নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বহিঃবিশ্বত জীৱৰ সন্ধান

বিশ্বব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে অহৰহ মহাকাশ অভিযান চলাই থকা বিজ্ঞানীসকলে পৃথিৱীৰ বাহিৰে আন কোনো গ্রহত জীৱৰ অস্তিত্ব আছেনে নাই, তাক লৈও গৱেষণা চলাই আছে৷ গৱেষণাৰ সমান্তৰালকৈ মহাকাশ অভিযানত বিজ্ঞানীসকলে পৃথিৱীৰ বাহিৰে সৌৰজগতৰ আন গ্রহত জীৱৰ অস্তিত্ব আছেনে নাই, সেয়াও অধ্যয়ন কৰি আছে৷ আমি বাস কৰা পৃথিৱীৰ বাবে সৌৰজগতৰ আন গ্রহ কিম্বা বিশ্বব্রহ্মাণ্ডৰ অন্য কোনো নক্ষত্র কিম্বা গ্রহত জীৱৰ অস্তিত্বক লৈ পৃথিৱীৰ সাধাৰণ জনতা যিমান উৎসুক, তাতকৈ অধিক উৎসুক হৈ আছে মহাকাশ বিজ্ঞানী আৰু গৱেষকসকল৷ বিগত কেইবাটাও দশক ধৰি আমি বাস কৰা গ্রহটিৰ বাবে আন ঠাইত জীৱৰ অস্তিত্ব আছেনে নাই, তাক লৈ অধ্যয়ন চলাই আছে৷ সৌৰজগতৰ আন এটি গ্রহ মঙল গ্রহত পানীৰ অস্তিত্বৰ সন্ধান পোৱা বুলি বিজ্ঞানীসকলে ইতিপূর্বে প্রাৰম্ভিক তথ্য লাভ কৰিছিল যদিও পিছলৈ তাক লৈ কিছু দ্বিধাৰ সৃষ্টি হয়৷ ৰঙাগ্রহটিত পানীৰ উপস্থিতিয়ে জীৱৰ অস্তিত্বক ইংগিত দিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু দিন বাগৰাৰ লগে লগে ৰঙাগ্রহটিত জীৱৰ সন্ধান চলাই থকা বিজ্ঞানী আৰু গৱেষকসকলে এইক্ষেত্রত কিছু দ্বিধাত উপনীত হয়৷ কিয়নো মঙল গ্রহলৈ যান প্রেৰণ কৰাৰ পিছতো উক্ত গ্রহটিত জীৱৰ অস্তিত্ব নিশ্চিত হোৱা নাই৷ বিগত গৱেষণাসমূহত পৃথিৱীক বাদে আন গ্রহত জীৱৰ অস্তিত্ব থাকিব পাৰে বুলি ধাৰণা কৰি অহা হৈছে৷ বিজ্ঞানী আৰু গৱেষকসকলে পৃথিৱীৰ বাহিৰে আন স্থানত জীৱৰ অস্তিত্বৰ সন্ধানত অহোপুৰুষার্থ কৰি আছে যদিও ই সফল হোৱা নাই৷ মন কৰিবলগীয়া যে পৃথিৱীৰ বাহিৰে আন গ্রহত প্রাণী থাকিব পাৰে বুলি বিভিন্ন কল্প কাহিনীৰ সৃষ্টি হৈ আছে৷ ইয়াক একেছাটে এতিয়ালৈকে নস্যাৎ কৰিব পৰা নাই৷ পৃথিৱীত বসবাস কৰি থকা জীৱশ্রেষ্ঠ মানুহৰ দৰে আন ঠাইতো প্রাণী থাকিব পাৰে বুলি একধৰণৰ চর্চা চলি নথকা নহয়৷ বহিঃবিশ্বৰ প্রাণীৰ অস্তিত্বক লৈ গৱেষণা চলাই থকাৰ সমান্তৰালকৈ পৃথিৱীৰ বাহিৰে বিশ্বব্রহ্মাণ্ডৰ আন কোনো স্থানত জীৱৰ অস্তিত্বৰ সন্ধান অব্যাহত ৰাখিছে৷ পূর্বৰ সকলো ধাৰণাক অতিক্রম কৰি শেহতীয়াভাৱে গৱেষকৰ দল এটাই পৃথিৱীৰ বাহিৰে আন এটা গ্রহত জীৱৰ অস্তিত্বৰ প্রবল সম্ভাৱনা লাভ কৰিছে৷ পূর্বৰ সকলোতকৈ প্রবল সম্ভাৱনা থকা এই গৱেষণাই মহাকাশ বিজ্ঞানীসকলক উৎসাহী কৰি তুলিছে৷
