নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষক সমাজক ক্ষমা বিচাৰিলে শিক্ষামন্ত্রী ডাঃ পেগুৱে

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ শিক্ষক দিৱসৰ দৰে এক পৱিত্র দিনত ৰাজ্যিক কৃতী শিক্ষক বঁটা প্রদান অনুষ্ঠানত কালি গুৱাহাটীত সৃষ্টি হোৱা অনাহক পৰিৱেশক লৈ শিক্ষকসকলক ক্ষমা খুজিলে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ শিপিনীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে সোমবাৰে তিতাবৰত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সূতা বেংক উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে কয় যে কালি শিক্ষক দিৱসৰ অনুষ্ঠানত এক অনাহক পৰিৱেশ সৃষ্টি হ’ল৷ যদি কালিৰ পৰিস্থিতিৰ বাবে শিক্ষকসকলে দুখ পাইছে, তেন্তে শিক্ষকসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ৷ অনাগত দিনত এনে ভুল নহয় বুলি প্রতিশ্রুতি দিয়ে৷

উল্লেখ যে প্রতি বছৰে শিক্ষক দিৱসৰ দিনা ৰাজ্য চৰকাৰে ৰাজ্যৰ কৃতী শিক্ষকসকলক বঁটা প্রদান কৰি আহিছে৷ কালিৰ শিক্ষক দিৱসৰ দিনা ৰাজ্যৰ কৃতী শিক্ষকসকলক বঁটা প্রদান অনুষ্ঠানত শিক্ষামন্ত্রীগৰাকীয়ে কেৱল ছয়গৰাকী শিক্ষকক বঁটা প্রদান কৰি ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰি সভা সামৰণি মাৰিছিল৷ বহুকেইগৰাকী কৃতী শিক্ষকক বঁটা প্রদান কৰিবলৈ মাতি আনি বঁটা প্রদান নকৰাকৈ সভা সামৰণি কৰাত শিক্ষকসকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছিল৷ ফলত ,সোমবাৰে শিক্ষামন্ত্রীগৰাকীয়ে তিতাবৰত শিক্ষকসকলৰ ক্ষোভ প্রশমিত কৰিবৰ কাৰণে আজি ক্ষমা বিচাৰে৷

ইফালে সোমবাৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সূতা বেংক উদ্বোধন কৰি মন্ত্রীগৰাকীয়ে আত্মসহায় গোটৰ জৰিয়তে শিপিনীসকলক স্বাৱলম্বিতাৰ দিশত আগুৱাই নিয়াৰ বাবে পৰিষদখনক ধন্যবাদ জনায়৷ শিপিনীসকলে কেৱল গামোচা প্রস্তুতত ক্ষান্ত নাথাকি স্বাৱলম্বিতাৰ দিশত এনেদৰে আগবাঢ়ি গৈ দেশৰ ভিতৰতে আদর্শৰ পৰিচয় দিয়াৰ বাবে আহ্বান জনায়৷ লগতে মন্ত্রীগৰাকীয়ে কয় যে শিপিনীয়ে প্রস্তুত কৰা গামোচা বিক্রী কৰাৰ ক্ষেত্রত পৰিষদে আর্টফেডৰ জৰিয়তে বিক্রী কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ অনুষ্ঠানটোত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য কুমুদ কছাৰীয়ে কয় যে সূতা বেংক বিনামূলীয়া হ’ব৷

দুহেজাৰ আত্মসহায় গোটৰ প্রতিগৰাকী শিপিনীক এক ঢ়োপকৈ সূতা দিয়া হ’ব৷ বিশ হাজাৰগৰাকী শিপিনীয়ে সূতাৰ পৰা গামোচা প্রস্তুত কৰিব৷ ইয়াৰে এক ঢ়োপত বিশখনকৈ গামোচা প্রস্তুত হ’ব৷ ইয়াৰে দুখনকৈ গামোচা পৰিষদক প্রতিগৰাকী শিপিনীয়ে দিব লাগিব৷ বাকী ১৮খন গামোচা শিপিনীগৰাকীয়ে বিক্রী কৰিব পাৰিব৷ যদিহে শিপিনীগৰাকীয়ে বিক্রী কৰিব নোৱাৰে, তেন্তে পৰিষদখনে এই গামোচা শিপিনীগৰাকীক বিক্রী কৰি দিব বুলি উল্লেখ কৰে৷ আজিৰ অনুষ্ঠানত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষা হৰপ্রভা ঠেঙাল, সমাজকর্মী কামাখ্যা মোহন দাস উপস্থিত থাকে৷

You might also like