নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত ৫৯ পইচাকৈ বাঢ়িব বিদ্যুৎ মাচুল

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ক’ভিডকালীন পৰিস্থিতিত হোৱা লোকচানৰ দোহাই দি অসম শক্তি বিতৰণ প্রতিষ্ঠান (এ পি ডি চি এল)সহ আটাইকেইটা প্রতিষ্ঠানে দিয়া প্রস্তাৱৰ ভিত্তিত গ্রাহকৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি কৰা হ’ব বিদ্যুৎ মাচুল৷ প্রতি ইউনিটত ৰাজ্যত বৃদ্ধি পাব ৫৯ পইচা৷ অহা ১ এপ্রিলৰ পৰা বর্ধিত হাৰত বিদ্যুৎ মাচুল আদায় দিব লাগিব ৰাজ্যবাসীয়ে৷ এই কথা সদৰী কৰিছে অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই৷

অধ্যক্ষগৰাকীয়ে প্রকাশ কৰা অনুসৰি প্রতি ইউনিটত সামগ্রিকভাৱে ৮ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে৷ ইয়াৰ লগে লগে প্রতি ইউনিট বিদ্যুৎ মাচুলৰ মূল্য এতিয়াৰে পৰা ৬.৮০ টকাৰ পৰা ৭.২০ টকালৈ বৃদ্ধি হ’ব৷ নতুনকৈ বৃদ্ধি কৰা মাচুলৰ ভিতৰত ফিক্সড চার্জ আৰু এনার্জী চার্জ অন্তর্ভুক্ত হৈ আছে৷

এই সন্দর্ভত সংবাদ মেলত কুমাৰ সঞ্জয় কৃষ্ণই কয়– ‘ক’ভিডৰ সময়ছোৱাত ৰাজ্যত সকলো লোক ঘৰত সোমাই থাকিবলগীয়া হোৱা বাবে ঘৰুৱা বিজুলী ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাইছিল৷ ২০২০–২১ বিত্তীয় বর্ষত সামগ্রিকভাৱে ৩৫৭ মেগা ইউনিট বিক্রী হ্রাস পাইছে৷ অৱশ্যে এল টি বিক্রীৰ পৰিমাণ ৪৩ মেগা ইউনিট বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে এইচ টি বিক্রীৰ ক্ষেত্রত ৩৫৭ মেগা ইউনিট হ্রাস পাইছে৷ যাৰ বাবে এ পি ডি চি এলে প্রায় ৭৮০ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছিল৷ ২০২০–২১ বিত্তীয় বর্ষত এ পি ডি চি এলে ১৩২৮ মেগা ইউনিট অতিৰিক্তভাৱে প্রতি ইউনিটত ১.৪৪ টকাকৈ লোকচান ভৰি বিক্রী কৰিবলগীয়া হয়৷ ইয়াৰ বাবে তেওঁলোকে ১৯১ কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হয়৷ আয়োগে অনুমোদন জনোৱা ১৫.৫ শতাংশৰ বিপৰীতে বিতৰণৰ ক্ষেত্রতো এ পি ডি চি এল ১৮.৫৫ শতাংশ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷ যাৰ বাবে শক্তি ক্রয়ৰ ক্ষেত্রত ১৫৮ কোটি টকা অধিক ভৰিবলগীয়া হয় এ পি ডি চি এলে৷’

 

You might also like