নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন। বিশাল জনসমুদ্ৰত পৰিণত অকাজানস্থিত আবুতানি জ্যেষ্ঠ মাধ্যমিক খেলপথাৰত৷ আজি জোনাই সমষ্টিৰ অকাজানস্থিত আবুতানি জ্যেষ্ঠ মাধ্যমিক খেলপথাৰত NDA বিজেপি মিত্ৰজোঁটে আয়োজিত প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় ২ মেত অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ প্ৰথম পঞ্চায়ত নিৰ্বাচনী সভাত সৰ্পই দেখা দিলে সেইয়া স্বয়ং ভগৱান মহাদেৱৰ আশীৰ্বাদ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰতীক চিহ্নত বা নিজৰয়দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে৷ গতিকে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণ শক্তি অসম এই তিনিওটা দলে একেলগ হৈ অসমৰ উন্নতি আৰু অগ্ৰগতিৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি অজি সমবেত হৈছোঁ বুলি কৈ প্ৰথমে মই অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ কিয়নো অসমত প্ৰায় নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত প্ৰায় ৩০০ তকৈ অধিক আঞ্চলিক পঞ্চায়ত সদস্য আৰু ৪০ তকৈ অধিক জিলা পৰিষদৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী পৰা বিনা প্ৰতিদ্বন্দিতাত বিজয়ী হৈছে৷
ৰাইজৰ অটুট আস্থা আৰু বিশ্বাসত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, মিত্ৰজোঁটে নিৰ্বাচনত বহু দুৰ আগুৱাই গৈছে গতিকে ধেমাজি জিলাত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, আৰু গণশক্তি অসম মিত্ৰজোঁটে আটাইকেইটা আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিসদৰ সদস্য বিজয়ী হব ৷ গতিকে ৰাইজৰ আশীৰ্বাদ প্ৰয়োজন যাতে অসমখনৰ নৱনিৰ্মান আৰু অসমখনক দূৰ্তগতিত আগুৱাই লৈ যাব পাৰো বুলি কয় পুণৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কয়- ২০২১ চনৰ ১০ মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলোঁ এই অহা ১০ মে’ত মোৰ মুখ্যমন্ত্ৰী হিচাপে চাৰিবছৰ সম্পূৰ্ণ হব৷
আজি চাৰিটা বছৰে আমাৰ অসম খনত কেনেকৈ এক শান্তি, প্ৰগতি আৰু উন্নয়নৰ পৰিবেশ নিৰ্মাণ হৈছে৷ ৰাজ্যখনৰ চাৰিওফালে উন্নয়নৰ পৰিবেশ আৰু আমাৰ অসমখন প্ৰগতিৰ নতুন দিগন্তলৈ গতি কৰি এক সম্প্ৰতি সাঁকো নিৰ্মাণ হৈছে৷ কোনো জনগোষ্ঠীৰ আনটো জনগোষ্ঠীৰ সংঘাট নাই কোনো জাতি উপজাতিৰ মাজ সংঘাত নাই চাৰিওফালে আজি এটা প্ৰগতিৰ পৰিবেশ আৰু এক নতুন অসমৰ নিৰ্মাণ পৰিবেশ আমাৰ ৰাজ্যখন ইমানেই আগুৱাই গৈছে প্ৰথম বাৰৰ বাবে আমাৰ চৰকাৰৰ দিনত দেশৰ বিভিন্ন প্ৰান্তৰ উদ্যোগপতি সকল আহি অসমত ৫ লাখ কোটি টকাতকৈয়ো অধিক বিনিয়োগ কৰাৰ বাবে তেওলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷
