নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পুথিভঁৰালৰ নৱজাগৰণ

অসমৰ পুথিভঁৰালবোৰৰ অৱস্থা উন্নীত কৰিবলৈ অসম চৰকাৰে কেইবাটিও অভিলাষী পৰিকল্পনা হাতত লৈছে৷ অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ৰ তত্ত্বাৱধানত থকা জিলা আৰু মহকুমা পুথিভঁৰালবোৰৰ উন্নতি সাধন কৰা হ’ব৷ পুৰণি হৈ যোৱা, মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ যোৱা ঘৰবোৰ নতুনকৈ বান্ধি উলিওৱা অতি প্রয়োজন৷ তাৰ লগত কিতাপ–পত্র, কম্পিউটাৰ, ইণ্টাৰনেট আদিৰো কথা আছে৷ আধুনিক ধাৰণামতে পুথিভঁৰাল অকল কিতাপ পঢ়া ঠাই নহয়, ই তথ্য বিনিময়ৰ এক সামাজিক ক্ষেত্র৷ পুথিভঁৰালত কিতাপৰ সমানেই ইণ্টাৰনেট সংযুক্ত থকা কম্পিউটাৰ আৰু তথ্যভাণ্ডাৰবোৰৰ বাবে প্রয়োজনীয় প্রৱেশাধিকাৰ থাকিব লাগিব৷ জিলা পুথিভঁৰালবোৰৰ লগত একোটা প্রেক্ষাগৃহও থাকে যিবোৰ হয়তো বিশেষ পৰিকল্পনা হাতত নোলোৱাকৈয়ে নির্মাণ কৰা হৈছিল৷ এই প্রেক্ষাগৃহবোৰ অকল মিটিঙৰ বাবেই নহয়, নাটক, চিনেমা প্রদর্শন আদিৰ উপযোগীকৈ নির্মাণ কৰাটো জৰুৰী৷ অসমৰ প্রতিখন ঠাইতেই এনেকুৱা প্রেক্ষাগৃহৰ অভাৱ সকলোৱে অনুভৱ কৰি আহিছে৷ অকল জিলা পুথিভঁৰালেই কিয়, মহকুমা পুথিভঁৰালবোৰৰ লগতো এনেকুৱা একোটা প্রেক্ষাগৃহ থকাটো বর্তমান সময়ৰ দাবী৷ চৰকাৰে এই দাবীৰ কথা উপলব্ধি কৰাটো উচিত৷ যি সময়ত অসম চৰকাৰে জিলা আৰু মহকুমা পুথিভঁৰালবোৰৰ পৰিকল্পনা কৰিছিল সেই সময়ত হয়তো সময়ৰ দাবী তেনেকুৱাই আছিল৷ সেই পৰিকল্পকসকলৰ অভিজ্ঞতা আৰু জ্ঞান নিশ্চয় সীমিত আছিল, নহ’লে কোনো ধৰণৰ কামত নহা একোটা বিৰাট প্রেক্ষাগৃহ চৰকাৰে নির্মাণ নকৰিলেহেঁতেন৷ এতিয়া জ্ঞান আৰু তথ্য বিস্ফোৰণৰ সময়ত চৰকাৰে উপযুক্ত লোকৰ পৰামর্শ গ্রহণ কৰি ভৱিষ্যমুখী দৃষ্টিৰে পুথিভঁৰালবোৰৰ কামত আগবঢ়া উচিত হ’ব৷ কেন্দ্রীয় চৰকাৰৰ অনুদানেৰে অসমৰ স্কুলবোৰৰ পুথিভঁৰালবোৰৰ আধুনিকীকৰণৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে৷ অসমৰ প্রায় আঢ়ৈহাজাৰখন স্কুলক কুৰি লাখকৈ টকা দিয়া হ’ব৷ ইয়াৰে ষোল্ল লাখ টকা দুটা কোঠা নির্মাণৰ বাবে আৰু বাকী চাৰি লাখ টকা কিতাপ কিনাৰ বাবে৷ এখন স্কুলৰ পুথিভঁৰালৰ বাবে চাৰি লাখ টকাৰ কিতাপ তেনেই কম নহয়৷ কিন্তু কথা হ’ল এই কিতাপবোৰ কোনে নির্বাচন কৰিব৷

