নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰিছে দক্ষিণ কামৰূপৰ মেধিপাৰা-ভাগৱতীপাৰাবাসীৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : যোৱা কেইবা মাহৰপৰা দক্ষিণ কামৰূপৰ ৰঙামাটিৰপৰা আৰম্ভ কৰি গোঁসাই মেধিপাৰালৈকে নিশাৰ ভাগত বনৰীয়া হাতীয়ে সঘনাই জন অৰণ্যলৈ আহি বহুসংখ্যক মানুহৰ বসতিস্থল সমূহত চাৰিসীমাৰ পকী বেৰ ভাগি লণ্ডভণ্ড কৰা পৰিলক্ষিত হৈছে। নিশাৰ ভাগত সঘনাই ঘটি থকা বন্যহস্তীৰ তাণ্ডৱলীলা শেহতীয়াকৈ সম্প্ৰসাৰিত হৈছে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন ভাগৱতীপাৰা অঞ্চললৈ। যোৱা ১১ ফেব্ৰুৱাৰীৰ নিশা ১২ মান বজাৰপৰা ৩ মান বজালৈ ভাগৱতীপাৰাৰ ৰাজেন্দ্ৰ মোহন গোস্বামী, মিহিৰ কুমাৰ গোস্বামী, হীৰা গোস্বামীকে ধৰি কেইবাটাও পৰিয়ালৰ পকী বেৰ ভাগি-চিঙি পেলোৱাৰ লগতে  কলগছ, কঁঠাল গছকে ধৰি গছ-গছনি উভালি তহিলং কৰে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে চাৰিৰপৰা পাঁচটাকৈ হাতীয়ে নিশাৰ ভাগত কৰা এনেধৰনৰ কাৰ্যকলাপে অঞ্চলটোৰ মানুহক শংকিত কৰি তোলা পৰিলক্ষিত হৈছে। দীৰ্ঘদিনৰপৰা সমগ্ৰ অঞ্চলটোত হাতীৰ জাকে কৰি থকা এনেধৰনৰ কাৰ্যকলাপ প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগে সময়পযোগী পদক্ষেপ হাতত লোৱাটো সচেতন ৰাইজে কামনা কৰিছে।
প্ৰেৰক বিমল শৰ্মা
You might also like