নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যতীন গোস্বামীক সংগীত নাটক একাডেমী ফেল’শ্বিপ প্রদান

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ   সত্রীয়া সংস্কৃতিৰ সাধনাৰ লগতে প্রচাৰ আৰু প্রসাৰৰ বাবে নিৰৱচ্ছিন্নভাৱে আগবঢ়াই অহা অৱদানৰ স্বীকৃতি স্বৰূপে আজি বিশিষ্ট সত্রীয়া সংস্কৃতিৰ সাধক, নৃত্যাচার্য যতীন গোস্বামীক সংগীত নাটক একাডেমী ফেল’শ্বিপ প্রদান কৰা হয়৷ গুৱাহাটীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই ড০ বাণীকান্ত কাকতি প্রেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত নৃত্যাচার্য গোস্বামীক একাডেমীয়ে এই সন্মান প্রদান কৰে৷ একাডেমীৰ অধ্যক্ষ ড০ সন্ধ্যা পুৰেচা আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ যুটীয়া সচিব উমা নন্দুৰিৰ উপস্থিতিত তেওঁক এই সন্মান প্রদান কৰা হয়৷ সংগীত নাটক একাডেমীৰ এই সর্বোচ্চ সন্মান গ্রহণ কৰি দিয়া ভাষণত বিশিষ্ট সত্রীয়া সাধকগৰাকীয়ে তেওঁক এই সন্মান যচাৰ বাবে সংগীত নাটক একাডেমীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ আজিৰ দিনটো তেওঁৰ বাবে এটা স্মৰণীয় দিন হৈ ৰ’ব বুলি উল্লেখ কৰি নৃত্যাচার্য গোস্বামীয়ে কয়– ‘ক’ভিডৰ পাছৰ অসুস্থতাৰ বাবে যোৱা ৮ এপ্রিলত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত মই উপস্থিত থাকিব পৰা নাছিলোঁ৷ কিন্তু আজি গুৱাহাটীলৈ আহি সংগীত নাটক একাডেমীয়ে মোক এই সন্মান প্রদান কৰাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ৷ ২০১৫ বর্ষৰ নৱেম্বৰত সংগীত নাটক একাডেমীয়ে সত্রীয়া নৃত্যক স্বকৃতি প্রদান কৰিছিল৷ সেই সময়ত ময়ো একাডেমীৰ সদস্য আছিলোঁ৷ লগতে সংগীত নাটক একাডেমীৰ ২০১৮–১৯ বর্ষৰ সাধাৰণ পৰিষদৰ সকলো সদস্যলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোক এই সন্মানৰ বাবে বাছনি কৰিলে৷ মই কেতিয়াও ভবা নাছিলোঁ যে এই সন্মান পাম৷ যেতিয়া আমি সত্রত আছিলোঁ আৰু সত্রীয় নৃত্য শিকিছিলোঁ, তেতিয়া কোনোদিনে এনে বঁটা পাম বুলি ভবা নাছিলোঁ৷ এতিয়াও প্রায়সকল সত্রীয়া শিল্পীয়ে কিবা বঁটা পাম বুলি আশা নকৰে৷ সত্রীয়া নৃত্য আমাৰ বাবে সত্রৰ প্রতি আৰধনাৰ এটা অংশ৷ আশা নকৰা সত্ত্বেও মই এই বঁটা পালোঁ৷ আমি বহুজনে সন্মান পাইছোঁ৷ ইয়াৰ বাবে একাডেমীৰ ওচৰত কৃতজ্ঞ৷’ ইফালে সত্রীয়া নৃত্যক মূল নৃত্যৰ ধাৰা হিচাপে স্বীকৃতি দিয়া বাবে একাডেমীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে সত্রীয়া নৃত্যৰ বিকাশৰ বাবে সংগীত নাটক একাডেমীয়ে বিভিন্ন কাম কৰি আহিছে৷ ইয়াৰ পূর্বে সংগীত নাটক একাডেমীৰ ফেলশ্বিপ লাভ কৰা বিশিষ্ট সাহিত্যিক ড০ মহেশ্বৰ নেওগ আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কথা স্মৰণ কৰি নৃত্যাচার্যগৰাকীয়ে কয় যে সর্বভাৰতীয় প্রেক্ষাপটলৈ সত্রীয় নৃত্যক লৈ যোৱা প্রথমগৰাকী ব্যক্তি আছিল ড০ মহেশ্বৰ নেওগ৷ বঁটা গ্রহণৰ এই শুভ মুহূর্ততে তেওঁ নিজৰ গুৰু মণিৰাম দত্ত মুক্তিয়াৰ আৰু ৰসেশ্বৰ শইকীয়া বৰবায়নলৈও শ্রদ্ধা জ্ঞাপন কৰে৷ ভৱিষ্যতে একাডেমীৰ প্রচেষ্টাত সত্রীয়া নৃত্যই প্রচাৰ প্রসাৰ লাভত বিশেষভাৱে সফল হ’ব বুলি আশা কৰি তেওঁ যিসকল পুৰোধা ব্যক্তিৰ প্রচেষ্টাত সত্রীয়া নৃত্যই আজিৰ এই পর্যায়ত উপনীত হৈছে সেই গুৰুসকল, শিল্পী আৰু কলাকাৰসকললৈও শ্রদ্ধা জ্ঞাপন কৰে৷ ইপিনে অনুষ্ঠানৰ আৰম্ভণিতে ভাষণ প্রদান কৰি সংগীত নাটক একাডেমীৰ অধ্যক্ষ ড০ সন্ধ্যা পুৰেচাই কয় যে নৃত্যাচার্য গোস্বামীৰ দৰে এগৰাকী ব্যক্তিক সন্মান জনাবলৈ পাই একাডেমীয়ে সন্মানিত অনুভৱ কৰিছে৷ অসমৰ ঐতিহ্য আৰু সংস্কৃতিৰ লগতে অসম তথা ভাৰতীয় সমাজ জীৱনলৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি পুৰেচাই কয়– ‘শ্রীমন্ত শংকৰদেৱৰ জীৱনজোৰা সাধনাৰ সৃষ্টিৰাজি প্রচাৰ, প্রসাৰ আৰু সম্প্রসাৰণৰ বাবে একাডেমীয়ে গ্রহণ কৰা পদক্ষেপক সহায় কৰিবলৈ মই অধ্যক্ষা হিচাপে সকলো শিল্পী, পণ্ডিত আৰু প্রতিষ্ঠানক আহ্বান জনাইছোঁ৷’ ইফালে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ যুটীয়া সচিব উমা নন্দুৰিয়ে যতীন গোস্বামীক সন্মান জনাবলৈ পাই অত্যন্ত আনন্দিত বুলি প্রকাশ কৰে৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ অতিৰিক্ত সচিব মণিদীপা বৰকাকতিয়েও ভাষণ প্রদান কৰি দিল্লীৰ পৰা আহি যতীন গোস্বামীক এই সন্মান গুৱাহাটীত প্রদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমৰ চুকে–কোণে অজস্র প্রতিভাৱান শিল্পী লুকাই আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ কলা–সংস্কৃতি বিকাশৰ বাবে বিভাগে কাম কৰি আহিছে৷ সত্রীয়া নৃত্যত আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রতিষ্ঠিত কৰাৰ বাবে একাডেমীৰ সহযোগত কাম কৰিবলৈ বিভাগ আগ্রহী বুলি বৰকাকতিয়ে প্রকাশ কৰে৷ অনুষ্ঠানত নৃত্যাচার্য যতীন গোস্বামীৰ একাংশ শিক্ষার্থীয়ে সত্রীয়া নৃত্য প্রদর্শন কৰে৷ তদুপৰি নৃত্যাচার্যগৰাকীয়েও অনুষ্ঠানৰ শেষত নৃত্য প্রদর্শনেৰে উপস্থিত সকলোকে আপ্লুত কৰে৷ আজিৰ অনুষ্ঠানত কেইবাগৰাকীও পদ্মশ্রী সন্মানেৰে সন্মানিত ব্যক্তিৰ লগতে বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like