স্কুলীয়া ছাত্র–ছাত্রীৰ উপযোগী কিতাপ নির্বাচন কৰিবলৈ বিশেষভাৱে শিক্ষিত আৰু দায়িত্ববোধ থকা নির্বাচকৰ প্রয়োজন হ’ব৷ অসম চৰকাৰে এনেকুৱা ধৰণৰ কাম বিশেষ গুৰুত্বসহকাৰে লোৱা দেখা নাযায়৷ সেইবাবেই জিলা পুথিভঁৰালবোৰত স্নাতক মহলাৰ কম দামী সহায়িকা পুথিও দেখা যায়৷ শ্বেইক্সপীয়েৰৰ নাটক এটা পুথিভঁৰালৰ বাবে দৰকাৰী কিতাপ, কিন্তু স্নাতক মহলাৰ বাবে লেখা সেই নাটকৰ সহায়িকা চৰকাৰী পুথিভঁৰালে কিনাৰ কিবা যুক্তি থাকিব পাৰেনে? আন কিছুমান নির্বাচকে নিজৰ বা বন্ধু–বান্ধৱৰ কিতাপ নির্বাচন কৰাতহে অধিক গুৰুত্ব দিয়ে৷ তেনেকুৱা নির্বাচকে স্কুলৰ বাবে দিয়া চাৰি লাখ টকাৰ প্রতি সুবিচাৰ কৰিব পাৰিবনে বাৰু? এই কিতাপ নির্বাচনৰ দায়িত্ব সর্বশিক্ষা অভিযান বিভাগক দিয়া হৈছে৷ এটা সময়ত সর্বশিক্ষাৰ ‘অপাৰেচন ব্লেকবোর্ড’ৰ নামত কিতাপ ৰচনা আৰু প্রকাশৰ মহাযজ্ঞ চলিছিল আৰু সেই যজ্ঞৰ শেষত কিতাপৰ নামত অদ্ভুত সামগ্রীৰ উৎপাদন হৈছিল৷ সেই কিতাপৰ বাবে পানীৰ দৰে টকা বৈ গৈছিল৷ সেই একেই বিভাগে এইবাৰ কি ফল প্রসৱ কৰে তাৰ ওপৰত চোকা দৃষ্টি ৰখাটো উচিত হ’ব৷ দুহেজাৰখন স্কুলৰ বাবে একোখন কিতাপৰ দুহেজাৰ কপীৰ প্রয়োজন হ’ব৷ অসমৰ প্রকাশক একোগৰাকীৰ বাবে এই খবৰ অতি উৎসাহজনক৷ দুশ কপী কিতাপেৰে একোটা সংস্কৰণ প্রকাশ কৰা প্রকাশকে একোখন কিতাপ দুহেজাৰ কপী ছপোৱাটো এক বিৰল অভিজ্ঞতা হ’ব৷ স্কুলৰ এই কোঠা নির্মাণ, কিতাপ ক্রয় আদি কাম মার্চ মাহৰ ভিতৰতে সম্পূর্ণ হ’ব লাগিব৷ অসমৰ প্রকাশকে কিতাপৰ অর্ডাৰ যদি সময়মতে লাভ নকৰে, তেনেহ’লে কিতাপ যোগান দিয়া অসম্ভব হ’ব৷ চৰকাৰে পইচা দি কোঠা নির্মাণ কৰি দিলেই পুথিভঁৰাল সম্পূর্ণ নহয়৷ ই এটা ধাৰাবাহিক কাম৷ এই কাম সম্পূর্ণ কৰিব স্কুলৰ শিক্ষকসকলেহে৷ সকলো শিক্ষকেই এই কামত সমানে উপযুক্ত নহ’ব পাৰে, সেইটোৱেই স্বাভাৱিক৷ কিন্তু ছাত্র–ছাত্রীসকলৰ বাবে ইমান ডাঙৰ অভিলাষী আঁচনিৰ লগত পুথিভঁৰাল পৰিচালনা আৰু অধ্যয়ন স্পৃহা বঢ়োৱাৰ কৌশল শিকোৱা কর্মশালা–প্রশিক্ষণ এটিৰো প্রয়োজন আছে৷ চৰকাৰৰ দায়িত্বশীল বিষয়াই এই কথাটি নিশ্চয় অনুভৱ কৰিব৷

You might also like