নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বৰক’লাত হাতীৰ ভয়ত ত্ৰস্তমান ৰাইজ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতিকাষৰীয়া বৰক’লা গাঁৱত যোৱা কিছুদিন ধৰি বনৰীয়া হাতীৰ মুকলি বিচৰণক কেন্দ্ৰ কৰি গঞা ৰাইজৰ মাজত গভীৰ উৎকণ্ঠা আৰু ভয়ৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত গাঁওখনত সন্ধিয়া নামি অহাৰ লগে-লগে মানুহৰ আহ-যাহ সেৰেঙা হৈ পৰাৰ লগতে দিনৰভাগত পথাৰৰপৰা ধান চপাবলৈ যোৱা কৃষক ৰাইজৰ মাজত গভীৰ ছাপ সৃষ্টি হৈছে ৷ জানিব পৰা মতে, হাতীৰ জাক এটা কিছুদিনৰ পূৰ্বে বৰক’লাৰ জলাহত স্থানীয় ৰাইজে দেখাৰ পৰৱৰ্তী সময়ত সেই জাকটোৰ বিপৰীতে এতিয়া বৃহদাকাৰ একো-একোটা হাতীয়ে নিশা হ’লে অকলে-অকলে গাঁওখনত মুক্ত বিচৰণ কৰিবলৈ লোৱাত ৰাইজৰ মাজত শংকা বৃদ্ধি পাব ধৰিছে ৷ বিশেষকৈ বাঁহ-বেৰৰে আবৃত্ত সৰু-সৰু ঘৰৰ পৰিয়াল সমূহৰ সন্ধিয়া নামি অহাৰ লগে-লগেই নিদ্ৰা হৰণ ঘটিছে ৷ ফলস্বৰূপে গাঁৱৰ ল’ৰা-বুঢ়া ৰাতি একেলগ হৈ জুই ধৰি হাতীক খেদি পঠিওৱাৰ বাবে সষ্টম হৈ পৰাৰ সময়তে কালি সন্ধ্যা সাত মান বজাতে গাঁওখনৰ বল দেৱ সিঙৰ ঘৰৰ পিছফালৰ দৰ্জাৰ মুখতে এটা প্ৰকাণ্ড হাতী ৰৈ থকা দেখি পৰিয়ালৰ লোক কিংকৰ্তব্যবিমূঢ় হৈ পৰে যদিও হাতীটো তেনেকৈ কিছু সময় থাকি পুনৰ আঁতৰি যায়গৈ ৷ অৱশ্যে কিয় এনেদৰে হাতীয়ে গাঁওখনত বিচৰণ কৰিবলগীয়া হ’ল তাকে লৈ সকলো চিন্তিত হৈ পৰাৰ লগতে পথাৰৰ লখিমী ঘৰলৈ আদৰাৰ পৰতে হাতীয়ে এফালৰপৰা ধান খাবলৈ লোৱা কথাটোৱেও কৃষিজীৱী ৰাইজক মহা পয়মালত পেলাইছে ৷ আচলতে খাদ্যৰ সন্ধানতেই হাতীৰ আগমন হোৱা বুলিও চৰ্চিত হৈছে ৷ ইতিমধ্যে বন বিভাগৰ লোকে এই সম্পৰ্কে জানিব পাৰিছে যদিও তেওঁলোকেও হাতীৰ জাকটোক দূৰলৈ খেদি পঠিয়াব পৰা নাই বুলি স্থানীয় ৰাইজে খেদ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, আজি সন্ধিয়া ৬-৩০ মান বজাত গাঁওখনৰ আটিগাঁও চুবুৰীৰ ৰাইজে চুবুৰীটোৰ মূৰত থকা জুৰিয়া পুখুৰীৰ পৰত হাতী বাবুলৈ নীতি-নিয়মৰ মাজেৰে ধূপ-ধূনা জ্বলাই ধান,চাউল,আলু, বেঙেনা, আপেল আদি নৈবেদ্য আগবঢ়াই গাঁওনৰপৰা আঁতৰি যাবলৈ কাকূতি-মিনটি কৰিছে ৷ সকলোৱে আশা প্ৰকাশ কৰিছে যে হাতী বাবু নিশ্চয় গাঁও এৰি তেওঁৰ গন্তব্য স্থানলৈ গতি কৰিব৷ অৱশ্যে বৰক’লাৰ উপৰি ধেমাজি,বালিগাঁও, ফুলগুৰি, দেওবালি আদি গাঁও সমূহতো হাতীৰ আগমন হোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক প্ৰাঞ্জল বৰদলৈ

You might also like