🔹 বিশ্ব পৰিৱেশ দিৱস পালন : ‘গছ ভালপোৱা ককাৰ খং’ কবিতা আবৃত্তি
গুৱাহাটী, ৫ জুন : কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী শিক্ষাখণ্ডৰ অন্তৰ্গত মালিগাঁওস্থিত লোকপ্ৰিয় বৰদলৈ বিদ্যালয় এম ইৰ ছাত্ৰ সংসদৰ সাধাৰণ নিৰ্বাচন গণতান্ত্রিক পদ্ধতিৰে আজি অনুষ্ঠিত হৈ যায় । ১৯৭৮ চনতে প্ৰতিষ্ঠিত বিদ্যালয়খনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্র সংসদৰ সাধাৰণ নিৰ্বাচন বেলট পেপাৰৰ যোগেদি সম্পন্ন কৰা হয়। আৰম্ভণিতে লোকপ্ৰিয় বৰদলৈ বিদ্যালয় এম ইৰ ছাত্ৰ সংসদ গঠনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্রধান শিক্ষক তিলক চন্দ্ৰ বৈশ্যই। ছাত্র সংসদ গঠনৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই। উদ্বোধনী ভাষণত তেওঁ কয় যে সংসদীয় গণতন্ত্ৰত নিৰ্বাচনী প্ৰক্ৰিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সুস্থ ভোটদান ব্যৱস্থাইহে গণতন্ত্ৰক শক্তিশালী কৰে। এনে পৰিপ্ৰেক্ষিতত গণতান্ত্ৰিক পদ্ধতিৰে ছাত্ৰ সংসদৰ বিষয়ববীয়া নিৰ্বাচিত কৰাটো বিদ্যালয় এখনৰ বাবে এক শ্ৰেষ্ঠ শৈক্ষিক অনুশীলন। নিৰ্বাচনৰ অন্তত নিৰ্বাচনী বিষয়া শেৱালি শইকীয়াই প্ৰিজাইডিং আৰু পোলিং বিষয়াৰ সহযোগত সম্পূর্ণ গণতান্ত্রিক পদ্ধতিৰে নিৰ্বাচনী ফলাফল ঘোষণা কৰে। সেই অনুসৰি সাধাৰণ সম্পাদকৰ পদত মমতা দাস, সাংস্কৃতিক সম্পাদক পদত বৰ্ণালী দাস, প্ৰাচীৰ পত্রিকা সম্পাদক পদত জাহ্নৱী ডেকা, হাতেলিখা আলোচনী সম্পাদকৰ পদত নয়ামী বড়ো, খেল সম্পাদকৰ পদত আব্বাচ আলী আৰু সমাজসেৱক সম্পাদক পদত ৰণচাই বড়ো নিৰ্বাচিত হৈছে। তদুপৰি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি বিদ্যালয় প্ৰাংগণত বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে জ্যেষ্ঠ সাংবাদিক অঞ্জন শৰ্মাই। উক্ত কাৰ্যসূচী মুকলি কৰি দিয়া ভাষণত তেওঁ কয়- সাম্প্ৰতিক বিশ্বত পৰিৱেশ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই দুৰ্যোগৰ পৰা ৰক্ষা পৰাৰ উপায় হ’ল ব্যাপক হাৰত বৃক্ষ ৰোপণ কৰা আৰু জনসাধাৰণ মাজত পৰিৱেশ সজাগতা সৃষ্টি কৰা। অনুষ্ঠানত বিভাগীয় নিৰ্দেশ অনুসৰি পাঁচগৰাকীকৈ শিক্ষক-শিক্ষায়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক লগত লৈ পাঁচজোপা গছপুলি ৰোপণ কৰা হয়। অক্ষৰ ফাউণ্ডেচন নামৰ সংস্থাটোৱেও বিদ্যালয়খনত কেইটামান গছপুলি ৰোপণ কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ বিজ্ঞান শিক্ষয়িত্ৰী লিলি কলিতাই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্যৰ বিষয়ে কয়। সভাত ‘গছ ভালপোৱা ককাৰ খং’ কবিতাটি আবৃত্তি কৰা হয়। অনুষ্ঠানত বিদ্যালয়খনৰ সহ: শিক্ষয়িত্ৰী পূৰৱী দাসে ‘এবাৰ ব্যৱহাৰ্য প্লাষ্টিক’ শীৰ্ষক ভাষণ দি কয় যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ হ’লে আমি প্লাষ্টিকৰ বিকল্প সামগ্রী ব্যৱহাৰ কৰাটো বাঞ্ছনীয়। বিদ্যালয়খনৰ সকলো কাৰ্য্যসূচীতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অক্ষৰ ফাউণ্ডেচনে অংশগ্ৰহণ কৰে।