোনো অকংগ্রেছী দল বা মর্চাই এনেদৰে একেৰাহে লোকসভা নির্বাচনত তৃতীয়বাৰলৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাছিল৷ সেই দিশৰ পৰা চাবলৈ গ’লে বিজেপিৰ এই বিজয়ৰ অন্যতম খনিকৰ হিচাপে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নামেই উল্লেখ কৰিব লাগিব৷ কাৰণ মোদীৰ বাবেই বিজেপি তথা এনডিএৰ বিজয় নিশ্চিত হৈ পৰিছে৷

You might also like