ক’ভিডকালৰ আগলৈকে পূজাৰ সমার্থক আছিল বিভিন্ন কাকত–আলোচনীৰ বিশেষ সংখ্যাবোৰ৷ ক’ভিডে বাতৰিকাকত, আলোচনীৰ বজাৰ সংকুচিত কৰি দিলে, বহু আলোচনীৰ প্রকাশ বন্ধ হৈ গ’ল আৰু পূজা সংখ্যাই সৃষ্টি কৰা বৌদ্ধিক বিনোদনৰ আলোডনৰো সমাপ্তি ঘটিল৷ আধ্যাত্মিক আৰু ধর্মীয় আচাৰৰ দিশটো বাদ দিলেও পূজাৰ সময়খিনিৰ বিশেষত্ব সকলোৱে অনুভৱ কৰে৷ দ্রুতগতিত চলি থকা ব্যস্ত জীৱনৰ হুলস্থূলে পাহৰাই দিব খোজে মানুহৰ অস্তিত্বলৈ গভীৰতা আৰু সমৃদ্ধি কঢ়িয়াহ অনা সৰল আনন্দবোৰৰ অনুভৱ৷ পূজাৰ সময়খিনি ডৎসৱৰ সময়, নিয়মীয়া কামৰ পৰা বিৰতি লোৱা সময় আৰু সেই বিৰতিৰ সময়ৰ উদ্যাপনৰ এটা দিশ আছিল সমকালীন সাহিত্যৰ জগতখনত নিজকে বিলীন কৰাৰ আনন্দ৷ পূজাৰ ডৎসৱৰ দিনকেইটাত মানুহে পঢ়া–শুনা হয়তো কমকৈ কৰে, কিন্তু পূজা বুলিয়েই নতুন নতুন বস্তু কিনাৰ আনন্দত এই বিশেষ সংখ্যা কিনাৰ আনন্দকো সংলগ্ণ কৰি লয়৷ ঠিক তেনেদৰে লেখকসকলেও বহুদিনৰ আগৰ পৰাই পূজা সংখ্যাৰ বাবে লিখিবলৈ আৰম্ভ কৰে, প্রকাশন গোষ্ঠীসমূহৰ ব্যস্ততা বাঢ়ে আৰু সকলো মিলি এটা সৃষ্টিশীল উৎসৱৰ পৰিৱেশ ৰচনা হয়৷ পূজাৰ এই সাহিত্যৰ পৰিৱেশ এনে এক সিদ্ধান্ত, যিয়ে বিভিন্ন ধৰণে বিভিন্নজনৰ জীৱন সমৃদ্ধ কৰিব পাৰে৷ পূজাৰ দৰে ডৎসৱৰ সময়বোৰ অকল জিৰণিৰ সময় নহয়, মানসিক চাপ, অন্তহীনবাধ্য–বাধক আৰু প্রতিশ্রুতিৰে ক্লান্তিকৰো হৈ উঠে৷ পূজাৰ সাহিত্যই ক্লান্ত মনক বহিঃজগতৰ বিশৃংখলতাৰ পৰা পলায়নৰ সুবিধা প্রদান কৰে৷ ডপন্যাসৰ পৃষ্ঠাৰ মাজেৰেহ হওক, কবিতাৰ শাৰীৰে হওক, সাহিত্যহ পাঠকক বিভিন্ন জগতত সোমাহ কল্পনাশক্তিক নিয়োজিত কৰিবলৈ অনুমতি দিয়ে৷
