নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : থাওৰাত নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ৪ নৱেম্বৰঃ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন উপলক্ষে তাৰকা ৰাজনীতিকৰ প্ৰচাৰত উথপথপ হৈ পৰিছে উজনিৰ বিভিন্ন ঠাই। অব্যাহত আছে আগন্তুক দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ। শাসকীয় বিজেপিয়েও নামি পৰিছে প্ৰচাৰত। মন্ত্ৰী বিধায়ক সকলো উঠিপৰি লাগিছে ভোটাৰক নিজৰ পক্ষলৈ আনিবলৈ। কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ তাৰকা প্ৰচাৰত উখল মাখল হৈ পৰিছে দেউৰী অধ্যুষিত এলেকা। সেই অনুসৰি আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৬নং কতিয়ৰি পৰিষদীয় সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিৰনজিৎ বীৰেশ্বৰ দেউৰীৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীয়ে চামগুৰি গাঁৱত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে আৰু জনতাৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰচাৰৰ অন্ত কয় যে ৰাইজৰ বিপুল উৎসাহ আৰু বিজেপিৰ প্ৰতি থকা আস্থা দেখি আপ্লুত হৈছোঁ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উন্নয়নমুখী আৰু খিলঞ্জীয়াকেন্দ্ৰিক অসম চৰকাৰৰ নীতিৰ প্ৰতি ৰাইজৰ আগ্ৰহ দেখি মই নিশ্চিত যে এই নিৰ্বাচনতো ৰাইজে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাব। এই প্ৰচাৰৰ সময়ত মন্ত্ৰী যোগেন মহন, স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই,, সাংসদ তপন গগৈও উপস্থিত থাকে।
You might also like