নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সংঘাতজর্জৰ অঞ্চলৰ শিশুৰ শিক্ষা

মানৱ জীৱনত শিক্ষাৰ গুৰুত্ব অস্বীকাৰ কোনে কৰিব পাৰে৷ শিক্ষা মানুহৰ মৌলিক অধিকাৰ৷ কিন্তু পৃথিৱীৰ ভিন্ন ঠাইত ভিন্ন সময়ত হোৱা যুদ্ধ–বিগ্রহে প্রভাৱিত কৰি আহিছে সেই অঞ্চলবোৰৰ শিশু, কিশোৰ, যুৱক–যুৱতীৰ শিক্ষাৰ অধিকাৰক৷ ৰাষ্ট্রসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাই সমগ্র বিশ্বক সকীয়াই দিছে যে জৰুৰীকালীন অৱস্থাৰ পাকচক্রত জীৱন সোমাই পৰা শিশু, কিশোৰ তথা যুৱক–যুৱতীৰ বাবে শিক্ষা কেৱল শিকি যোৱাৰ ধাৰাবাহিক প্রক্রিয়া নহয়, ই তেওঁলোকক পৰিৱেশ স্বাভাৱিক হৈ থকাৰ অনুভৱ প্রদান কৰাৰ লগতে এক পৃথক ভৱিষ্যতৰ চাবিকাঠী প্রদান কৰে৷ শিক্ষাৰ মাধ্যমেৰে লাভ কৰা জ্ঞান, দক্ষতা আৰু সমর্থনে বিপর্যয়ৰ মাজতো জীয়াই থকাৰ সাহস প্রদান কৰাৰ লগতে বহনক্ষম ভৱিষ্যতৰ দিশে বিশ্বক নেতৃত্ব দিব পাৰে৷ দুর্বল শ্রেণী যেনে– নাৰী, প্রব্রজনকাৰী, শৰণার্থী আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে শিক্ষা এক অমোঘ অস্ত্র৷ শিক্ষাগ্রহণৰ স্থানসমূহ শিশু, ছাত্র আৰু শিক্ষাবিদসকলৰ বাবে সদায় সুৰক্ষিত হ’ব লাগে৷ কিন্তু দুর্ভাগ্যজনকভাৱে কোনো দেশত সংঘর্ষজর্জৰ পৰিৱেশ সৃষ্টি হ’লেই আক্রমণকাৰীসকলে লক্ষ্য কৰি লয় শিক্ষানুষ্ঠানসমূহক৷ শিক্ষানুষ্ঠানৰ ওপৰত আক্রমণৰ ফলত ছাত্র–ছাত্রী আৰু শিক্ষকৰ ওপৰত গুৰুতৰ, দীর্ঘম্যাদী শাৰীৰিক আৰু মানসিক প্রতিক্রিয়া হ’ব পাৰে৷ আক্রমণে পাঠদান আৰু শিক্ষণ স্থগিত ৰাখিব পাৰে, ছাত্র–ছাত্রীৰ মাজত বিদ্যালয় এৰি দিয়াৰ হাৰ যথেষ্ট বৃদ্ধি কৰিব পাৰে আৰু ছাত্র–ছাত্রীক গুণগত শিক্ষাৰ অধিকাৰ লাভৰ পৰা বঞ্চিত কৰিব পাৰে৷ শিশু আৰু সশস্ত্র সংঘাতৰ সচিবপ্রধান (এছ আৰ এছ জিৰ) বিশেষ প্রতিনিধি ভার্জিনিয়া গাম্বাই কৈছে– ‘বিদ্যালয় আৰু চিকিৎসালয়ৰ দৰে অসামৰিক আন্তঃগাঁথনিৰ সুৰক্ষাৰ প্রতি দেশবোৰৰ অৱজ্ঞাই প্রায়ে অসামৰিক আৰু সামৰিক বাহিনীৰ মাজত পার্থক্য নির্ধাৰণত বাধাৰ সৃষ্টি কৰে৷ শিক্ষানুষ্ঠানত সামৰিক ব্যৱহাৰ অব্যাহত ৰখাটো গভীৰভাৱে আমনিদায়ক’৷

