যোৰহাটত সংগীত শিল্পী হীমা ৰাণী কলিতাৰ আঠটি বনগীত উন্মোচন
বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ চিনামৰা বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংগীত শিক্ষয়িত্ৰী তথা গীতিকাৰ হীমা ৰাণী কলিতাৰ সুৰাৰোপিত আঠটি বনগীত যোৰহাট ক্লাব ৰোডৰ ষ্টুডিঅ’ ষ্ট্ৰিং-ত উন্মোচন কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ণ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত গীতসমূহ উন্মোচন কৰি ১৯৮০ চনৰ পৰাই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ যোগে বনগীত গোৱা নীলকান্ত শইকীয়াই অসমীয়া সংস্কৃতি পথৰুৱা সংস্কৃতি বুলি উল্লেখ কৰি বনগীতে গ্ৰাম্য জীৱনক প্ৰতিফলিত কৰে বুলি প্ৰকাশ কৰে। দীৰ্ঘকালে বনগীতৰ চৰ্চা কৰা শিল্পীজনে বনগীতক উজ্জীৱিত কৰাৰ বাবে হীমা ৰাণী কলিতাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। যোৰহাট অনাতাঁৰ শিল্পী মঞ্চৰ সম্পাদক কেশৱ চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কণ্ঠ শিল্পী ডা: দেৱজিৎ শৰ্মাই নৱপ্ৰজন্মক বনগীতৰ চৰ্চা কৰিবৰ কাৰণে আহ্বান জনায়। প্ৰবীন সংগীত সাধক লক্ষী দত্তইও সভাত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত গায়িকা হীমা ৰাণী কলিতাই অনুভৱ ব্যক্ত কৰি শ্ৰোতাই গীতসমূহ আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে। লক্ষী দত্ত সোঁৱৰণী সদৌ অসম মফচলীয় সাংবাদিক বঁটা লাভ কৰা ৰমেন শইকীয়াক অনুষ্ঠানত অভিনন্দন জনায়। গীত উন্মোচনী অনুষ্ঠানত দুলাল দত্ত,ইন্দ্ৰানী দেৱী,সাধনা বৰপূজাৰী, বুলু ভৰালী,নিযুত দত্ত,নৰেন্দ্ৰ নাথ দত্ত, পৰেশ কলিতা,অশোক বৰা, অঞ্জন বৰা, অনিন্দিতা বৰা, চিম্পি ভৰালী প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে। গীতকেইটি ইউ টিউবত উপলব্ধ হ’ব বুলি ব্যৱস্থাপক দেৱাশিস বৰা,অনুভৱ বৰাই জনাইছে।
প্ৰেৰক ৰঞ্জিত ভূঞা