কিন্তু ইমানবোৰ ধনাত্মক বৈশিষ্ট্য থকাৰ পিছতো অসমত পূজাৰ সাহিত্যৰ পৰম্পৰাৰ লহৰ স্তিমিত হৈ অহাটো পৰিলক্ষিত হৈছে৷ দুই–এক সংবাদ–পত্রই সীমিতভাৱে হ’লেও এই ধাৰাবাহিকতা বর্তাই ৰখাৰ ব্যৱস্থা কৰিছে৷ ক’ভিডৰ পিছত বাতৰিকাকত, আলোচনীৰ প্রতি মানুহৰ হাবিয়াস কমি যোৱা মানসিক স্থিতিৰ প্রতিফলন হিচাপে গ্রহণ কৰি সকলোৱে কথাটি সামৰি থৈ দিলে৷ সঁচা কথা ক’ভিডে জনজীৱনৰ কঁকাল ভাঙি দিছিল, কিন্তু তাৰ পিছতো মানুহ থিয় দি উঠিছে৷ ক’ভিডে সলনি কৰিব দিয়া মানসিকতাৰ প্রতিফলন নঘটিলেও পুৰণি ধৰণেই কিন্তু বাতৰিকাকত চলিয়েই আছে৷ বন্ধ হৈ যোৱা চিনেমা হল খোল খাইছে, বহু চিনেমা নির্মাণ হৈয়েই আছে, অসমীয়া চিনেমাই কোটি কোটি টকাৰ ব্যৱসায় কৰিছে৷ গ্রন্থমেলাৰ সংখ্যা বাঢ়িছে, কিতাপ প্রকাশ–উন্মোচন বাঢ়িছে, পুৰস্কাৰ–সন্মান বাঢ়িছে৷ সামগ্রিকভাৱে সাংস্কৃতিক জগতখন পূর্বৰ তুলনাত অধিক স্পন্দনময় হৈ উঠিছে, কেৱল পূজাৰ বতৰৰ সাহিত্যৰ সাংস্কৃতিক লহৰটিৰ অনুপস্থিতিয়ে পৰিৱেশত একধৰণৰ বিষাদময় শূন্যতাৰ সৃষ্টি কৰিছে৷ পৃথিৱীত কোনো কথা বা অভ্যাসেই চিৰস্থায়ী হৈ থাকিব বুলি ভবাটো অযুক্তিকৰ৷ কিন্তু যিবোৰ সাংস্কৃতিক কাম–কাজে মানুহক নিজস্ব গৰিমাৰে জীয়াই থকাৰ কাৰক হিচাপে কাম কৰে, সময়ৰ সোঁতত সেইবোৰৰ ৰূপ সলনি হ’লেও তাৰ ধাৰাবাহিকতা ৰক্ষাৰ প্রয়োজন থাকে৷ উৎসৱৰ স’তে পঢ়াৰ যি এক সম্বন্ধ আছিল সেই সম্বন্ধই এটা সুস্থিৰ আৰু পূর্ণতাপূর্ণ জীৱন–যাপনক নেপথ্যৰ পৰা সহায় কৰিছিল৷ ই মানুহৰ মনক সমৃদ্ধ কৰাহ নহয়, দ্রুতগতিত পৰিৱর্তিত পৃথিৱীখনত আমাক এক স্থিৰতাৰ অনুভূতিও প্রদান কৰিছিল৷ উৎসৱ মানেই মানৱীয় আৱেগ আৰু সম্বন্ধৰ কথা৷ সাহিত্যৰ জৰিয়তেও মানৱীয় আৱেগ আৰু সম্পর্কৰ জটিলতাসমূহ অন্বেষণ কৰিব পাৰি, যি পূজা উপলক্ষে আদৃত হোৱা সাহিত্যৰ অন্যতম সবল শক্তি৷ পূজা সাহিত্য বুলি ক’লেই অকল পূজাৰ সময়ত পঢ়া কথাকে কোৱা নহয়, ই এক আলংকৰিক প্রকাশহে৷ পূজাৰ দৰে ধর্মীয় উৎসৱৰ লগত সাহিত্যৰ সম্বন্ধ একধৰণৰ আধ্যাত্মিক উপলব্ধি৷ সংবাদ গোষ্ঠীসমূহে পূজাৰ সাহিত্যৰ কামটো অধিক মনোযোগেৰে লোৱাটো এটা সামাজিক কর্তব্য হিচাপে বিবেচনা কৰা উচিত৷