🔹 দেশ-জাতি ৰক্ষাৰ বাবে বিজেপি অবিহনে কোনো বিকল্প নাই : ডা: ৰণোজ পেগু
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰ : ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখানা জিলা বিজেপিৰ উদ্যোগত আৰু ঘিলামৰা মণ্ডল বিজেপিৰ সহযোগত আজি গা-ডাঙৰ চুকৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয় এখন বিশাল গণ সমাৱেশ । ঘিলামৰা মণ্ডলৰ উপ-সভাপতি হিৰণ্য হাজৰিকাই আঁত ধৰা সভাত সভাপতিত্ব কৰে ঘিলামৰা মণ্ডল সমিতিৰ সভাপতি চন্দ্ৰেশ্বৰ গগৈয়ে। ঘিলামৰা মন্ডল বিজেপিৰ সভাপতি চন্দেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাখনত আদৰণী ভাষণ প্ৰদান কৰে ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱাই। বিলমুখ গাঁও পঞ্চায়তৰ গা ডাঙৰ চুকৰ ৰাজহুৱা ৰংগমঞ্চত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠিত হোৱা বিশাল সভাখনত প্রথমে ভাষণ প্ৰদান কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।

সমাৱেশত উপস্থিত হৈ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে দেশ-জাতি ৰক্ষাৰ বাবে বিজেপি অবিহনে কোনো বিকল্প নাই। বিশাল সভাখনত তিনিওগৰাকী বিজেপি নেতাই আগন্তুক লোকসভা নিৰ্বাচনত পুনৰ লখিমপুৰ ৰ সাংসদ হিচাপে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক জয়যুক্ত কৰি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। সভাখনত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া, ভূপেন কামান, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁইকে প্ৰমুখ্য কৰি জিলাৰ বিষয়ববীয়া, মণ্ডল সমিতিৰ বিষয়ববীয়াৰ লগতে জিলাৰ অন্তৰ্গত কাৰ্যকৰ্তাসকল, ৰাজ্যিক মহিলা মৰ্চাৰ সদস্যা, জিলাৰ মহিলা মৰ্চাৰ কাৰ্যকতা, যুৱক মৰ্চাৰ সভাপতি/সম্পাদক তথা বিভিন্ন মৰ্চাৰ কাৰ্যকৰ্তাকে প্ৰমুখ্য কৰি বুথ সমিতিৰ সভাপতি-সম্পাদক তথা কাৰ্যকৰ্তাসকল, জিলা আৰু মণ্ডলৰ ছ’চিয়েল মিডিয়া কাৰ্যকৰ্তাসকলৰ লগতে কেইবাহাজাৰ লোক উপস্থিত আছিল।
প্ৰেৰক উত্তম হাজৰিকা