নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত এনকাউণ্টাৰ, যুৱতী অপহৰণকাৰীৰ ভৰিত গুলী

নিয়মীয়া বাৰ্তা, ২৩ জুন : কাছাৰত আৰক্ষীৰ পুনৰ একাউণ্টৰ। এইবাৰ এগৰাকী অপহৰণকাৰীৰ ভৰিত আৰক্ষীয়ে গুলীচালনা কৰে। ইয়াৰ ফলত অপহৰণকাৰীজন গুৰুতৰভাৱে আহত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। আনহাতে, অপহৰণকাৰীৰ আক্ৰমণত এগৰাকী আৰক্ষী জোৱানো আহত হৈছে। এক বিবৃতিযোগে এই কথা জনাই কয় যে লক্ষীপুৰ থানাৰ অধীনৰ বিনাকান্দিৰ এগৰাকী যুৱতীক মান্নান আহমেদে (৩২) অপহৰণ কৰি লৈ যায় । পিছত কাছাৰ আৰক্ষীৰ দলে তেওঁলোকক সোণাইৰ সমীপত তালাচীৰ সময়ত আটক কৰে।  তদন্তৰ সময়ত বিবাহিত আৰু দুটা সন্তান থকা অভিযুক্ত মান্নান আহমেদক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত ৰাতি প্ৰায় ২ বজাত প্ৰধান অভিযুক্ত মান্নান আহমেদক লক্ষীপুৰ বি পি এইচ চি চিকিৎসালয়লৈ নিয়াৰ সময়ত মান্নানে আৰক্ষীৰ দলটোক বাশকান্দিৰ মৰাগং শিৱপুৰত প্ৰস্ৰাৱৰ ছলেৰে গাড়ীখন ৰখাবলৈ অনুৰোধ জনায় । গাড়ীখন ৰখাই দিয়াৰ পিছতেই হঠাতে মান্নানে কৰ্তব্যৰত আৰক্ষী এল এন কে জছিম উদ্দিনক প্ৰচণ্ড ঘোচা মাৰি আন্ধাৰৰ সুযোগ লৈ মুকলি পথাৰৰ ফালে দৌৰি পলায়ন কৰে।  লগে লগে আৰক্ষীৰ দলটোৱে তেওঁক ৰ’বলৈ কয় যদিও সি দৌৰি থাকে।  আৰক্ষীৰ দলটোৱে আন কোনো বিকল্প বিচাৰি নাপাই দুই ৰাউণ্ড গুলীচালনা কৰে । আৰক্ষীৰ গুলী তেওঁৰ ভৰিত লগাত বাগৰি পৰে। লগে লগে মান্নানক পুনৰ বন্দী কৰা হয়।  অভিযুক্ত মান্নান আহমেদ আৰু গুৰুতৰভাৱে আহত এল এন কে জছিম উদ্দিন দুয়োকে চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তদুপৰি অধিক তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

 

প্ৰেৰক গৌতম তালুকদাৰ

You might also like