নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : আলফা স্বাধীনলৈ যোৱা যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি দিয়া ঘটনা পোহৰলৈ অহাৰ পিছত গোলাঘাট জিলাৰ বৰপথাৰৰ এজন যুৱক আলফাত যোগদান কৰা বুলি নিজে ভিডিঅ বনাই ভাইৰেল কৰা কাৰ্যই তাৎপর্য বহন কৰিছে। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ টেঙাহোলা গাৱৰ অভিযন্তা মানস বৰগোহাঁইয়ে আলফাত যোগদান কৰি আলফাৰ নীতি নিয়ম মানি চলিব বুলি শপত বাক্য পাঠ কৰা এটি ভিডিঅ ভাইৰেল কৰাৰ পিছত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে মানস বৰগোহাঁইৰ ঘৰত উপস্থিত হয় ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া দিপেন পাতৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জানিব দিয়া মতে যুৱক জনৰ প্ৰকৃত ঠিকনা বৰপথাৰৰ মৰাণ গাৱত মানসে ভিডিঅত উল্লেখ কৰাৰ দৰে টেঙাহোলা গাৱত নহয় । পিতৃ দেৱেন বৰগোহাঁইয়ে সংবাদমাধ্যমক জানিব দিয়া মতে পুত্র মানস বৰগোহাঁই ছয় মাহৰ পূর্বে ঘৰৰ পৰা ওলাই গৈছিল। বৰ্তমান তেওঁৰ কোনো সন্ধান নাই আৰু পৰিয়ালৰ কোনো ব্যক্তিৰ লগত যোগাযোগ নাই।মানস আলফালৈ যোৱা সন্দৰ্ভত একো নাজানো বুলি কয় পিতৃয়ে। মানসৰ পিতৃৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা লৈ আহবান পুত্র মানস বৰগোহাঁইক ভালে কুশলে ঘৰলৈ ওভতাই পঠিয়াব লাগে। অন্যহাতে আৰক্ষীৰ তদন্তত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাবনা আছে।
প্ৰেৰক মাহমুদ আলী