নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেৰণা পুথিভঁড়ালৰ সৰুক্ষেত্ৰী শাখাত আইনষ্টাইনৰ জন্মদিৱস উদ্‌যাপন

গুৱাহাটী, ১৭ মাৰ্চঃ  “উগ্ৰ জাতীয়তাবাদে যে কেৱল মানৱ সভ্যতাৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই আনিছে তেনে নহয়, ই মানুহৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকি কঢ়িয়াই আনিছে। যুদ্ধৰ সৈতে ব্যৱসায় আৰু ৰাজনীতিৰ সম্পৰ্ক আছে। ব্যৱসায়িক আৰু ৰাজনৈতিক স্বাৰ্থত যুদ্ধক জীয়াই ৰখা হৈছে। আইনষ্টাইনৰ মতে শাসকসকলে যেতিয়ালৈকে অস্ত্ৰ ব্যৱসায়ীসকলক বাদ দি আৰু ব্যৱসায়িক স্বাৰ্থ পৰিহাৰ কৰি জনসাধাৰণক বিশ্বাসত লৈ আগনাবাঢ়ে, তেতিয়ালৈকে বিশ্বত শান্তি প্ৰতিষ্ঠা সম্ভৱপৰ নহ’ব।” – প্ৰেৰণা পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখাৰ উদ্যোগত বৰপেটা জিলাৰ বেঙাপাৰাস্থিত মৃত্যুঞ্জয় একাডেমীত যোৱা ১৪ মাৰ্চত অনুষ্ঠিত আইনষ্টাইনৰ জন্মদিৱস উদ্‌যাপনৰ আলোচনা সভাত এই বক্তব্য বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা প্ৰেৰণা পুথিভঁৰালৰ কৰ্ণধাৰ সমিতিৰ সদস্য ড⁰ ধনেশ্বৰ ৱৈশ্যৰ । ‘যুদ্ধ আৰু ৰাজনীতি : প্ৰসংগ আইনষ্টাইন’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি তেওঁ আৰু কয় যে মানৱ জাতিয়ে সম্মুখীন হোৱা সমস্যাৰ পৰা দূৰত থাকি গৱেষণাগাৰত ব্যস্ত হৈ থকা ধৰণৰ বিজ্ঞানী নাছিল আইনষ্টাইন।

সভাত আদৰণী ভাষণ দিয়ে প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক নিপন কুমাৰ ডেকাই । উল্লেখ্য যে প্ৰেৰণা পুথিভঁৰালৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই সঞ্চালনা কৰা এই সভাত আৰম্ভণী গীত পৰিৱেশন কৰে মৃত্যঞ্জয় একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে, প্ৰেৰণা পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখাৰ প্ৰাচীৰ পত্ৰিকা ‘প্ৰত্যুষ’ উন্মোচন কৰে হৰমোহন বৰ্মন, মধুসূদন বৰ্মন আৰু বিনয় ডেকাই, প্ৰেৰণা পুথিভঁৰালৰ প্ৰাচীৰ পত্ৰিকা ‘অন্বেষণ’ উন্মোচন কৰে ড০ নিতু বৰগোহাঞিয়ে, গীত পৰিৱেশন কৰে প্ৰকৃতি প্ৰিয়ম ডেকা, ডিম্বেশ্বৰ নাথ, অটল ডেকা আৰু সৃষ্টি ভৰষা ডেকাই, ফাকুগুৰিৰে ঠাইতে অঁকা আইনষ্টাইনৰ ফটো এখন প্ৰদৰ্শন কৰে বিশাল ডেকাই। সভাৰ মাজতে উপস্থিত ৰাইজে সম্প্ৰতি চলি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ তীব্ৰ বিৰোধিতা কৰি ‘যুদ্ধ নহয়, শান্তি লাগে’, ৰাছিয়া মূৰ্দাবাদ, ‘আমেৰিকা মূৰ্দাবাদ’, ‘নাটো গোষ্ঠী মূৰ্দাবাদ’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

অনুষ্ঠানত প্ৰেৰণা পুথিভঁৰালৰ জ্যেষ্ঠ পৰিচালক তিলক শৰ্মা, ভূপেন কুমাৰ দাস, সুশীল মালাকৰ, অৰুণ কুমাৰ গোস্বামী, বীৰেন বৰ্মন তথা প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখা আৰু ধমধমা- গড়ভিতৰ শাখাৰ মুখ্য পৰিচালকদ্বয় ক্ৰমে বনজিত ডেকা আৰু নূৰ ইছলাম আলী, প্ৰেৰণা পুথিভঁৰাল আৰু ইয়াৰ তিনিওটা শাখাৰ অৰ্ধশতাধিক পৰিচালক আদিকে ধৰি প্ৰায় দুই শতাধিক বিজ্ঞানপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে । প্ৰণিধানযোগ্য যে সুশীল মালাকৰে বাঁহৰ দৈ তুলি বনোৱা ভাৰতবৰ্ষৰ এখন মেপ সৰুক্ষেত্ৰী শাখাৰ মুখ্য পৰিচালক নিপন কুমাৰ ডেকাৰ হাতত তুলি দিয়ে । অনুষ্ঠানৰ শেষত ‘মহাকাশৰ দাঁতিলৈ যাত্ৰা’ শীৰ্ষক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।

You might also like