নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰ: মাছৰ তেলৰে যেন মাছ ভাজিলে জলসম্পদ বিভাগে।ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ দিনে নিশাই যুদ্ধ কালিন তৎপৰতাৰ মাজতে সংঘটিত এক আজৱ কাণ্ডই সকলোৰে চকু কপালত তুলিছে।গৰাখহনীয়াত জাহ যোৱা মথাউৰি নিৰ্মান কৰিবলৈকে পুৰণা মঠাউৰী খান্দি খহনীয়াত জাহ যোৱা মঠাউৰী নিৰ্মাণ কৰা কাৰ্যই সকলোকে ভবাই তুলিছে।ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়াই এছিয়ান ডেভেলপমেন্টৰ পুঁজিৰে এবছৰৰ পূৰ্বে নিৰ্মান কৰা সুৰক্ষা বান্ধটোৰ প্ৰায় ২০০ মিটাৰ খহনীয়াত জাহ যোৱাৰ পাছত ডিব্ৰুগড়ক সুৰক্ষা দিয়া প্ৰচেষ্টা এনেদৰেই অব্যাহত ৰাখিছে ডিব্ৰুগড়ৰ জলসম্পদ বিভাগে।পুৰণি মথাউৰীটোৰ একাংশ খান্দিয়েই ভাঙি যোৱা মথাউৰী নিৰ্মাণৰ আজৱ কাণ্ডত চকু কপালত তুলিছে আৰু বুঢ়া লুইতক ভেটাৰ চেষ্টা চলাইছে।
মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ ফলত আতংক অব্যাহত থকা সময়তে ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ আজৱ কাণ্ডত চকু কপালত।ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই ইতিমধ্যে ডিব্ৰুগড় সুৰক্ষা বান্ধৰ মাইজানত প্ৰায় দুশ মিটাৰ উটোৱাই লৈ যোৱাৰ পাছত জলসম্পদ বিভাগে তৎপৰতাৰে সুৰক্ষা বান্ধৰ কাষতে আন এটা বান্ধ অস্হায়ী ভাৱে নিৰ্মাণ কৰে যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এইপৰ্যন্ত বিশেষ সফল হব পৰা নাই।ইতিমধ্যে মাইজান নগাঘুলিৰ ছয়টা পৰিয়ালৰ বাসগৃহ নদীৰ খহনীয়াত জাহ যোৱাৰ লগতে আন চল্লিশটা পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ উপক্ৰম হৈছে।যাৰফলত প্ৰাণৰ মমতাত ইতিমধ্যে পৰিয়াল সমুহে নিজৰ বাসগৃহ এৰি মঠাউৰী তথা ৰিঙবান্ধৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিব লগা পৰিস্থিতি সৃষ্টি হৈছে।
বিশেষকৈ যদিহে ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হয় তেন্তে যিকোনো মুহূৰ্ততে নৈ পৰীয়া অঞ্চলটোত খহনীয়াত ঘৰ-বাৰি জাহ যোৱাৰ আশংকাত এতিয়া পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে।আনহাতে পুৰণি মথাউৰীটোকে এক্সেভেটৰৰ জৰিয়তে খান্দি জি’অবেগত ভৰাই ব্ৰহ্মপুত্ৰক ভেটা দিয়াৰ আজৱ প্ৰচেষ্টা সন্দৰ্ভত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা লগতে এই খহনীয়াৰ এক স্থায়ী সমাধান কৰাৰ দাবী উৎথাপন কৰিছে জাতীয় সংগঠন তথা ৰাইজে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।