মানুহ আৰু কংক্রিটৰ ভিৰত দোঁ খাই পৰা গুৱাহাটী চহৰখনত আৰু কেইখনমান নতুন নতুন উদ্যান নির্মাণৰ পৰিকল্পনা গ্রহণ কৰা বুলি বাতৰি প্রকাশ পাইছে৷ তেনেকুৱা খবৰৰ মাজতে আছে যে চানমাৰি অঞ্চলত থকা চৰকাৰী অফিচ এটা স্থানান্তৰ কৰি তাত এখন উদ্যান নির্মাণ কৰা হ’ব৷ কিন্তু চৰকাৰৰ শেহতীয়া কিছু কামৰ পৰা দেখা গৈছে যে উদ্যান মানেই কিছু কংক্রিট আৰু লোহাৰ কিছু নতুন নির্মাণ৷ কিন্তু সামাজিক–মানসিক স্বাস্থ্যৰ গৱেষক পণ্ডিতসকলৰ মতে নগৰ অঞ্চলত মানুহৰ প্রয়োজনীয় উদ্যান হ’ল সেউজীয়া উদ্যান, যি উদ্যান হ’ব পাৰে প্রকৃতিৰ তেনেই ওচৰ চপা৷ ‘নিয়মীয়া বার্তা’ৰ পূর্বৰ কেইবাটিও সম্পাদকীয় স্তম্ভত দোহাৰি থকা হৈছিল যে গুৱাহাটীৰ মাজমজিয়াৰ পৰা চৰকাৰী অফিচবোৰ স্থানান্তৰ কৰি তাত জনসাধাৰণৰ স্বাস্থ্যৰ সহায় হ’ব পৰাকৈ উদ্যান স্থাপন কৰিব লাগে৷ এটা সম্পাদকীয়ত লিখা হৈছিল– ‘গুৱাহাটীৰ মাজত খালী হ’ব পৰা আটাইবোৰ ঠাইকেই নতুন নির্মাণেৰে ভাৰাক্রান্ত নকৰি তাক নির্মল প্রাকৃতিকস্থলীলৈ ৰূপান্তৰ কৰাটোহে চহৰখনৰ বাবে মংগলজনক হ’ব৷ গুৱাহাটীৰ মাজমজিয়াৰ এডোখৰত বহুমহলীয়া শ্বপিং মল খুলিলে বহুতৰে লাভ হ’ব, কিন্তু সেই ঠাইখণ্ড প্রাকৃতিক অৰণ্য এখনলৈ ৰূপান্তৰিত কৰিলে অকল মানুহৰে নহয়, পৰিৱেশৰো ভাবিব নোৱৰা লাভ হ’ব৷ অৱশ্যে সেই লাভ অর্থনৈতিক হিচাপেৰে কৰিব পৰা নাযাব৷’ কংক্রিট আৰু লোহাৰ নির্মাণ, তাৰ লগত চকুৰ বাবে পীডাদায়ক আলোকসজ্জা– এই আটাইবোৰৰ পাপচক্রত আধুনিক উদ্যানবোৰ মানসিক অশান্তি আৰু আতংকৰ কাৰণ হৈ উঠিছে৷ উদ্যান এখনৰ মূল কাম হ’ল– নাগৰিক জীৱনৰ জীৱন ধাৰণৰ মান উন্নীতকৰণত সহায় কৰা৷ কিন্তু গুৱাহাটীৰ নৱনির্মিত বা পুনৰসজ্জিত উদ্যান অথবা পুৰণি পুখুৰীৰ নৱজন্ম প্রদান কামবোৰত থাকিবলগীয়া সামাজিক–সাংস্কৃতিক– দায়িত্ববোধৰ প্রতিফলন ঘটা নাই৷ প্রতিটো কামকেই বিভাগীয় মন্ত্রী অথবা মুখ্যমন্ত্রীয়ে চোৱাটো সম্ভৱ নহয়৷ সেইবোৰ কামৰ বাবে বিষয়া আছে৷ যি বিষয়াৰ হাতত সেই কামৰ দায়িত্ব আছে তেওঁ কামটো নাজানিবও পাৰে, কিন্তু জনা মানুহৰ সহায় লোৱাটো তেওঁৰ কামৰ ভিতৰতে পৰে৷ এগৰাকী বিষয়াৰ অজ্ঞতাৰ অহংকাৰৰ বাবে ৰাজ্যখনৰ একো একোটা সম্পদ নষ্ট হৈ যোৱা কথাটো গ্রহণীয় নহয়৷
