নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকৃতি সংৰক্ষণ-সংবৰ্ধন আমাৰ জীৱনৰ লক্ষ্য হোৱা উচিতঃ মৰিগাঁৱত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্ত

বার্তা বুৰো, ৬ জুনঃ বিশ্ব পৰিবেশ দিৱস কেৱল এটা দিনৰ উদযাপন নহয় বৰঞ্চ এয়া আমাৰ জীৱন ধাৰণ প্ৰণালী অৰ্থাৎ ৱে অব লাইফ হব লাগিব। মৰিগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন এন্টি গ্লোবেল ৱাৰ্মিং চচাইটি আৰু মৰিগাঁও মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰীণ আসাম বঁটা আৰু গ্ৰীণ মৰিগাঁৱ বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকি এই মননশীল বক্তব্য আগবঢ়াই বিশিষ্ট শিক্ষাবিদ , ৰাজনৈতিক বিশ্লেষক তথা অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননী গোপাল মহন্তই।উল্লেখ্য আজিৰ এই অনুষ্ঠান ত উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ইউনিভাৰ্চিটি অব চাইন্স এণ্ড টেকনলজি চমুকৈ ইউ এছ টি এম ৰ ছেনচেলৰ গ্ৰীণ আছাম বঁটা আৰু মৰিগাঁও প্ৰকৃতি প্ৰেমী সংগঠন প্ৰকৃতি সুৰক্ষা মঞ্চৰ সভাপতি হিতেশ শৰ্মাক গ্ৰীণ মৰিগাঁও বঁটা প্ৰদান কৰা হয়। মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ অমি দেৱী বৰঠাকুৰ আৰু ডঃ সাৰদাশ্ৰী চৌধুৰীয়ে আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটি সঞ্চালনা কৰে মৰিগাঁও মহাবিদ্যালয় ৰ অধ্যক্ষ তথা এন্টি গ্লোবেল ৱাৰ্মিং চচাইটিৰ সভাপতি ডঃ লীলাকান্ত বৰঠাকুৰে। এই সভাত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননী গোপাল মহন্তই কৈ যে পৰিবেশ সুৰক্ষাৰ যি আহ্বান সেইয়া কেৱল পশ্চিমীয়া দেশৰ পৰাই অহা নাই আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিত প্ৰকৃতি সুৰক্ষা ক লৈ তত্ব গধুৰ চিন্তাৰ বহু সমল আছে । বিকাশ আমি বন্ধ কৰিব নোৱাৰো কিন্তু প্ৰদূষণ আমি ৰোধ কৰিবই লাগিব। বাঘ জান ৰ দৰে ঘটনা ৰ পৰা আমি শিকণি লব লাগিব। কেৱল পৰিবেশ দিৱস এটা দিনক লৈ সীমাবদ্ধ নকৰি আমাৰ জীৱন পদ্ধতি হব লাগিব । আনহাতে গ্ৰীণ আছাম বঁটা গ্ৰহণ কৰি ইউ এছ তী এম ৰ ছেনচেলৰ মাহবাবুল হকে কৈ যে তেওঁ নিজৰ শিক্ষানুষ্ঠান খনক এক সুস্থিৰ প্ৰাকৃতিক পৰিৱেশ দিবলৈ চেষ্টা কৰিছে আৰু তেওঁ মৰিগাঁৱ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ইউ এছ টি এম ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ লগতে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে এই সন্দৰ্ভত মৰিগাঁও মহাবিদ্যালয়ৰ সৈতে এখন এম অ ইউ সম্পন্ন কৰাৰ ঘোষণা কৰে তেওঁ। অনুষ্ঠানটিত উপস্থিত থাকি এই প্ৰদক্ষেপ ৰ ভূয়সী প্ৰশংসা কৰে ইউ এছ টি এম ৰ প্ৰ ছেনচেলৰ ডঃ বলেন্দ্ৰ কুমাৰ দাসে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like