নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডু লাইটৰ মালিকৰ সন্ধানত অব্যাহত অভিযান

জেইই ভুৱা পৰীক্ষার্থী কেলেংকাৰিত জড়িত টাটা কনছালটেঞ্চী ছার্ভিচৰ বিষয়া

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ  কেৱল নীল নক্ষত্র দাসেই নহয়, ধনৰ বিনিময়ত ৰাষ্ট্রীয় পর্যায়ৰ যুটীয়া প্রৱেশ পৰীক্ষাত (জে ই ই) দীর্ঘদিন ধৰি জালিয়াতিৰে বহু পৰীক্ষার্থীক উত্তীর্ণ কৰোৱাৰ অবৈধ বেহা চলাই আহিছিল টাটা কনছালটেন্সী ছার্ভিচেছ লিমিটেড, চমুকৈ টি চি এছৰ একাংশ বিষয়াই৷ বিশেষকৈ গুৱাহাটীৰ বৰঝাৰস্থিত ই–কম টাৱাৰত থকা টি চি এছৰ কার্যালয়ৰ একাংশ বিষয়াই তথ্য–প্রযুক্তিৰ জৰিয়তে জালিয়াতি সংঘটিত কৰি এই বেহা চলাই গৈছিল৷ ই–কম টাৱাৰত থকা টি চি এছৰ কার্যালয় আৰু একেটা টাৱাৰত থকা প্রখ্যাত কোম্পানীটোৰ পৰীক্ষা কেন্দ্র হিচাপে ব্যৱহূত আই অ’ন ডিজিটেল জ’নত অতি গোপনে এই অবৈধ বেহা চলাই থকা হৈছিল৷ এই দুষ্কার্যত জড়িত আছিল মহানগৰীৰ আমবাৰীস্থিত গ্ল’বেল এডু লাইট নামৰ ক’চিং চেণ্টাৰকে ধৰি আন বহুকেইটা ক’চিং চেণ্টাৰৰ এক বৃহৎ চক্র৷ জে ই ইত সংঘটিত জালিয়াতিত জড়িত চিকিৎসক জ্যোতির্ময় দাস, তেওঁৰ পুত্র তথা মূল অভিযুক্ত নীল নক্ষত্র দাসসহ পাঁচ ধৃতক আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে বৰঝাৰস্থিত টি চি এছৰ আই অ’ন ডিজিটেল জ’নত যোৱা ৫ ছেপ্টেম্বৰত অনুষ্ঠিত জে ই ইৰ ২০২০ বর্ষৰ অভিযান্ত্রিকৰ মেইন পৰীক্ষাত মহানগৰীৰ মথুৰানগৰৰ বাসিন্দা তথা ডাউন টাউন হাস্পতালৰ প্রসূতি বিভাগৰ চিকিৎসক জ্যোতির্ময় দাসে ২০ লাখ টকাৰ বিনিময়ত পুত্র নীল নক্ষত্র দাসৰ হৈ ভুৱা পৰীক্ষার্থী বহুৱাইছিল৷ ফলত নীল নক্ষত্র দাসে নিজে পৰীক্ষা নিদিয়াকৈ উক্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সর্বোচ্চ ৯৯.৮ নম্বৰ লৈ উত্তীর্ণ হৈছিল৷ এই জে ই ই কেলেংকাৰিৰ কথা নীল নক্ষত্রই নিজে ম’বাইল ফোনেৰে এজন বন্ধুক জনাইছিল৷ পৰৱর্তী সময়ত এই কথোপকথনৰ অডিঅ’ ক্লিপটো ভাইৰেল হয়৷ এই অডিঅ’ ক্লিপৰ আধাৰত মথুৰানগৰৰে মিত্রদেৱ শর্মা নামৰ এজন সচেতন নাগৰিকে আজাৰা থানাত এজাহাৰ দাখিল কৰে৷ এই সংক্রান্তত আজাৰা থানাত ৰুজু কৰা ৪২৬/২০২০ নম্বৰৰ গোচৰটোৰ তদন্ত কৰি জে ই ই পৰীক্ষা কেলেংকাৰিৰ মূল অভিযুক্ত নীল নক্ষত্র দাস, পিতৃ ডাঃ জ্যোতির্ময় দাস, টি চি এছৰ বিষয়া তথা আই অ’ন ডিজিটেল জ’নত অনুষ্ঠিত উক্ত পৰীক্ষা কেন্দ্রৰ নিৰীক্ষকৰ দায়িত্বত থকা হেমেন্দ্র নাথ শর্মা, দুই সহযোগী তথা কোম্পানীটোৰ কর্মচাৰী প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠকক আজাৰা আৰক্ষীয়ে যোৱা বুধবাৰে গ্রেপ্তাৰ কৰে৷ নীল নক্ষত্রই ইতিমধ্যে পিতৃয়ে ২০ লাখ টকাত বন্দৱস্ত কৰি দিয়া ভাৰাতীয়া পৰীক্ষার্থীয়ে জে ই ইত তেওঁৰ হৈ অৱতীর্ণ হৈছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিছে৷ টি চি এছৰ আই অ’ন ডিজিটেল জ’নত দুই নম্বৰী পৰীক্ষার্থীয়ে জে ই ইৰ অনলাইন পৰীক্ষা দিয়াৰ কথা নীল নক্ষত্রই স্বীকাৰ কৰাৰ পাছতে আৰক্ষীয়ে পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্বত থকা হেমেন্দ্র নাথ শর্মাসহ কোম্পানীটোৰ তিনি বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰিছে৷ জে ই ই পৰীক্ষাত টি চি এছৰ তিনি বিষয়া–কর্মচাৰী জড়িত থকাৰ তথ্য আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ পাছতে মহাৰাষ্ট্রৰ মুখ্য কার্যালয় থকা কোম্পানীটোৰ স্বচ্ছতাক লৈ প্রশ্ণ উত্থাপন হৈছে৷

উল্লেখ্য যে যোৱা ২০১৮ বর্ষত ফৰচুন ইণ্ডিয়া চলোৱা ৫০০টা কোম্পানীৰ ভিতৰত টাটা কনছালটেন্সী ছাভিচেছ লিমিটেড দেশৰ ভিতৰতে তথ্য–প্রযুক্তিৰ সেৱা আগবঢ়োৱা কোম্পানী হিচাপে ১১ নম্বৰ স্থান লাভ কৰিছিল৷ বিশ্বৰ ৪৬খন দেশৰ ১৪৯টা স্থানত কার্যালয় থকা টি চি এছৰ হাই ছিকিউৰিটীত অনুষ্ঠিত জে ই ই পৰীক্ষাত দুর্নীতিৰ সুৰুঙা ৰৈ যোৱাক লৈ কোম্পানীটোৰ তথ্য–প্রযুক্তিগত সুৰক্ষা ব্যৱস্থাক লৈ সচেতন মহলত ব্যাপক চর্চা লাভ কৰাৰ লগতে বিষয়টোক লৈ প্রশ্ণ উত্থাপন হৈছে৷ উল্লেখ্য যে আই অ’ন ডিজিটেল জ’নত অনুষ্ঠিত জে ই ইৰ অনলাইন পৰীক্ষা কেলেংকাৰিত টি চি এছৰ দুজন বিষয়াক আজাৰা আৰক্ষীয়ে ঘটনা সংক্রান্তত সোধা–পোছা কৰাৰ বাবে মাতিছিল যদিও বিষয়া দুজন বর্তমান পলাতক হৈ থকা বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে৷ এই দুই বিষয়াক গ্রেপ্তাৰ কৰিব পাৰিলেই টি চি এছে পতা জে ই ই পৰীক্ষাত কোম্পানীটোৰ কোন বিষয়া উক্ত কেলেংকাৰিত জড়িত আছে, সেই তথ্য পোহৰলৈ আহিব বুলি তদন্তকাৰী আৰক্ষীয়ে আশা কৰিছে৷ ইফালে, এই পৰীক্ষা কেলেংকাৰিত আমবাৰীস্থিত গ্ল’বেল এডু লাইট জড়িত থকাৰ নিশ্চিত তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ মহানগৰীৰ গীতানগৰৰ বাসিন্দা ভার্গৱ ডেকা মালিকানাধীন গ্ল’বেল এডু লাইট ক’চিং চেণ্টাৰটোতে নীল নক্ষত্র দাসে জে ই ইত অৱতীর্ণ হোৱাৰ বাবে ক’চিং কৰিছিল৷ এই চেণ্টাৰটোৰ মালিক ভার্গৱ ডেকাৰ জৰিয়তে ডাঃ জ্যোতির্ময় দাসে পুত্রৰ বাবে ভাৰাতীয়া পৰীক্ষার্থী নিয়োগ কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ আৰক্ষীয়ে ভার্গৱ ডেকাক বিচাৰি অভিযান চলাই আছে যদিও বর্তমান ভার্গৱ ডেকা আৰু ক’চিং চেণ্টাৰটোৰ মেনেজাৰ ৰুবুল মেধি পলাতক হৈ আছে৷ ইফালে, নীল নক্ষত্রৰ হৈ জে ই ইৰ অনলাইন