গাম্বাই লগতে কয় যে শিশু সুৰক্ষাৰ বাবে জৰুৰীভাৱে সাহসী আৰু দৃঢ় পদক্ষেপ গ্রহণ কৰা প্রয়োজন৷ শিশু সুৰক্ষাৰ ক্ষেত্রত আন্তঃৰাষ্ট্রীয় সহমত সৃষ্টি কৰিব লাগিব আৰু লগতে আন্তঃৰাষ্ট্রীয় আইনৰ প্রতি সন্মানো প্রদর্শন কৰিব লাগিব৷ তেওঁৰ মতে, শিশুৰ বিৰুদ্ধে হোৱা আইন উলংঘা হ্রাস আৰু প্রতিৰোধৰ একমাত্র বহনক্ষম উপায় হৈছে সংঘাতৰ শান্তিপূর্ণ সমাধান বিচাৰি তাক আঁকোৱালি লোৱা৷ প্রতিবছৰে ৯ ছেপ্ঢেম্বৰৰ দিনটো সমগ্র বিশ্বই ‘আক্রমণৰ পৰা শিক্ষাক ৰক্ষা কৰিবলৈ আন্তঃৰাষ্ট্রীয় দিৱস’ হিচাপে পালন কৰি আহিছে৷ সংঘাতৰ ফলত সদায় অধিক ক্ষতিগ্রস্ত হয় দেশসমূহত বসবাস কৰা লাখ লাখ শিশু আৰু নাৰী৷ তেনে অঞ্চলত বাস কৰা শিশুসকলৰ দুর্দশাৰ প্রতি সজাগতা সৃষ্টি কৰিবলৈ ইউনেস্কো আৰু ইউনিচেফক আহ্বান জনাই ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ সর্বসন্মতিক্রমে এই দিৱসটো আৰম্ভ কৰা হৈছিল৷ ৬২খন দেশৰ সহযোগত কাটাৰ ৰাজ্যই এই দিৱস ঘোষণা কৰা প্রস্তাৱটো দাখিল কৰে৷ সাধাৰণ পৰিষদৰ প্রস্তাৱটোৱে ঘোষণা কৰে যে সকলো শিক্ষার্থীক, বিশেষকৈ দুর্বল পৰিস্থিতিত থকাসকলক সকলো স্তৰতে সর্বাংগীণ আৰু সমতাপূর্ণ গুণগত শিক্ষা নিশ্চিত কৰাটো চৰকাৰসমূহৰ প্রাথমিক দায়িত্ব৷ লগতে সশস্ত্র সংঘাতৰ পৰিস্থিতিত শিক্ষাৰ দিশত মানৱীয় জৰুৰীকালীন অৱস্থাত বিদ্যালয়, শিক্ষার্থী আৰু শিক্ষাকর্মীসকলক আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ সকলো সম্ভৱপৰ ব্যৱস্থা গ্রহণ কৰি, শিশুৰ শিক্ষাৰ সুবিধাত বাধা দিয়া কার্যৰ পৰা বিৰত থাকিবলৈ আৰু বিদ্যালয়ত প্রৱেশৰ সুবিধা প্রদান কৰিবলৈ সকলো সম্ভৱপৰ ব্যৱস্থা গ্রহণ কৰি মানৱীয় জৰুৰীকালীন অৱস্থাত নিৰাপদ আৰু সুৰক্ষামূলক বিদ্যালয়ৰ পৰিৱেশ বর্তাই ৰাখিবলৈ পুঁজি বৃদ্ধি কৰাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ ইউনেস্কো আৰু ইউনিচেফে ৰাষ্ট্রসংঘৰ ভিতৰৰ আৰু বাহিৰৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে বার্ষিক দিৱস পালনৰ সুবিধা প্রদান কৰি আহিছে৷ সংঘাত প্রভাৱিত দেশসমূহৰ সন্মুখত থাকি ৰাষ্ট্রসংঘৰ সত্তাসমূহে দীর্ঘদিন ধৰি সদস্য ৰাষ্ট্রসমূহক সংকটৰ সময়ত সকলোৰে বাবে গুণগত শৈক্ষিক সুযোগ–সুবিধা প্রদান কৰাৰ ক্ষেত্রত সহায় কৰি আহিছে৷ এইক্ষেত্রত উল্লেখ্য যে ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে বিশেষকৈ ইউক্রেইন, ইজৰাইল, পেলেষ্টাইন, ম্যানমাৰ আৰু আফগানিস্তানত বিদ্যালয় আৰু চিকিৎসালয়ত আক্রমণৰ ঘটনা যথেষ্ট বৃদ্ধি হৈছে৷ ৰাষ্ট্রসংঘৰ সমীক্ষাত প্রকাশ পাইছে যে শিশু হত্যা বা শিশুৰ বিৰুদ্ধে গুৰুতৰ আইন উলংঘা কৰাৰ বাবে চৰকাৰী আৰু ৰাষ্ট্রবিৰোধী উভয় বাহিনীয়েই জগৰীয়া৷ গাজা, ছিৰিয়ান আৰব ৰিপাব্লিক, ইউক্রেইন আৰু য়েমেনৰ দৰে জনবসতিপূর্ণ অঞ্চলত বিস্ফোৰক অস্ত্রৰ ব্যৱহাৰৰ ফলত বিদ্যালয় আৰু চিকিৎসালয়ৰ যথেষ্ট ক্ষতিসাধন হৈছিল৷ ইউনেস্কো, ইউনিচেফ আৰু ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ এই মহান পদক্ষেপে সংঘাতজর্জৰ অঞ্চলৰ শিশুসকলকো জীৱনৰ জয়গান গাবলৈ সক্ষম কৰিব বুলি আশা কৰিব পাৰি৷

You might also like