স্মর্তব্য যে বিভিন্ন সময়ত বিশ্বব্রহ্মাণ্ডৰ অন্য গ্রহত জীৱৰ অস্তিত্বৰ সম্ভাৱনাক লৈ বিজ্ঞানীয়ে সন্ধান লাভ কৰাৰ তথ্য প্রকাশ পায় যদিও এতিয়ালৈকে ই নিশ্চিত হোৱা নাই৷ কিন্তু শেহতীয়াভাৱে পৃথিৱীৰ কক্ষপথৰ পৰা কিছু নিলগৰ এটা গ্রহত জীৱৰ অস্তিত্বৰ প্রথম প্রবল সম্ভাৱনা প্রকট হৈছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ এষ্ট্র’নমীৰ বিজ্ঞানী আৰু গৱেষকৰ দল এটাই পৃথিৱীৰ কক্ষপথৰ পৰা নিলগত থকা গ্রহ এটাত জীৱৰ অস্তিত্বৰ উমান পাইছে৷ নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ, চমুকৈ জেডব্লিউএছটিৰ দ্বাৰা গ্রহটোৰ বায়ুমণ্ডলত এনে কিছু উপাদানৰ সন্ধান পাইছে যি উপাদান পৃথিৱীত আছে৷ পৃথিৱীত থকা উপাদান উক্ত গ্রহটোত সন্ধানে সেই গ্রহটোত জীৱৰ অস্তিত্বৰ সম্ভাৱনাক উজ্জীৱিত কৰি তুলিছে৷ পৃথিৱীত জীৱ বসবাস কৰিবলৈ প্রয়োজনীয় উপাদান গ্রহটোত উপস্থিতিৰ সন্ধান পোৱাটোৱেই বিশ্বৰ বিজ্ঞানী মহলক আশাৰ বার্তা দিছে৷ কিয়নো বিগত দশক দশক ধৰি পৃথিৱীৰ বাহিৰে অন্য স্থানত জীৱৰ অস্তিত্বক লৈ গৱেষণা চলাই আছে যদিও পূর্ণ ৰূপত সফলতাৰ দিশে আগবাঢ়িব পৰা নাই৷ শেহতীয়া গৱেষণাত পৃথিৱীৰ কক্ষপথৰ পৰা নিলগত থকা কে ২–১৮ বি নামৰ গ্রহটোৰ বায়ুমণ্ডলত পৃথিৱীত থকা উপাদানৰ সম্ভেদ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ জেডব্লিউএছটিৰ দ্বাৰা গৱেষকৰ দলটোৱে গ্রহটোত অধ্যয়ন চলাই এই জীৱৰ অস্তিত্বৰ প্রথম প্রবল সম্ভাৱনা লাভ কৰিছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক নিকু মধুসূদনে প্রকাশ কৰা মতে, পূর্বৰ গৱেষণা–ধ্যয়নতক্ শেহতীয়াকৈ গৱেষণাত জীৱৰ অস্তিত্বৰ প্রথম প্রবল সম্ভাৱনা উজ্জীৱিত হৈছে৷ পৰৱর্তী এক বা দুবছৰৰ ভিতৰত পৃথিৱীৰ বাহিৰত জীৱৰ অস্তিত্বৰ সত্যতা পোহৰলৈ আহিব৷ কে ২–১৮ বি গ্রহটো পৃথিৱীতকৈ আঢ়ৈগুণ সৰু৷ গ্রহটো পৃথিৱীৰ কক্ষপথৰ পৰা ৭০০ ত্রিলিয়ন মাইল দূৰত আছে৷ জেডব্লিউএছটি অতি শক্তিশালী বাবেই গ্রহটোত থকা বায়ুমণ্ডলৰ ৰাসায়নিক সংমিশ্রণ চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে উক্ত গ্রহটোত জীৱৰ সৈতে সম্পর্কিত অতিকমেও এটা বা দুটা উপাদানৰ সন্ধান লাভ কৰাটো নিশ্চিত হৈছে৷ মন কৰিবলগীয়া যে বিজ্ঞানীৰ দলটোৱে লাভ কৰা এই তথ্য প্রায় ৯৯.৯৯৯৯৯ শতাংশ নিশ্চিত৷ এনে কাৰণতে পৃথিৱীৰ বাহিৰত অন্য গ্রহত জীৱৰ অস্তিত্বক নুই কৰিব নোৱাৰি৷ গৱেষণাৰ এই তথ্যসমৃদ্ধ প্রতিবেদন এষ্ট্র’ফিজিকেল জার্নেল লেটাৰত প্রকাশ পাইছে৷ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে লাভ কৰা এই তথ্যই পৃথিৱীৰ বাহিৰে আন গ্রহত জীৱৰ অস্তিত্বৰ প্রবল সম্ভাৱনাই অনাগত দিনসমূহত এই গৱেষণা চলাই থকা আন আন বিজ্ঞানী আৰু গৱেষকক সহায় কৰিব৷

You might also like