নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ শিলনীজানত সুৰামত্ত ট্ৰাক চালকৰ দৌৰাত্ম্য, বাগৰি পৰিল ট্ৰাক

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ কাৰ্বি আংলং জিলাৰ শিলনিজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে এক ভয়ানক ঘটনা সংঘটিত হয় । শিলনিজানৰ পৰা প্ৰায় ছয় কিঃমিঃ দূৰত্বৰ বৰনেউৰীয়াত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন লাইন হোটেলত ৰখাই থোৱা অৱস্থাৰ পৰা চালকৰ অজ্ঞাতে হেন্দিমেনে সুৰাসক্ত অৱস্থাত RJ 37 GB 9011 নম্বৰৰ চাউলভৰ্তি ট্ৰাকখন চলাই আহি  বিভীষিকা সৃষ্টি কৰি কেইবাপাকো মাৰি পুনৰ বৰনেউৰীয়ালৈ ঘূৰি যোৱা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই শিলনিজানৰ পেট্ৰল পাম্পৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই তলত বাগৰি পৰে।

দৈৱক্ৰমে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাকখন তলত বাগৰি পৰা সত্ত্বেও অঞ্চলটোত ভয়ানক দুৰ্ঘটনাৰ পৰা  ৰক্ষা পৰে । দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন চলাই অহা সুৰামক্ত হেন্দিমেনজনক আটক কৰে।

You might also like