নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্রিলৰ পৰা সলনি বিদ্যুতৰ নিৰিখ, সাধাৰণ ঘৰুৱা গ্রাহকৰ ইউনিটেপতি হ্রাস ১ টকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ বিদ্যুৎ উপভোক্তালৈ সুখবৰ কঢ়িয়াই অহা ১ এপ্রিলৰ পৰা শক্তি বিভাগে হ্রাস কৰিব বিদ্যুতৰ নিৰিখ৷ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ সকলো জীৱনধাৰা আৰু ঘৰুৱা উপভোক্তাৰ বাবে বিদ্যুতৰ শুল্ক প্রতি ইউনিটত ১ টকাকৈ হ্রাস কৰা হ’ব৷ বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে৷ ইয়াৰ জৰিয়তে ১২৫ ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্রাহকে এই ব্যৱস্থাৰ জৰিয়তে লাভ কৰিব ৰেহাই৷ আনহাতে কৃষি, ঔদ্যোগিক আৰু  বাণিজ্যিক শুল্ক প্রতি ইউনিটত ২৫ পইচাকৈ হ্রাস পাব৷ আজি এই সন্দর্ভত অধ্যক্ষ সঞ্জয় কৃষ্ণই উল্লেখ কৰে যে অসম বিদ্যুৎ বিতৰণ কোম্পানী (এপিডিচিএল), অসম বিদ্যুৎ উৎপাদন কোম্পানী (এপিজিচিএল), অসম বিদ্যুৎ গ্রিড কোম্পানী (এইজিচিএল) আৰু ৰাজ্যিক বিতৰণ কেন্দ্র (এছএলডিচি)ৰ আবেদনৰ ওপৰত ভিত্তি কৰি বিদ্যুৎ নিয়ামক আয়োগে ১ এপ্রিলৰ পৰা প্রযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সম্পর্কীয় নির্দেশনা জাৰি কৰিছে৷ এইক্ষেত্রত এপিডিচিএলে দাখিল কৰা আবেদনত ২০২৫–২৬ বর্ষৰ বাবে নতুন নিৰিখত সাধাৰণ গ্রাহকৰ কাৰণে বিদ্যুৎ মাচুল বৃদ্ধিত কোনো প্রস্তাৱ দাখিল কৰা নাছিল৷ আজি অনুষ্ঠিত এখন সংবাদ মেলযোগে অধ্যক্ষগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে সকলো পক্ষৰ মতামত গ্রহণ কৰাৰ পাছত নতুন নিৰিখত সাধাৰণ ঘৰুৱা গ্রাহক আৰু জীৱনধাৰা আঁচনিৰ গ্রাহকৰ বাবে প্রতি ইউনিটত বিদ্যুৎ মাচুল ১ টকাকৈ হ্রাস কৰাৰ নির্দেশনা দিয়া হৈছে৷ উল্লেখ্য যে জীৱনধাৰাৰ গ্রাহকসকলে পূর্বে প্রতি ইউনিটত বিদ্যুৎ শুল্ক আদায় কৰিছিল ৬.৩৪ টকাকৈ৷ এটাকৈ হ্রাস কৰাত এতিয়া এই নিৰিখ হ’ব ৫.৩৪ টকা৷ আনহাতে, সাধাৰণ ঘৰুৱা গ্রাহকে প্রতি ইউনিটত মাচুল আদায় দিছিল ৮.৭৪ টকাকৈ৷ নতুন নিৰিখ অনুসৰি প্রতি ইউনিটত মাচুল হ’ব ৭.৭৪ টকাকৈ৷ বাণিজ্যিক ক্ষেত্রত প্রতি ইউনিটত বর্তমান মাচুল হৈছে ৯.১৯ টকা৷ ২৫ পইচাকৈ হ্রাস হোৱাৰ পিছত প্রতি ইউনিটত এতিয়া শুল্ক হ’ব ৮.৯৪ টকা৷ কৃষিৰ ক্ষেত্রত বর্তমানে মাচুল নির্ধাৰণ কৰা আছিল ৬.৩৪ টকাকৈ৷ ২৫ পইচা হ্রাস কৰিলে প্রতি ইউনিটত মাচুল হ’ব ৬.০৯ টকাকৈ৷ ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত এতিয়া প্রতি ইউনিটত মাচুল হৈছে ৬.৮৪ টকাকৈ৷ ২৫ পইচাকৈ নিৰিখ হ্রাস কৰিলে প্রতি ইউনিটত মাচুল হ’ব ৬.৫৯ টকাকৈ৷ একেদৰে চাহ বাগিচা আৰু ৰবৰৰ খেতিৰ ক্ষেত্রত ব্যৱহাৰ হোৱা বিদ্যুতৰ নিৰিখো ২৫ পইচাকৈ হ্রাস কৰা হৈছে৷ সেই হিচাপে চাহ আৰু ৰবৰ খেতিৰ ক্ষেত্রত ব্যৱহূত বিদ্যুতৰ প্রতি ইউনিটৰ বর্তমানৰ নিৰিখ ৭.৯৪ টকা৷ ২৫ পইচাকৈ হ্রাস কৰাৰ ফলত এই নিৰিখ হ’ব ৭.৬৯ টকা৷ তেল আৰু কয়লা উদ্যোগৰ ক্ষেত্রতো বর্তমান ৮.২৯ টকাৰ স্থানত ২৫ পইচাকৈ হ্রাস পালে এই নিৰিখ হ’বগৈ প্রতি ইউনিটত ৮.০৪ টকাকৈ৷ ইফালে, বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুৎ মাচুল হ্রাস কৰা বিষয়টো সন্দর্ভত আজি সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে আর্থিকভাৱে অনগ্রসৰ আৰু মধ্যবিত্ত শ্রেণীয়ে ইয়াৰ জৰিয়তে বৃহৎ সকাহ লাভ কৰিব৷ বাজেটত ঘোষণা কৰা অনুসৰি বিদ্যুৎ নিৰিখ প্রতি ইউনিটত ১ টকাকৈ হ্রাস পালে উপকৃত হ’ব ৬৮ লাখ লোক৷ এই শুল্ক হ্রাসে গ্রীষ্মকাল আৰম্ভ হোৱাৰ পূর্বে অতি প্রয়োজনীয় সকাহ প্রদান কৰিব৷

You might also like