নাগৰিকসকলক চৰকাৰে নিজৰ ফলীয়া কৰিবলৈ আৰু চৰকাৰৰ কাম–কাজক দ্বিধাহীনভাৱে প্রশংসা কৰিবলৈ কিছুমান বঁটা–বাহন আদি দিয়ে বুলি এটা বাক্ধাৰা সৃষ্টি কৰিবলৈ সদায়েই এচাম লোক তৎপৰ হৈ থাকে৷ ইয়াৰ এটা কাৰণো নথকা নহয়৷ ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত যেতিয়া সমগ্র দেশেই ইয়াৰ বিপৰীতে থিয় হৈছিল, সেই সময়তে অসমৰ কেইবাগৰাকীও বামপন্থী লেখকে জৰুৰীকালীন অৱস্থাৰ সমর্থনত গল্প–গীত–কবিতা ৰচনা কৰি চৰকাৰৰ এই কামক কৌশলেৰে সমর্থন জনাইছিল৷ বামপন্থীসকলৰ সেই কামেই অসমত এটা অশুভ ধাৰণাৰ জন্ম দিলে৷ কিন্তু চৰকাৰে অকল নিজৰ বাবে সমর্থন বিচাৰিয়েই এই বঁটা–বাহন দিয়া কথাটো শুদ্ধ নহয়৷ ভাৰতীয় ঐতিহ্যই এটা কথা প্রমাণ কৰি আহিছে যে দেশৰ শাসকে দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সমৃদ্ধিৰ ক্ষেত্রত শিল্পী আৰু ব্যক্তিৰ অপৰিহার্য ভূমিকাক চৰকাৰে স্বীকাৰ কৰি আহিছে৷ শিল্পী, লেখক, সংগীতজ্ঞ আৰু অন্যান্য সৃষ্টিশীল ব্যক্তিক বিভিন্ন ধৰণে ডৎসাহিত কৰি আৰু বঁটা প্রদান কৰি চৰকাৰে এখন সমাজৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যত অৰিহণা যোগোৱা বৈচিত্র্যময় আৰু উদ্ভাৱনীমূলক কলাত্মক কর্মৰ সৃষ্টিত সহায় কৰি আহিছে৷ সাংস্কৃতিক কাম–কাজৰ চর্চাই সমাজৰ বিভিন্ন সম্প্রদায়ক একত্রিত কৰাৰ শক্তি প্রকাশ কৰি আহিছে৷ চৰকাৰে একোটা সম্প্রদায়ৰ একোজন শিল্পী বা সাহিত্যিকক বঁটাৰে ডৎসাহিত কৰি তেওঁলোকে প্রতিনিধিত্ব কৰা সম্প্রদায়টোকে সামাজিক সংহতিৰ প্রতীক হিচাপে গ্রহণ কৰে৷ শিল্পীসকলে লাভ কৰা স্বীকৃতি আৰু চৰকাৰী সমর্থনেও একধৰণৰ হতিবাচক ধাৰণাৰ জন্ম দিয়ে আৰু ই দেশৰ ‘ছফট পাৱাৰ’ বৃদ্ধিত অৰিহণা যোগায়৷ যেতিয়া কোনো জাতিক কলাত্মক ডদ্ভাৱন, সৃষ্টিশীলতা আৰু সাংস্কৃতিক সজীৱতাৰ কেন্দ্র হিচাপে দেখা যায়, তেতিয়া ই পর্যটক, বিনিয়োগকাৰী, ব্যৱসায়িক সুযোগক আকর্ষণ কৰিব পাৰে৷ তদুপৰি, শিল্পীসকলৰ প্রশংসা আৰু ডদ্যাপনে নাগৰিকৰ মাজত গৌৰৱবোধৰ সৃষ্টি কৰিব পাৰে, জাতীয় ঐক্য আৰু দেশপ্রেম বৃদ্ধি কৰিব পাৰে৷ কলাক্ষেত্রখনত বিনিয়োগ কৰি আৰু প্রতিভাৱান ব্যক্তিক বঁটা প্রদান কৰি চৰকাৰে কলাত্মক প্রকাশভংগীৰ শক্তিক ব্যৱহাৰ কৰি তেওঁলোকৰ মূল্যবোধ, দৃষ্টিভংগী আৰু আকাংক্ষাক সর্বসাধাৰণৰ সন্মুখত দৃষ্টান্ত হিচাপে প্রকাশ কৰে৷
অসম চৰকাৰেও বহু বছৰ ধৰি বিভিন্ন শিল্পী–সাহিত্যিকক বিভিন্ন বঁটাৰে সন্মানিত কৰি আহিছে৷ এই বঁটাৰ সংখ্যা ইমানেই বেছি হৈছে যে সংখ্যাধিক্যই বঁটাৰ গাম্ভীর্য কমাই দিয়া ভাব হয়৷ সমাজ জীৱনলৈ সেই ব্যক্তিগৰাকীয়ে আগবঢ়াই অহা অৱদানৰ স্বীকৃতি হিচাপে কিছুমান বঁটা একোগৰাকী ব্যক্তিৰ নামত প্রদান কৰা হয়৷ এই ধাৰণাত আপত্তি কৰাৰ কথা নাথাকে৷ কিন্তু একেখন ক্ষেত্রতেই অইন কোনোবায়ো বিশাল অৱদান আগবঢ়াব পাৰে৷ তেনেস্থলত সেই ব্যক্তিগৰাকীৰ নামেৰেও দ্বিতীয় বঁটা এটা প্রদান কৰাৰ প্রশ্ন আহিব পাৰে, বাস্তৱ ক্ষেত্রত যিটো সম্ভৱ নহয়৷ কেতিয়াবা একোটা সম্প্রদায়ৰ নায়ক একোজনৰ নামতো একোটাকৈ বঁটা দিয়া হয়৷ একোটা সম্প্রদায়ক উজ্জীৱিত কৰাত এনে বঁটাই সহায় কৰে৷ কিন্তু চৰকাৰ এখনে ৰাজ্যখনৰ প্রতিটো সম্প্রদায়ৰ বীৰৰ নামত বঁটাৰ প্রচলন নকৰিলে আনবোৰ সম্প্রদায়ে কথাটোক ভাল ধৰণে গ্রহণ কৰিব নোৱাৰিবও পাৰে আৰু সেই সম্প্রদায়ৰ বীৰক দিয়া স্বীকৃতিক ৰাজনৈতিক কৌশল বুলি ভবাৰো ঠাই ৰৈ যায়৷ সাহিত্য–শিল্পৰ বিভিন্ন ব্যক্তিৰ নামত দিয়া বঁটাবোৰৰ কিছুমানত এটা ক্ষেত্রতেই একাধিক বঁটাৰ সৃষ্টি হৈছে, যাৰ ফলত বঁটাৰ উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি নোহোৱাকৈ নাথাকে৷ সাহিত্যৰ ক্ষেত্রতেই চৰকাৰে কেইবাটাও বঁটা দিয়ে, অসম প্রকাশন পৰিষদেও কিতাপৰ বাবে বঁটা দিয়ে৷ এই বিভিন্ন বঁটাৰ নাম আৰু অইন দিশবোৰ জালি–জাৰি চাই চৰকাৰে বঁটাবোৰৰ তালিকা নতুনকৈ প্রস্তুত কৰিব লাগে আৰু বঁটাপ্রাপক নির্বাচন কৰোঁতে ৰাইজৰ অংশগ্রহণো নিশ্চিত কৰিব লাগে৷