নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই উন্মোচন এঘাৰখন হাতেলিখা আলোচনী

🔹 ছিপাঝাৰৰ বি জে ছোৱালী উচ্চতৰ মাধ্যমিকৰ ব্যতিক্ৰমী প‌্ৰয়াস 
নিয়মীয়া বাৰ্তা,  ১৩ ফেব্ৰুৱাৰী : ছিপাঝাৰৰ মাজমজিয়াত স্থাপিত নাৰী শিক্ষাৰ উল্লেখযোগ্য বিদ্যা মন্দিৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ ব্যতিক্ৰমী প্ৰয়াস বিশেষভাৱে চৰ্চিত হৈ পৰিছে। বিদ্যালয়খনে একেদিনাই এঘাৰখনকৈ হাতেলিখা আলোচনী উন্মোচন কৰি  পাঠ্যপুথিৰ অধ্যয়নৰ লগতে ছাত্ৰীসকলৰ সাহিত্যৰ প্ৰতি থকা ধাউতিৰ বহি:প্ৰকাশ ঘটায়। উল্লেখযোগ্য যে বিদ্যালয়সমূহত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱৰ কাৰ্যসূচীৰ মাজতে বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে প্ৰতিটো শাখাৰ পৰাই প্ৰকাশিত সাহিত্য সৃষ্টিৰ এই সম্ভাৰৰো আনুষ্ঠানিক মুকলি কৰা হয়। উল্লেখযোগ্য যে ডিম্পী বড়াৰ সম্পাদনাত ষষ্ঠ শ্ৰেণীৰ ক শাখাৰ পৰা “জোনাক”, মুনমী  শইকীয়াৰ সম্পাদনাত ষষ্ঠ শ্ৰেণীৰ খ শাখাৰ পৰা “প্রকৃতি”, ছায়ামণি বৰুৱাৰ সম‌্পাদনাত ষষ্ঠ শ্ৰেণীৰ গ ৰ পৰা ” তুলিকা”, নাফিচা চামিমৰ সম্পাদনাত সপ্তম শ্ৰেণীৰ ক শাখাৰ “নিশাৰ জোনাক”, চুজিতা নাথৰ সম্পাদনাত  সপ্তম শ্ৰেণীৰ খ শাখাৰ পৰা  “ৰদালি”, বিদিশা নাথৰ সম‌্পাদনাত সপ্তম শ্ৰেণীৰ গ শাখাৰ পৰা” অনুৰাগ”, আগলিয়েংকা হাজৰিকাৰ সম্পাদনাত অষ্টম শ্ৰেণীৰ ক শাখাৰ পৰা “সুবাস”, গায়ত্রী নাথৰ সম্পাদনাত অষ্টম শ্ৰেণীৰ খ শাখাৰ পৰা “কুঁহিপাত”, চার্জিনা ছিদ্দিকাৰ সম্পাদনাত অষ্টম শ্ৰেণীৰ গ শাখাৰ পৰা “নিয়ৰ”, তন্ময়ী চহৰীয়াৰ সম্পাদনাত  নৱম শ্ৰেণীৰ ক শাখাৰ পৰা ” নিকুঞ্জ” আৰু লীনামণি চহৰীয়াৰ সম্পাদনাত নৱম শ্ৰেণীৰ খ শাখাৰ পৰা  “কৃষ্ণচূড়া” শীৰ্ষক হাতেলিখা আলোচনীকেইখন প্ৰকাশ পায়। আনহাতে, তীৰ্থ কুমাৰ শইকীয়া আৰু চয়নিকা ডেকাৰ তত্ত্বাৱধানত ছাত্ৰী লীনামণি চহৰীয়াৰ সম্পাদনাত  বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰা “এনাজৰী” শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হয়। প্ৰণিধানযোগ্য যে ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ঘোঁৰাবান্ধা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ঐতিহ্যমণ্ডিত এই শিক্ষানুষ্ঠানখনত বৰ্তমান  ৫০৪গৰাকী ছাত্রীয়ে অধ্যয়ন কৰি আছে। প্ৰতিবছৰে উন্নত মানৰ ফলাফল প্ৰদৰ্শন কৰি অহা বিদ্যালয়খনত এইবেলি গুণোৎসৱত উপস্থিত থকা বিশিষ্ট ৰসায়নবিদ ডলিমাই কলিতা, পাণ‌্ডু মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ অংগণা বৰুৱা আৰু মহিলা পলিটেকনিক প্ৰতিষ্ঠানৰ প্ৰবক্তা ৰত্নেশ্বৰ কলিতায়ো ছাত্ৰীসকলৰ এই ঐকান্তিক প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ  শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাৰো শলাগ লয়।
প্ৰেৰক ৰঞ্জিত নাথ
You might also like