এই পৰিৱেশৰ মাজতো আশাৰ সম্ভাৱনা এটা দেখা গৈছে যে মুখ্যমন্ত্রীয়ে ঘোষণা কৰা মতে গুৱাহাটীৰ বৰবাৰী অঞ্চলত এখন নগৰীয়া অৰণ্য গঢ়ি তোলা হ’ব৷ নগৰীয়া অৰণ্যৰ মূল ধাৰণা হ’ল পৰিৱেশ ডন্নত কৰাৰ ডদ্দেশ্য আগত ৰাখি নগৰীয়া পৰিৱেশত একক গছ যত্ন আৰু পৰিচালনা কৰা আৰু গছৰ সংখ্যা বৃদ্ধি কৰা৷ এই অৰণ্যই ঠাইখনৰ জলবায়ু আৰু নাগৰিকৰ স্বাস্থ্যত প্রভাৱ পেলায়৷ ‘নিয়মীয়া বার্তা’ৰ এই স্তম্ভত এই কথা বহুবাৰ কোৱা হৈছে যে অকল গুৱাহাটীয়েই নহয়, অসমৰ আটাইবোৰ সৰু–ডাঙৰ নগৰতে সেউজ উদ্যান বা বননিৰ কথা চৰকাৰে গুৰুত্ব সহকাৰে ল’ব লাগে৷ অসম চৰকাৰে চানমাৰিত যিখন ৰাজহুৱা উদ্যান নির্মাণৰ আঁচনি লৈছে, সি সঁচাকৈয়ে প্রয়োজনীয়৷ গুৱাহাটীৰ জনসংখ্যাৰ তুলনাত ৰাজহুৱা মুকলি ঠাইৰ পৰিমাণ তেনেই কম৷ গুৱাহাটীৰ মাজমজিয়াত থকা চৰকাৰী অফিচবোৰ দূৰলৈ নিয়াৰ যি প্রক্রিয়া চলি আছে, সেই প্রক্রিয়াই গুৱাহাটীৰ মাজমজিয়াত কিছু খালী ঠাইৰ সৃষ্টি কৰিব৷ সেই ঠাইবোৰত আধুনিক উদ্যান নির্মাণৰ পৰিৱর্তে ঠাইবোৰক প্রাকৃতিক সেউজ ভূখণ্ডলৈ ৰূপান্তৰিত কৰিব লাগে৷ চানমাৰিত খালী হ’বলগীয়া ঠাইখিনিত মিয়াৱাকি পদ্ধতিৰ অৰণ্য এখন কৰাহে অধিক সময়োপযোগী হ’ব৷ প্রাকৃতিক ধৰণে প্রস্তুত কৰা এই অৰণ্য জৈৱ–বৈচিত্র্য ৰক্ষাৰ অন্যতম আশ্রয়স্থলী হৈ পৰে৷ চৰকাৰে অকল মানুহৰ কথা ভাবিলেই নহয়, ৰাজ্যখনৰ অভয়াৰণ্যবোৰৰ বাহিৰত থকা জীৱ–জন্তুৰ কথাও চিন্তা কৰিব লাগিব৷ মিয়াৱাকি অৰণ্যত থকা গছৰ ঘনত্বই গুৱাহাটীৰ চৰাই–চিৰিকটি–পোক– আদিক খাদ্য আৰু আশ্রয়স্থলী প্রদান কৰিব৷ গুৱাহাটীৰ মাজমজিয়াত এনে অৰণ্য সৃষ্টিয়ে জৈৱ–বৈচিত্র্য ৰক্ষা কৰাৰ লগতে ঠাইখনৰ সৌন্দর্য বৃদ্ধি কৰিব আৰু চৌপাশৰ পৰিৱেশ সকলোৰে বাবে অধিক ডপভোগ্য কৰি তুলিব৷ চৰকাৰে এই কথাটো গভীৰভাৱে বিবেচনা কৰাৰ প্রয়োজন আছে৷