নিয়মীয়া বাৰ্তা, ১৫ মে : বিজ্ঞানমনস্কতাৰে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ যাত্ৰাত সকলোকে অংশীদাৰ হ’বলৈ আহ্বান জনোৱা সামাজিক সংস্থা “ইলোৰা বিজ্ঞান মঞ্চ” অসমৰ আজি বিংশতিতম প্ৰতিষ্ঠা দিৱস। এই সংস্থাৰ প্ৰতিষ্ঠা দিৱস কামৰূপৰ বকোতো বকো শাখাৰ উদ্যোগত আজি বকো মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। ইলোৰা বিজ্ঞান মঞ্চৰ বকো শাখাৰ সভাপতি গৌৰাঙ্গ ঠাকুৰীয়া আৰু সম্পাদক অপূৰ্ব কুমাৰ ৰয়ে জনোৱা মতে, ইলোৰা বিজ্ঞান মঞ্চ অসমৰ নীতি নিৰ্দেশনা অনুসাৰে বকো শাখাৰ উদ্যোগত পালন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী। ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পতাকা উত্তোলন কৰে সভাপতি গৌৰাংগ ঠাকুৰীয়াই। সভাপতি ঠাকুৰীয়াৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অপূৰ্ব কুমাৰ ৰয়ে। ইফালে “অন্ধবিশ্বাস আৰু কু সংস্কাৰ দূৰীকৰণত ছাত্ৰ ছাত্ৰীৰ ভূমিকা” শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। উক্ত বক্তৃতা অনুষ্ঠানত বিশেষ বক্তা হিচাপে উপস্থিত থাকে বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন চন্দ্ৰ কলিতা আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সভ্য সদস্যা জৱা পাঠক ডেকা। অনুস্থানত বকো মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুস্থানত বিচাৰক হিচাপে থাকে জ্যেষ্ঠ সমাজ কৰ্মী নাৰায়ণ তালুকদাৰ আৰু সুৰেন চন্দ্ৰ কলিতা। কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে বিজ্ঞান মঞ্চৰ যাদৱ চন্দ্ৰ ৰাভা, গিৰিধাৰী অধিকাৰী, অৰ্চিতা কলিতা, বকো মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বব্ৰুবাহন ৰাভা, সহ শিক্ষক নৱ নাথৰ উপৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল। অনুস্থানৰ শেষত ইলোৰা বিজ্ঞান মঞ্চ বকো শাখাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ৰয়ে বিদ্যালয়খনত ডাষ্টবিন বিতৰণ কৰে। অনুস্থানৰ শেষত কবিতা আবৃত্তি কৰা ছাত্ৰ ছাত্ৰীসকলোক বঁটা বিতৰণ কৰা হয়।
প্ৰেৰক বিষ্ণু ৰাম দাস