পৰীক্ষাত বহা দুই নম্বৰী পৰীক্ষার্থীজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে যদিও ভুৱা পৰীক্ষার্থীজনো বর্তমান পলাতক হৈ আছে৷ এই পাঁচজন অভিযুক্তক গ্রেপ্তাৰ কৰিব পাৰিলেই টি চি এছৰ সমগ্র পৰীক্ষা কেলেংকাৰিত কোম্পানীটোৰ কোন কোন বিষয়া তথা গ্ল’বেল এডু লাইটকে ধৰি কোন কোন ক’চিং চেণ্টাৰৰ মালিক তথা কর্মচাৰীয়ে দীর্ঘদিন ধৰি ধনৰ বিনিময়ত জে ই ইৰ দৰে পৰীক্ষাত জালিয়াতিৰে বহু পৰীক্ষার্থীক উত্তীর্ণ কৰোৱাই অহা অবৈধ বেহাত জড়িত আছে, সেয়া পোহৰলৈ অহাৰ পূর্ণ সম্ভাৱনা আছে৷
গ্ল’বেল এডু লাইটত পাঠদান কৰিছিল ডাঃ জ্যোতির্ময় দাসে
ধনৰ বিনিময়ত জে ই ইৰ অনলাইন পৰীক্ষাত ভুৱা পৰীক্ষার্থী অৱতীর্ণ কৰোৱা চাঞ্চল্যকৰ পৰীক্ষা কেলেংকাৰিত জড়িত ডাঃ জ্যোতির্ময় দাসে মহানগৰীৰ আমবাৰীস্থিত গ্ল’বেল এডু লাইট ক’চিং চেণ্টাৰত কিছুদিন পাঠদান কৰিছিল৷ ক’চিং চেণ্টাৰটোৰ স্বত্বাধিকাৰী তথা মহানগৰীৰ গীতানগৰৰ বাসিন্দা ভার্গৱ ডেকাৰ সৈতে থকা দীর্ঘদিনীয়া ঘনিষ্ঠতাৰ সূত্রে ডাঃ জ্যোতির্ময় দাসে গ্ল’বেল এডু লাইটত চিকিৎসা বিজ্ঞান বিষয়ত পাঠদান কৰিছিল৷ বিশেষ সূত্রে জানিব পৰা মতে, এই ঘনিষ্ঠতাৰ সূত্রে ডাঃ জ্যোতির্ময় দাসে পুত্র নীল নক্ষত্র দাসক ২০ লাখ টকাৰ বিনিময়ত জে ই ই পৰীক্ষাত ভাৰাতীয়া পৰীক্ষার্থী নিয়োগ কৰাত ভার্গৱ ডেকাই মধ্যস্থতা কৰা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ এনে কাৰণতে আৰক্ষীয়ে ভার্গৱ ডেকাক বিচাৰি আছে যদিও বর্তমান এডু লাইটৰ স্বত্বাধিকাৰীজন পলাতক হৈ আছে৷ ইফালে এই কেলেংকাৰিত ভার্গৱ ডেকাৰ ক’চিং চেণ্টাৰটো জড়িত থকাৰ বাবেই চেণ্টাৰটোৰ মেনেজাৰ ৰুবুল মেধিও পলাতক হৈ আছে৷ ভার্গৱ ডেকাই ৰুবুল মেধিৰ জৰিয়তে দীর্ঘদিন ধৰি ধনৰ বিনিময়ত টি চি এছৰ একাংশ বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি জে ই ইত ব্যাপক জালিয়াতি কৰি বহু প্রার্থীক উত্তীর্ণ কৰোৱাৰ অবৈধ বেহা চলাই আছিল৷ ইফালে চিকিৎসক জ্যোতির্ময় দাসে পুত্র নীল নক্ষত্রক অভিযন্তা হিচাপে প্রতিষ্ঠা কৰাৰ বাবে জে ই ইত অৱতীর্ণ হোৱা ভুৱা পৰীক্ষার্থীজনক ১০ লাখ টকা প্রথম কিস্তিত আদায় দিছিল আৰু বাকী ধন পৰীক্ষাৰ ফলাফল দিয়াৰ পাছত দিয়াৰ কথা আছিল৷ ইয়াৰ বাবে ভুৱা প্রার্থীজনে ডাঃ দাসক তিনিবাৰ সাক্ষাৎ কৰিছিল৷ আৰক্ষীৰ তদন্তত নীল নক্ষত্রই এই কথা প্রকাশ কৰা বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে৷ ইফালে এই পৰীক্ষা কেলেংকাৰিত জড়িত তথা বর্তমান পলাতক হৈ থকা পাঁচ অভিযুক্তক গ্রেপ্তাৰৰ বাবে মহানগৰ আৰক্ষীয়ে চাৰিটা গোট গঠন কৰি দিয়া বুলি জানিব পৰা গৈছে৷

You might also like