নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিটাকৈ পদক লাভেৰে ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত উজ্বলিল অভিযন্তা লক্ষীনাথ বুঢ়াগোহাঁই

নিয়মীয়া বাৰ্তা, ২৫ফেব্ৰুৱাৰী: কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৪৩ সংখ্যক সৰ্বভাৰতীয় মাষ্টাৰ্ছ এথলেটিক্স শ্বেম্পিয়নশ্বিপ প্রতিযোগিতাত অসমৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। ইয়াৰ ডিব্ৰুগড় জিলা পৰিষদৰ সহকাৰী অভিযন্তা তথা ডিব্ৰুগড় গান্ধী নগৰ নিৰ্বাসী লক্ষীনাথ বুঢ়াগোহাঁইয়ে অংশগ্ৰহণ কৰি তিনিটা সোণ আৰু এটা ব্ৰঞ্জ সহ মুঠ চাৰিটাকৈ পদক লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি ৪×৪০০ মি: ৰীলে,৪×১০০মি: ৰীলে আৰু ১০০ মি: দৌৰত সোণৰ পদক লাভ কৰা লগতে ৪০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পথক লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, অভিযন্তা লক্ষীনাথ বুঢ়াগোহাঁইয়ে ইয়াৰ পূৰ্বে এছিয়ান এথলেটিকছ চেম্পিয়ন শ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ লগতে মালয়েছিয়াত অনুষ্ঠিত এছিয়ান মাষ্টাৰ্ছ এথলেটিকছতো দেশৰ হৈ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।আনহাতে অসম দলক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড় বাণীপুৰৰ নিবাসী তথা আটাছুৰ প্ৰাক্তন উপ-সভাপতি গনেশ গগৈয়ে অসম দলক ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনত প্ৰতিনিধিত্ব কৰি সৰ্বমুঠ পাঁচ টাকৈ সোণৰষ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে,প্রতিযোগিতাখনত অসমৰ মুঠ ৩৩৮জন খেলুৱৈয়ে ভাগ লৈ ৬০ টা সোণ, ৫৮টা ৰূপ আৰু ৪৯টা ব্ৰঞ্জসহ মুঠ ১৬৭টা অভিলেখ সংখ্যক পদক লাভ কৰিবলৈ সক্ষম হয়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like