নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়াসত্ৰীয়া পদত ২, সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ ২০ পদত ৩৭ প্ৰাৰ্থী

বাৰ্তা ব্যুৰো, বৰপেটা, ১৬ ছেপ্টেম্বৰঃ সত্ৰনগৰী বৰপেটাৰ সৰ্বত্ৰে এতিয়া নিৰ্বাচনী পৰিবেশ বিৰাজ কৰিছে৷ ২৯ ছেপ্টেম্বৰত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ নিৰ্বাচন অনুষ্ঠিত হব ৷ সত্ৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বাঢ়ি আহিছে উৎকণ্ঠা কোন হ’ব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ৷ উল্লেখ্য যে বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ বৈকুন্ঠ প্ৰয়়াণৰ পিছত সমূহ ভকতৰ সভাত মৌখিক মত বিনিময়ৰ দ্বাৰা সত্ৰীয়া নিৰ্বাচন কৰা হৈছিল আৰু গুৰুত্বপুৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হৈছিল ৷ কিন্তু পৰবৰ্ত্তী সময়ত অসমৰ আন বহুকেইখন সত্ৰৰ দৰে বৰপেটা সত্ৰৰ পৰিচালনাৰ দায়িত্ব পোৱা সত্ৰীয়া কেইজনমানে সত্ৰখন পাৰিবাৰিক সম্পত্তিত পৰিণত কৰিবলৈ চেষ্টা কৰিছিল৷ ইয়াৰ বিৰুদ্ধে বৰপেটাৰ সেই সময়ৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সমূহ ভকতৰ হকে ১৯১২ চনত কলিকতা উচ্চ ন্যায়ালয়ত এক গোচৰ ৰজু কৰে ৷ প্ৰায় ২৩ বছৰ ধৰি এই গোচৰৰ মোকৰ্দমা চলাৰ অন্তত ১৯৩৫ চনৰ ১৯ আগষ্টত ন্যায়ালয়ে সেই সময়ৰ বিশিষ্ট আইনজীৱী জগদীশ চন্দ্ৰ মেধি, মহেন্দ্ৰ নাথ মহন্ত আৰু ৰমেশ চন্দ্ৰ দাসক সত্ৰীয়া বাছনি, সত্ৰ পৰিচালনা সমিতি গঠন আৰু পৰিচালনা পদ্ধতি সন্দৰ্ভত এখন আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তেওলোকে প্ৰস্তুত কৰা এই আঁচনিখনৰ দুই এটা আপত্তি নিস্পত্তি কৰি ১৯৩৫ চনৰ ২৬ ছেপ্টেম্বৰত সেই সময়ৰ অসম উপত্যকাৰ জিলা ন্যায়াধীশ কে চি চুণ্ডেৰে মোকৰ্দমাটোৰ চূড়ান্ত নিস্পত্তি কৰে ৷ সত্ৰ পৰিচালনাৰ বাবে প্ৰস্তুত কৰা সেই সময়ৰ আঁচনি অনুসৰিয়েই সমূহ ভকতে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, ডেকা সত্ৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলক নিৰ্বাচিত কৰি আহিছে৷ বুঢ়া সত্ৰীয়াৰ পদ খালী বা পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি গলে তদানীন্তন পৰিচালনা সমিতিয়ে জিলা ন্যায়াধীশক অবগত কৰে আৰু জিলা ন্যায়াধীশৰ হৈ বৰপেটা জিলা প্ৰশাসনে নিৰ্বাচন অনুষ্ঠিত কৰে৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, ডেকাসত্ৰীয়া আৰু সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচন ১৯৩৫ চনৰ পৰা আৰম্ভ হৈছিল৷ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল তিনি বছৰ৷ আনহাতে বুঢ়াসত্ৰীয়া আৰু ডেকা সত্ৰীয়াৰ কাৰ্যকাল আজীৱন৷ ২০২২ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ বৈকুন্ঠপ্ৰয়াণৰ পিচত বুঢ়াসত্ৰীয়া পদটো খালী হৈ আছিল৷ আনহাতে সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকালো ছমাহ পুৰ্বে উকলি গৈছে ৷ সেইমৰ্মে ২৯ ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত হব৷ এই নিৰ্বাচনত বুঢ়া সত্ৰীয়া পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুগৰাকী প্ৰাৰ্থীয়ে৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাস আৰু বৰপেটা সত্ৰৰ উদাসীন ভকত হেমেন আতৈ বুঢ়াভকত৷ বাবুল দাস সত্ৰ আৰু সমাজ জীৱনৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ উপৰি বৰপেটাৰ কেবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে জড়িত৷ প্ৰাক্তন সাংবাদিক, থানৰ বাতৰিকাকতৰ প্ৰাক্তন সম্পাদক দাস এগৰাকী সুবক্তা আৰু লেখক ৷ আনহাতে আনগৰাকী প্ৰাৰ্থী হেমেন আতৈ বুঢ়াভকত এগৰাকী সত্ৰৰ ৰাতি- নীতি পৰম্পৰাৰ লগত জড়িত হৈ সত্ৰ চৌহদ বসবাস কৰি থকা এগৰাকী উদাসীন ভকত (কেওলীয়া ভকত)৷ ১২ বছৰ বয়সৰ পৰাই ঘৰৰ পিতৃ-মাতৃ পৰিয়ালক এৰি ভোৰতাল নৃত্যৰ স্ৰষ্টা নৰহৰি বুঢ়াভকতৰ লগত আলধৰা হিচাপে থাকিবলৈ লৈছিল৷ তেও নৰহৰি বুঢ়াভকতৰ পৰা সত্ৰীয়া সংস্কৃতিকে প্ৰমুখ্য কৰি সত্ৰৰ সকলো নীতি-নিয়ম আহৰণ কৰি কেওলীয়া ভকত হিচাপে থাকিবলৈ লয় ৷ বৰপেটা সত্ৰ চৌহদৰ বৰবাহাত থাকি উদাসীন জীৱন যাপন কৰি আছে৷ ২৯ ছেপ্টেম্বৰৰ দিনা বৰপেটা সত্ৰৰ ১৫টা সত্ৰ সমষ্টিৰ ভোটাৰ ৰাইজে বুঢ়াসত্ৰীয়া পদৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ প্ৰাৰ্থীক ৮,৪১০গৰাকী ভোটাৰে ভোটদান কৰিব৷ ইপিনে সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদ ২৮জন যদিও ইয়াৰে ৬টা সত্ৰ সমষ্টিৰ মুঠ ৮গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা প্ৰাৰ্থীকেইগৰাকী হ’ল- পাঠকহাটী সমষ্টিত দিলীপ দাস, বৰহাটী সমষ্টিত গোবিন্দ সূত্ৰধৰ, পালাংদিহাটী-ফাটাহাটী সমষ্টিত ধনজিৎ দাস হৰমোহন দাস আৰু গুণজিৎ ওজা, মাজৰহাটী সমষ্টিত প্ৰদীপ কুমাৰ দাস, ৰায়তপাৰা-ভকতপাৰা-মাজৰপাৰা সমষ্টিত ৰত্নকান্ত মেধী আৰু কেওলীয়াহাটীত বিষ্টু আতৈ৷ বুঢ়াসত্ৰীয়া পদত ১৫টা সত্ৰ সমষ্টিতে নিৰ্বাচন অনুষ্ঠিত হব যদিও সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ ৬টা সমষ্টিৰ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত ৯টা সমষ্টিতহে সদস্য পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ ২০খন আসনৰ বিপৰীতে মুঠ ৩৭গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like