হেমপ্ৰভা চুতীয়াৰ গুণমালাৰ ইংৰাজী সংস্কৰণৰ বস্ত্ৰ গ্ৰন্থ, ৮ ডিচেম্বৰত উন্মোচন
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : সুৰক্ষা শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তাঁতশালত বৈ উলিওৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “গুণমালা”ৰৈ ইংৰাজী সংস্কৰণৰ গ্ৰন্থভাগি অহা ৮ ডিচেম্বৰত মৰাণ ফটিকাছোৱা অভয়পুৰীয়া গাঁওস্থিত শ্ৰীশ্ৰীকালশিলা সত্ৰত আনুষ্ঠানিকভাৱে উন্মোচনৰ প্ৰস্তুতি চলাই থকা হৈছে। ২০১৩ চনৰ ২২ জুলাইত বস্ত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত “গুণমালা” ভাগি গ্ৰন্থৰ ৰূপ দিবলৈ আৰম্ভ কৰা হেমপ্ৰভা চুতীযাৰ “গুণমালা”ৰ এই ইংৰাজী বস্ত্ৰভাগি পঞ্চম সংখ্যাক ধৰ্মগ্ৰন্থ। ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা গ্ৰন্থভাগি চলিত বৰ্ষৰ ১ ডিচেম্বৰত সম্পূৰ্ণ কৰিছে শিপিনীগৰাকীয়ে। ১.৫ (ডেৰ) ফুট প্ৰস্থ আৰু ২৩০ ফুট দৈৰ্ঘ্যৰ বস্ত্ৰভাগি মূগাসূতা দীঘল দি বাঁহৰ কাঠিৰে বাণী বৈ সেউজীয়া ৰঙৰ ঊণ সূতাৰে অক্ষৰসমূহ তোলা হৈছে যদিও শেহৰ দুই অধ্যায় এৰি সূতা বাণী বোৱা হৈছে। উল্লেখযোগ্য যে, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই ইতিমধ্যে “গুণমালা”, ২০১৫ চনত ২০০ ফুট দৈৰ্ঘৰ মাধৱদেৱ বিৰচিত “নামঘোষা”, ২০১৮ চনত ২ফুট প্ৰস্থ আৰু ১৫০ ফুট দৈৰ্ঘৰ শংকৰদেৱ বিৰচিত “শ্ৰীমদ্ভাগৱত”ৰ সংস্কৃত সংস্কৰণ আৰু ২ ফুট প্ৰস্থ, ২৪০ ফুট দৈৰ্ঘৰ “শ্ৰীমদ্ভাগৱত”ৰ ইংৰাজী সংস্কৰণভাগি বস্ত্ৰত গ্ৰন্থৰ ৰূপ দি ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈছে। হেমপ্ৰভা চুতীয়াৰ এই হস্ত শিল্পৰ বাবে ইতিমধ্যে অসম চৰকাৰে “অসম গৌৰৱ” আৰু ভাৰত চৰকাৰে “পদ্মশ্ৰী” সন্মান প্ৰদান কৰাৰ লগতে ৰাজ্যৰ অলেখ অনুষ্ঠান -প্ৰতিষ্ঠানে ভিন্ন সন্মান আৰু উপাধি প্ৰদান কৰিছে। হেমপ্ৰভা চুতীয়াৰ বস্ত্ৰ গ্ৰন্থ উন্মোচন আৰু নিৰ্মালি প্ৰদানৰ বাবে আয়োজিত এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৮ ডিচেম্বৰৰ পুৱা ৮ বজাত সত্ৰৰ ধৰ্মধ্বজা উত্তোলন, ৯ বজাত শৰাই প্ৰতিষ্ঠা আৰু নাম-প্ৰসঙ্গ, ১০ বজাত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ কেউভাগি বস্ত্ৰগ্ৰন্থ প্ৰদৰ্শনৰ দ্বাৰ উৎঘাট, দুপৰীয়া ১১ বজাত কালশিলা সত্ৰৰ পৰিচালক চন্দ্ৰ মহন্তক অসম সত্ৰ মহাসভাৰ অধিকাৰ নিৰ্মালি প্ৰদান কৰা হ’ব। বিয়লি ১ বজাত “গুণমালা”ৰ ইংৰাজী সংস্কৰণৰ বস্ত্ৰ গ্ৰন্থভাগি উন্মোচন কৰিব মন্ত্ৰী বিমল বড়াই। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকা মুখ্য অতিথি আৰু অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্ত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব। বিয়লি ৩ বজাত ভাগৱত পাঠৰ প্ৰস্তুতি পৰ্ব আৰু সন্ধিয়া ৫ বজাত বাৰঘণ্টীয়া ভাগৱত পাঠ আৰম্ভ কৰা হ’ব।
প্ৰেৰক অজিত চুতীয়া