নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ অসমলৈ আহিব নির্বাচন আয়োগৰ দল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মাৰ্চঃ কাইলৈ দুদিনীয়া কার্যসূচীৰে অসমত উপস্থিত হ’ব দেশৰ নির্বাচন আয়োগৰ দল৷ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত আহিবলগীয়া দলটোৱে কাইলৈ ১ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণৰ পাছতে পোনে পোনে জনতা ভৱনত মুখ্য সচিবৰ সৈতে এক আলোচনাত মিলিত হ’ব৷ আনহাতে হোটেল ৰেডিছন ব্লুত বাহৰ পাতিবলগা নির্বাচন আয়োগৰ দলটোৱে ৬ মার্চত প্রতিখন জিলাৰ আয়ুক্তৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ মুখ্যতঃ অসমত কেইটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব লাগে সেই সন্দর্ভত মুখ্য সচিব আৰু জিলা আয়ুক্তসকলৰ পৰামর্শ গ্রহণৰ লগতে নিৰাপত্তাৰ দিশসমূহৰ ওপৰতো আয়োগে পর্যালোচনা কৰিব৷ উল্লেখ্য যে কাইলৈ আয়োগে আভ্যন্তৰীণ বিষয় সন্দর্ভত আন এক বৈঠক অনুষ্ঠিত কৰিব৷ ৰাজ্যিক নির্বাচনী বিষয়াক লৈ অনুষ্ঠিত কৰিব লগা এই বৈঠকত ভোটগ্রহণ কেন্দ্রৰ বৃদ্ধি, ইয়াৰ সুৰক্ষা, ভোটকেন্দ্রত থাকিব লগা বিভিন্ন সুবিধাসমূহ আৰু নির্বাচনত নিয়োজিত হ’ব লগা বিষয়া-কর্মচাৰী সন্দর্ভতো বিভিন্ন দিশ আলোচনা কৰাৰ সম্ভাৱনা আছে৷ কাইলৈ আহিবলগা দেশৰ নির্বাচন আয়োগৰ দলৰ ওচৰত ৰাজ্য চৰকাৰে ব’হাগ বিহুৰ পূর্বে অসমত নির্বাচন সম্পন্ন কৰাৰ দাবীৰে এক আর্জি পেছ কৰিব৷ ইতিমধ্যে ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত ইতিপূর্বে উল্লেখ কৰিছিল যে ৰাজ্য চৰকাৰৰ হৈ মুখ্য সচিবে ব’হাগ বিহুৰ পূর্বে নির্বাচন সম্পন্ন কৰাৰ বাবে দাবী উত্থাপন কৰিব৷

You might also like