নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ৰ জয়মালাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ আমাৰিবাৰী আঞ্চলিক বন কাৰ্যালয়ৰ অধীনস্থ মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত বন বিভাগৰ তত্বৱধানত থকা জয়মালা নামৰ পোহনীয়া মাইকী হাতীটো অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে৷ দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হাতীটো আজি পুৱা ৮ মান বজাত মৃত্যু হোৱাৰ খবৰ চাৰিওপিনে বিয়পি পৰাৰ লগেলগে বিশেষকৈ বন বিভাগ আৰু বনকৰ্মী সকলৰ মাজত শোকৰ ছাঁ বিয়প পৰিছে৷ মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত জয়মালা পদাৰ্পণ কৰাৰ পাছৰে পৰা অঞ্চলটোৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ জাকজাক বন্যহস্তি জনাঞ্চললৈ প্ৰস্থান কৰি উপদ্ৰপ চলোৱা ৰোধ কৰাত জয়মালা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ উল্লেখ্য যে কেৱল মিছামাৰী অঞ্চলতে নহয় সমগ্ৰ শোণিতপুৰ জিলা খনতে বনৰীয়া হাতী খেদিবলৈ বনকৰ্মী সকলৰ সৈতে জয়মালা ছাঁটোৰ দৰে সহায় আগবঢ়াইছিল ৷ দিনে-নিশাই বনকৰ্মীৰ সৈতে সাৰথিৰ দৰে থাকি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰপ ৰোধ কৰাত নিয়োজিত আছিল জয়মালাই ৷ বন কৰ্তৃপক্ষৰ পৰা জানিব পৰামতে জয়মালা দীৰ্ঘদিন ধৰি যকৃত ৰোগত অসুস্থ হৈ আছিল ৷ ৰোগীয়া হাতীটো চিকিৎসা কৰাৰ পাছত সুস্থ হৈ উঠিলেও পুনৰ কিছুদিনৰ পাছত অসুস্থ হৈ পৰা বুলি জানিবলৈ দিছে৷ অসুস্থ জয়মালাক পশু চিকিৎসক অমৰজ্যোতি বড়োকে আদিকৰি পশু চিকিৎসকসকলে চিকিৎসা চলাই গৈছিল৷ বৃহত্তৰ মিছামাৰী অঞ্চলৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বাহৰ পাতি মাজে সময়ে জনাঞ্চললৈ প্ৰস্থান কৰা বন্যহস্তীৰ জাকক নিয়ন্ত্ৰণ কৰিবলৈ গাভৰু খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ সৈতে সদা জাগ্ৰত জয়মালা মাইকী হাতীটো অসুস্থ হৈ পৰাৰ পাছৰে পৰা দিনক দিনে হাতীটোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। জয়মালা বন বিভাগৰ এটা পৰিচিত নাম আৰু হাতীটো বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলোৰে অতি মৰমৰ আছিল বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে ২০১৯চনত নামেৰি বনাঞ্চলৰ অসম-অৰুনাচল সীমান্তত গৰাকীবিহীন ভাবে পোহনীয়া হাতীজনীক বন কৰ্তৃপক্ষই ভৰিত শিকলি লগোৱা অৱস্থাত উদ্ধাৰ কৰিছিল৷ বন বিভাগে এই হাতীটোক কিছুদিন তেজপুৰ বন কাৰ্যালয়ত ৰখাৰ পাছত গাভৰু বন কাৰ্যালয়ত হাতীটোক চোৱাছিতাৰ কাৰণে প্ৰেৰণ কৰে৷ গৰাকীবিহীন হাতীটোৰ মালিক কোন তাকলৈ সৃষ্টি হৈছিল বিতৰ্ক৷ হাতীটোৰ যাৱতীয় নথি পত্ৰ দেখাব নোৱাৰৰ বাবে হাতীজনী গাভৰু খণ্ড বন কাৰ্যালয়তে থাকি যায় আৰু বনকৰ্মী সকলে হাতীটোৰ নাম জয়মালা ৰাখে আৰু সেই নামেৰে হাতীটোৰ নাম জয়মালা নামেৰে পৰিচিত হৈ পৰে৷ বনকৰ্মীসকলৰ মৰমৰ জয়মালা বনকৰ্মীৰ সৈতে থাকি বনৰীয়া হাতী খেদাত সহায় কৰি আহিছিল৷ প্ৰায় ৭০ বছৰ গৰকা ৰুগীয়া হাতীটো অভিযোগ অনুসৰি যোৱা দুৰ্গাপূজাৰ আগৰপৰাই একেঠাইতে শিকলিৰে বন্ধা অৱস্থাত আছিল আৰু অসুস্থ হাতীটো দিনক দিনে হাতীটোৰ অৱস্থা বেয়ালৈ গতি কৰিছিল৷ বিশেষ সূত্ৰে জানিব পৰামতে ৰুগীয়া হাতীটো মাজেসময়ে ফুৰাচকা কৰিব লাগে যদিও মাউত নথকাৰ দোহাই দি হাতীটো বন্ধা অৱস্থাতে বিগত প্ৰায় দুমাহ ধৰি আছিল আৰু অৱশেষত আজি পুৱা জয়মালা চিৰদিনৰ কাৰণে চকুমুদে৷ হাতীটোৰ কৰুণ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলী লৈ পশ্চিম শোণিতপুৰ বন প্ৰাধিকৰণ কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষক পদুম বৰপাত্ৰগোঁহাই, আঞ্চলিক বন বিষয়া প্ৰসেন দাস, বিভাগটোৰ কৰ্মচাৰী বৃন্দ, পশু চিকিৎসক ডাঃ অমৰজ্যোতি বড়ো আদি উপস্থিত হয়৷ পাছত মৃত হাতীটোক ডাঃ অমৰজ্যোতি বড়োৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ অন্তত গাভৰু খণ্ড বন কাৰ্যালয়ৰ চৌহদত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে ৷

প্ৰেৰক বগা তপ্ন

You might also like