নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল্পনা-কল্পনাৰ অন্ত : অসমত ৩ পৰ্যায়ত লোকসভা নিৰ্বাচন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মাৰ্চঃ অৱশেষত নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ সাধাৰণ নিৰ্বাচনৰ তাৰিখ। আজি দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত সংবাদ মেলত কৰা ঘোষণা অনুসৰি অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব নিৰ্বাচন। সেই অনুসৰি ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মেত অসমত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হব ১৯ এপ্ৰিলত। সেইদিনা কাজিৰঙা, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ আৰু শোণিতপুৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ হব। অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হব ২৬ এপ্ৰিলত। সেইদিনা ডিফু, কৰিমগঞ্জ, নগাঁও, শিলচৰ আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হব। আনহাতে অসমত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায় অনুষ্ঠিত হব ৭ মেত। সেইদিনা গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হব। নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ৪ জুনত দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব।

You might also like