অৰ্থাৎ আমাৰ আজিৰ বানে গঢ়কা ৰাজ্যখন, বানে বিধ্বস্ত কৰা ৰাজ্যখন, উগ্ৰপন্থী ৰাজ্যখন আৰু জাতি উপজাতিৰ মাজত থকা অবিশ্বাসৰ অসম খন আজি অতীত হৈ গল এতিয়া আমাৰ অসমখন বিকাশৰ নতুন পৰিবেশলৈ দূৰ্তগতিত নিৰ্মাণ আগবাঢ়িছে৷ প্ৰধানমন্ত্ৰী আশীৰ্বাদ আজি আমাৰ অসমত নতুন মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ৰাস্তা , দলং, মথাউৰি কে ধৰি বিভিন্ন উন্নয়ন মূলট আঁচনিৰ চকুত লগা পৰিবেশ৷ কংগ্ৰেছৰ ১৫ বছৰৰ শাসন কলত আমাৰ ৰাজ্যখনৰ পৰিবেশ কেনেকুৱা আছিল, বানে ধেমাজিক বিধ্বস্ত কৰিছিলে তেওঁলোকে ধেমাজি বান সমস্যা সমাধানৰ প্ৰচেষ্টা কৰা নাছিল কংগ্ৰেছৰ শাসন কালত ৰাষ্ট্ৰীয় ঘাই পথেই হওক বা বিভিন্ন ৰাস্তা ঘাঠৰ সমস্যা, চাকৰি বাবে টকা দিবলগীয়া হৈছিল, উন্নয়ন মূলক কোনো আচনি নাছিল কিন্তু আমাৰ বিজেপি চৰকাৰৰ দিনত এইয়া সম্ভৱ হৈ উঠিল৷
কংগ্ৰেছৰ চৰকাৰ মানে ৰাস্তা ঘাট নহয় ধূতি লুঙিৰ চৰকাৰ কংগ্ৰেছৰ দিনত অৰুনোদ, নিযুত মই আঁচনি, মড়িলা উদ্যমীতা আঁচনি, ধেমাজিত মেডিকেল কলেজ, ধেমাজি ইঞ্জিনীয়াৰ কলেজ, মেডিকেল কলেজ নাই হোৱা কংগ্ৰেছ শাসন কালত কেৱল মাত্ৰ লুঙি-ধূতি, সূতা আৰু আঠুৱাৰ ৰাজনীতি কৰিছিল কংগ্ৰেছে। স কংগ্ৰেছে সেইবাবে হাতৰ ছবিৰ পৰিৱৰ্তে লুঙিৰ ছবিৰে নিৰ্বাচন খেলিব লাগে। কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ। বৰ্তমান লৈকে ডেৰ লাখ চাকৰি দিলে বিজেপি এন ডি চৰকাৰে তামোল এখন নোখোৱাকৈ।
পুলিচ চাকৰি দিলে কোনো ঘোচ নোলোৱাকৈ। এতিয়াৰে পৰা অসমৰ যুৱকে চিৰ্কিউটি গাৰ্ড কৰিবলৈ কেৰেলালৈ বা অন্য ৰাজ্যলৈ যাব নালাগে। চৰকাখনে ৰাজ্যখন শুৱনি কৰিব খোজিছো বিজেপিয়ে। মহিলাসকলক অৰুণোদয় প্ৰয়োজনৰ কাৰণে অৰোণোদয় দিছো। ধেমাজিত মে মাহৰ ভিতৰত মহিলা উদ্যমীতা আঁচনি ১০ হাজাৰ টকা দিয়াৰ ব্যৱস্থা কৰা হব৷ কিন্তু ১০ হাজাৰটো টকাটো ভাল ব্যৱহাৰ কৰিলে পিছৰ পৰ্যায়ত ২৫ হাজাৰ দিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ৷ ৰেছন কাৰ্ড থকা সকলক মেডিকেলত ৫ লাখ পাব। ছাত্ৰ ছাত্ৰী নামভৰ্ত্তি বাবে এতিয়াৰে পৰা ৰেছন কাৰ্ড থাকিলে গাওবুঢ়াৰ চাৰ্টিফিকেট নালাগে৷ অক্টোবৰত ডালি, চেনি, নিমখ ১০ টকাকৈ কম দামত দিব চৰকাৰে।
নিযুত মইনা আঁচনিত এইবাৰ বি,এ-বি,এ,চি অধ্যয়ত ছাত্ৰক বেংকত এক বছৰলৈ আঢ়ৈ হাজাৰ দিব মামাই। বৰ্তমান লৈকে জোনাই সমষ্টিত ৩০০ জনক শিক্ষিত নিবনুৱা যৱকক ২ লাখ টকা দিয়া হৈছে। পুণৰ অক্টোবৰত ৭০০ জনক ২ লাখ টকা দিব বুলি মন্তব্য কৰি পুণৰ কয় ধেমাজি বিভিন্ন জাতি-জনজাতিৰে পৰিপূৰ্ণ, বৰ্ণিল ভাষা-সংস্কৃতিৰে গৰিমামণ্ডিত জিলাখনক আমি চাৰিওদিশৰ পৰা এখন শ্ৰেষ্ঠ জিলা হিচাপে গঢ়ি তুলিবলৈ মনস্থ কৰিছোঁ বুলি মন্তব্য কৰি এইবাৰ জোনাই সমষ্টিপৰা প্ৰতিদ্বন্দিতা কৰা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্য সকলক পৰিচয় কৰে মুখ্য মন্ত্ৰী গৰাকীয়ে৷
অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, সোনোৱাল কছাৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিজেপি, গণশক্তি, এজিপিৰ বহু নেতা কৰ্মী লগতে ৩০ হাজাৰতকৈ অধিক ৰাইজৰ আগমনে বিশাল জনসমুদ্ৰত পৰিণত কৰিলে সভাস্থলী৷
প্ৰেৰক কৰবী দলে