একোজাক বৰষুণে গুৱাহাটীত বানপানীৰ সৃষ্টি কৰাটো এটা নিয়মিত ঘটনাত পৰিণত হৈছে৷ কিমান পৰিমাণৰ বৰষুণত কেতিয়া গুৱাহাটীত বানপানী হ’ব, তাৰ একো হিচাপ কাৰো হাতত নাই৷ হিচাপ থকা হলে ‘এছএমএছ হেপী’ দুর্যোগ ব্যৱস্থাপনা বিভাগে ৰাইজক নিশ্চয় আগতীয়া খবৰ দিলেহেঁতেন৷ যোৱা দুদিনমান আগতে গুৱাহাটীত যি প্রলয়ংকৰী বানপানী হ’ল, তাৰ কাৰণ পূর্বৰ তুলনাত অত্যধিক পৰিমাণৰ বৰষুণ বুলি বিভিন্ন মহলে প্রকাশ কৰিছে৷ লগত আছে নগৰীয়া বানপানীৰ কেইটামান কাৰণ– নগৰ অঞ্চলৰ অপৰিকল্পিত বৃদ্ধি, প্রাকৃতিক জলভাগৰ ওপৰত চলা বেদখল আৰু দুর্বল নিষ্কাশন ব্যৱস্থা৷ এই কথাখিনি অকল গুৱাহাটীৰ ক্ষেত্রতেই নহয়, নগৰীয়া বানপানীয়ে আক্রান্ত কৰা সকলো নগৰৰ ক্ষেত্রতেই সমানেই প্রযোজ্য৷ বৰষুণৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণ নাই, কিন্তু বাকীকেইটা কাৰণ চৰকাৰেই নিয়ন্ত্রণ কৰিব পাৰে বা কৰাটো উচিত৷ নগৰৰ মাটিৰ মূল্য বৃদ্ধি হয় অতি দ্রুত হাৰত আৰু চাহিদা মতে মাটিৰ পৰিমাণ কম বাবে চহৰৰ পৰিসীমা অঞ্চলবোৰত নতুন নতুন নির্মাণ হোৱাটো স্বাভাৱিক কথা৷ তাৰ ফলত বহু জলাশয়ৰ তলি তৰাং হৈ পৰিছে, কিছুমান জলাশয় ডাঙৰ ডাঙৰ নির্মাণৰ তলত অদৃশ্য হৈ গৈছে৷ ফলত নগৰখনৰ পৰা পানী ওলাই আহি পৰিব পৰা ঠাইখিনি নোহোৱা হৈছে আৰু নগৰখন পানীৰে উপচি পৰিছে৷ তাৰ লগতে যদি বৰষুণৰ পৰিমাণ অধিক হয়, পৰিৱেশ তেনে অনুপাতত সংগীন হৈ পৰে৷ নতুন নতুন নির্মাণৰ সময়ত পানী যাব পৰা নলা আৰু পানীৰ গন্তব্য স্থান ব্যৱস্থাপনা– এই দুয়োটা কথাকেই নগৰ পৰিকল্পকসকলে চোৱাটো উচিত আছিল৷ চৰকাৰৰ উপযুক্ত অনুমতি অবিহনেতো এইবোৰ নির্মাণ সম্ভৱ নহয়৷ সেইবাবে অকল নির্মাণ বৃদ্ধিকেই দোষ দিয়াৰ পৰিৱর্তে নির্মাণ অনুমতি দাতাসকলকো হিচাপৰ মাজলৈ আনিব লাগে৷ জনসংখ্যা আৰু নির্মাণৰ পৰিমাণ বৃদ্ধিৰ লগত সংগতি ৰাখি পানীৰ অধিক প্রবাহৰ বাবে প্রাকৃতিক নলাবোৰ বহল কৰা ডচিত আছিল৷ তেনেদৰে নতুন নতুন নলাৰ ব্যৱস্থা কৰাও উচিত আছিল৷ কিন্তু সেইবোৰৰ দায়িত্ব চৰকাৰৰ বিভাগবোৰে গ্রহণ নকৰিলে৷ অকল বৰষুণেই নহয়, নদীবান্ধৰ পৰা এৰি দিয়া পানীয়েও বানপানীৰ সৃষ্টি কৰে৷
ৰঙানদী বান্ধৰ পৰা এৰি দিয়া পানীয়ে আজি বহু বছৰ ধৰি লখিমপুৰ চহৰ আৰু তাৰ ওচৰৰ বহু অঞ্চলৰ ক্ষতি কৰি আহিছে৷ বৰষুণৰ ওপৰত কোনো চৰকাৰৰে হাত নাই, কিন্তু মানৱসৃষ্ট বান্ধ এটাত জমা কৰা পানী এৰি দি মানুহক বিপদলৈ ঠেলি দিয়াৰ মূল হোতা মানুহেই৷ এই নির্মম অত্যাচাৰৰ বিৰুদ্ধে কিন্তু ৰাইজ কেতিয়াও প্রতিবাদমুখৰ হৈ উঠা নাই৷ ভূটানে কুৰিশুব বান্ধৰ পানী এৰি দিয়াৰ ফলতো অসমৰ ৰাইজ বানত আক্রান্ত হ’বলগীয়া হয়৷ এই অৱস্থাৰ যে কিবা প্রতিকাৰ নাথাকিব তেনেকুৱা কথা নহয়৷ কিন্তু ৰাইজে এইবোৰ স্বাভাৱিক কথা বুলিয়েই ধৰি লৈছে৷ পাগলাদিয়া–বেঁকী আদি নদীৰ বানপানীত অভ্যস্ত ৰাইজৰ বাবে এই মানুৱসৃষ্ট বান্ধৰ এৰি দিয়া পানীৰ বানপানীও যেন স্বাভাৱিক ঘটনা৷ গুৱাহাটীৰ বানপানীৰ কাৰণ হিচাপে বৰষুণক যিমানেই দোষ দিয়া নাযাওক কিয়, মানুহৰ অৱদানো তাত কম নহয়৷ জলাশয়বোৰক ধবংস কৰিব পৰাকৈ, পানী ওলাই যোৱা পথৰ কথা চিন্তা নকৰাকৈ ঘৰ বন্ধাৰ অনুমতি দিয়া বিষয়াসকলো এই দুর্যোগৰ বাবে দায়ী৷ এই সমস্যাবোৰ অকল গুৱাহাটীৰে নহয়, বাঢ়ি অহা সকলো নগৰৰে৷ চৰকাৰৰ নগৰ পৰিকল্পনা নামৰ যিটো বিভাগ আছে, সেই বিভাগটোৱেই এইবোৰ কাম চোৱাচিতা কৰে৷ কিন্তু এই বিভাগটোৱে ভালদৰে কাম নকৰাৰ ফলত যে অসমৰ বহুকেইখন ঠাই ধীৰে ধীৰে শেষ হ’বলৈ গৈ আছে, তাৰ পিনে কোনেও মনযোগ দিয়া নাই৷ চহৰ এখন ডাঙৰ হ’বই৷ সেই চহৰখনক পৰিকল্পিতভাৱে ডাঙৰ হ’বলৈ দিয়াটো চৰকাৰৰ দায়িত্ব৷