ৰহাত এজিপি-বিজেপিৰ বিশাল নিৰ্বাচনী সভাত পাৰভঙা উছাহ দলীয় কৰ্মীৰ
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ৰাজ্যত তিনিটা স্তৰত চলি থকা সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানত আজি ৰহা সমষ্টিত উপস্থিত হৈ অন্তিমখন নিৰ্বাচনীত সভাত অংশগ্ৰহণ কৰে বিজেপিৰ জনপ্ৰিয় নেতা তথা নেডাৰ আহ্বায়ক, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।
ৰহা সমষ্টিৰ আমচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত গাৰোগাঁও খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাখনত দেখা গ’ল মিত্ৰজোঁটৰ দলীয় কৰ্মীৰ পাৰভঙা উচাহ। দিনৰ বাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি জনপ্ৰিয় নেতা ড৹ হিমন্ত বিশ্ব শৰ্মাই এইবাৰো ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰে।
উল্লেখ্য যে নেতাগৰাকী উপস্থিত হোৱাৰ লগে লগে আৰক্ষীৰ বেষ্টনী ভাঙি মন্ত্ৰীগৰাকীৰ ওচৰলৈ ঢপলিয়াই আহিল শ শ দলীয় সমৰ্থক। নিজৰ ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে কয় যে ৰাইজে ৰহা সমষ্টিত অসম গণ পৰিষদ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিষ্ণু দাসক ভোট দি জয় কৰাই দিয়াৰ পাছত ৰহা সমষ্টিৰ উন্নয়ন কৰোৱাৰ দায়িত্ব নিজে লব।
ইয়াৰ লগতে কংগ্ৰেছ তথা মহাজোঁটক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাইজৰ উন্নয়ন কৰিলে কংগ্ৰেছ-ইউডিএফে বেয়া পায়। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ জনসাধাৰণে কিমান কষ্ট লাভ কৰিছিল সেয়া সকলোৰে মনত আছে। কংগ্ৰেছৰ দিনত এচিএছ চাকৰি বা ডি এছ পি চাকৰি পাবলৈ এক কোটি টকা খৰচ কৰিব লগা হৈছিল।
কিন্তু ২০১৬ চনৰ পৰা বিজেপি-অগপৰ মিত্ৰজোঁট চৰকাৰৰ দিনত এটকাও খৰচ নকৰাকৈ চাকৰি লাভ কৰিছে। তদুপৰি এইবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ’লে এক লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি , প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে প্ৰতিমাহে তিনিহাজাৰকৈ টকা, প্ৰতিটো আত্মসহায়ক গোটে ১ৰ পৰা দুই লাখকৈ টকা লাভ কৰিব বুলি কয়।
আনহাতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সকলো ছাত্ৰীয়ে স্কুটী লাভ কৰা লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে কলেজলৈ যাবলৈ প্ৰতিদিনে এশ টকাকৈ লাভ কৰিব বুলিও কয়। কিন্তু এইবোৰ ৰাইজৰ উন্নয়নমূলক কাম কৰিলে কংগ্ৰেছ-ইউডিএফে বেয়া পায় বুলি উল্লেখ কৰি মহাজোঁটৰ চৰকাৰ হ’লে মহিলাসকলে যিমান ইচ্ছা সিমান সন্তান জন্ম দিয়া আঁচনি গ্ৰহণ কৰিব বুলি কটাক্ষ কৰি কিছু কিছু ঠাইত কোনোলোকে মহিলাসকলক বিপথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰে।
তেওঁ কয় যে সমাজ পৰিৱৰ্তন হ’ব তেতিয়া ,যেতিয়া ছোৱালীবোৰ শিক্ষিত হ’ব।কিন্তু আজিও কিছুমান ছোৱালীয়ে স্কুটীলৈ কলেজলৈ যায় আৰু আন কিছুমান কম বয়সীয়া ছোৱালীয়ে তিনি-চাৰিটা সন্তানৰ মাক হোৱা দেখা যায়। গতিকে এইবোৰৰ পৰা অসমৰ মহিলা তথা ছোৱালী বোৰক উচিত শিক্ষাৰে পৰিৱৰ্তন কৰিব লাগিব আৰু বিজেপি-অগপৰ মিত্ৰজোঁটৰ চৰকাৰে পৰিৱৰ্তন কৰিব বিচাৰিছে বুলি কয়।
আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় হিচাপে নিৰ্বাচনত নমা প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাসকো দাদা বুলি সম্বোধন কৰি উক্ত নিৰ্বাচনী সভাৰ পৰাই তেওঁক নিৰ্বাচন নেখেলি বিষ্ণু দাসক হিয়া উজাৰি শুভেচ্ছা আৰু আশীৰ্বাদ দিবলৈ আহ্বান জনাই। ইয়াৰ লগতে সভাত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰায়ো পুনৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি দাবী কৰে।
মন্ত্ৰী গৰাকীয়ে ভাষণত হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত গৰিষ্ঠ সংখ্যক আসন লাভ কৰিব বুলিও দাবী কৰে। তেঁও কংগ্ৰেছ-ইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰি মহাজোঁটত মহাজঁট লাগিছে বুলি উল্লেখ কৰি উজনি অসমত কংগ্ৰেছে এআইইউডিএফক লগত লৈ কিয় নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ সাহস নহ’ল বুলিও প্ৰশ্ন কৰে।তেওঁ ২০১৯ চনৰ পৰাই কংগ্ৰেছ-ইউডিএফৰ প্ৰেম হৈছিল বুলি উল্লেখ কৰি এইবাৰ নিৰ্বাচনত কংগ্ৰেছে ইউডিএফক এৰিব বিচাৰিছিল যদিও ইউডিএফৰ বদৰুদ্দিন আজমলে তলা মাৰি পকেটত চাবি ভৰাই থোৱাত উপায়হীন হৈ কংগ্ৰেছে মহিজোঁট বন্ধন কৰিব লগা হ’ল বুলি কটাক্ষ কৰি এআইইউডিএফক ন-কইনা আখ্যা দি উজনিত এই ন-কইনাক ৰাইজে গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰে।
উল্লেখ্য যে দুখনকৈ হেলিকপ্তাৰত পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ সভালৈ আহিল তিনি মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, অতুল বৰা আৰু কেশৱ মহন্ত। প্ৰচাৰ সভাখনত নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ, অগপৰ সভাপতি অতুল মেধি, প্ৰভাৰী মনিষ গ্ৰোভা, বিজেপি নেতা সঞ্জীৱ হাজৰিকা, মনজ্যোতি বৰা, বিধায়ক ডিম্বেশ্বৰ দাস, উত্তম চন্দ্ৰ দাস, সূৰ্য দাস, অগপ নেতা পদ্ম গোস্বামী, হোজাই জিলা সভাপতি ৰেজাউল কৰিমৰ লগতে তিৱা স্বায়ত্ব পৰিসদৰ কেইবাজনো নিৰ্বাচিত প্ৰতিনিধি উপস্থিত থাকে। সভাত বগলাজান পঞ্চায়তৰ প্ৰাক্তন সভাপতি বলেন হীৰাৰ লগতে নৃপেন ৰাজবংশী আৰু আমচৈ পঞ্চায়তৰ অৰ্ধশতাধিক লোকে অগপ-বিজেপিত যোগদান কৰে।