নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সংকটত ২০০ কোটি লোকৰ জীৱন

গোলকীয় উষ্ণতা বৃদ্ধিয়ে আমি বাস কৰা গ্রহ পৃথিৱীৰ বাবে ক্রমান্বয়ে ভাবুকিৰ সৃষ্টি কৰিছে৷ প্রাক ঔদ্যোগিক কালৰ তুলনাত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত মানৱ জাতি তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ প্রাক ঔদ্যোগিক কালৰ উষ্ণতাৰ পর্যায়তকৈ যদি ২ ডিগ্রী চেলছিয়াছ বৃদ্ধি পায়, তেতিয়াহ’লে বিশ্বৰ ২০০ কোটি লোকৰ জীৱন বিপদাপন্ন হৈ পৰিব৷ ৰাষ্ট্রসংঘই পেৰিছ জয়বায়ু চুক্তিৰ পৰা গ্লাছগো চুক্তিলৈ গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধিত নিয়ন্ত্রণ কৰিবলৈ প্রচেষ্টা চলাই আছে যদিও বিশ্বৰ দেশসমূহ এই চুক্তিক লৈ অধিক সজাগ আৰু সচেতন হোৱা দেখা নাযায়৷ প্রধানতঃ উন্নত দেশসমূহে এই চুক্তি ৰূপায়ণত হোঁহকা–পিছলা কৰা দেখা গৈছে৷ এনে কাৰণতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে মোকামিলা কৰিবৰ বাবে ৰাষ্ট্রসংঘৰ সকলো প্রচেষ্টা অৰণ্যৰোদনত পৰিণত হৈছে৷ প্রাক ঔদ্যোগিক কালৰ গোলকীয় উষ্ণতাৰ স্তৰতকৈ যদি ২ ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি হয়, তেতিয়াহ’লে সিন্ধু নদীৰ উপত্যকাৰ ভাৰতৰ উত্তৰ প্রান্ত আৰু পাকিস্তানৰ পূব প্রান্তৰ লোকসকল ভয়াৱহ সংকটৰ সন্মুখীন হ’ব৷ এই অঞ্চলৰ বাসিন্দাসকলে প্রচণ্ড গ্রীষ্ম প্রবাহ সহ্য কৰিবলৈ অপাৰগ হ’ব আৰু এই বাসিন্দাসকলৰ জীৱন বিপদাপন্ন হৈ পৰিব৷ নেচনেল একাডেমী অৱ ছায়েঞ্চৰ জার্নেলত শেহতীয়াভাৱে প্রকাশ পোৱা গৱেষণাত গোলকীয় উষ্ণতা ২ ডিগ্রী চেলছিয়াছ যদি বৃদ্ধি পায়, তেতিয়াহ’লে ভাৰতৰ উত্তৰ প্রান্ত, পাকিস্তানৰ পূব প্রান্ত, চীনৰ পূব প্রান্ত, উপছাহাৰা আফ্রিকান দেশত প্রচণ্ড গ্রীষ্ম প্রবাহৰ কবলত পৰিব৷ উচ্চ আর্দ্রতাৰ পর্যায়ৰ সৈতে গ্রীষ্ম প্রবাহৰ ফলত অতিৰিক্ত ধূলি–মাকতি বায়ুৱে শোষণ কৰিব নোৱৰাত অঞ্চলটোত গ্রীষ্ম প্রবাহে জনজীৱনৰ ওপৰত সংকট নমাই আনিব৷ মানৱীয় শৰীৰে এই গ্রীষ্ম প্রবাহৰ ফলত সৃষ্ট বিভিন্ন কাৰকসমূহৰ সৈতে মোকাবিলা কৰিব নোৱাৰিব৷ পৰিণতিত মানৱ স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাৱ পৰিব৷

গৱেষণাৰ প্রতিবেদনত প্রকাশ পোৱা মতে নিম্ন–মধ্যবিত্ত উপার্জনকাৰী দেশসমূহৰ নাগৰিকৰ ওপৰত ভয়াৱহ প্রভাৱ পৰিব৷ প্রচণ্ড গ্রীষ্ম প্রবাহৰ পৰা ৰক্ষা পাবলৈ নাগৰিকসকলে শীত–তাপ নিয়ন্ত্রিত ব্যৱস্থাৰ লগতে অন্য বিকল্পৰ ব্যৱস্থা কৰিব নোৱাৰিব৷ যাৰ ফলত মানৱ স্বাস্থ্যৰ ওপৰত ভয়াৱহ বিৰূপ প্রভাৱ পৰাটো স্বাভাৱিক৷ মন কৰিবলগীয়া যে ইতিমধ্যে পৃথিৱীৰ তাপমাত্রা প্রায় ১.১৫ ডিগ্রী চেলছিয়াছ বর্ধিত হৈছে৷ উন্নত দেশৰ দ্বাৰা জীৱাশ্ম ইন্ধন দাহনৰ বাবে বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডৰ্ মাত্রা বৃদ্ধি পাইছে৷ ইয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রধান কাৰক হিচাপে চর্চিত হৈছে৷ ইণ্টাৰগৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ চমুকৈ আই পি চি চিৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱর্তনে পৃথিৱীৰ পাৰিপার্শ্বিকতাৰ ভাৰসাম্যত ব্যাঘাত জন্মোৱাত বিশ্বৰ দেশসমূহে প্রচণ্ড গ্রীষ্ম প্রবাহ, প্রবল বৃষ্টিপাত, ভয়াৱহ বানকে ধৰি প্রাকৃতিক দুর্যোগৰ সন্মুখীন হৈছে৷ যদি গোলকীয় উষ্ণতাৰ গড় ১.৫ ডিগ্রী চেলছিয়াছ বর্ধিত অৱস্থাত নিয়ন্ত্রণ কৰিব পৰা নাযায়, তেতিয়াহ’লে পৃথিৱীত জীৱৰ অস্তিত্বৰ প্রতি সংকট নামিব৷ লগে লগে মানৱ জাতিয়েও অস্তিত্বৰ সংকটত ভুগিব লাগিব৷ ২ ডিগ্রী চেলছিয়াছ বর্ধিত হ’লে ভাৰত, পাকিস্তান আৰু চীনৰ ২০০ কোটি লোক বিপদত পৰাটো নিশ্চিত৷ গোলকীয় উষ্ণতা বৃদ্ধিয়ে এই ২০০ কোটি লোকৰ জীৱন কাঢ়ি লোৱাটোও নুই কৰিব নোৱাৰি৷ গৱেষণাৰ প্রতিবেদনত সেয়াই প্রতিফলিত হৈছে৷

You might also like