ধৰাৰ মায়া এৰি অজানমুলুকৰ বাসিন্দা হল কবি অনুভৱ তুলসী । কবিতাৰ ছন্দেৰে সহস্ৰজনৰ আপোন হৈ পৰা বিশিষ্ট কবিগৰাকীয়ে গতি কৰিলে অজান্তিমুলুকলৈ। অতি কম বয়সতে আৰু বহু কবিতা সৃষ্টিৰ সোপান এৰি আজি পৃথিৱীৰ মায়া এৰি গললৈ কবি অনুভৱ তুলসী।
শতাধিক কবিতাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰি গ’লগৈ অনুভৱ তুলসী। বিশিষ্ট কবিগৰাকী কেইবাদিনা চিকিৎসাধীন হৈ আছিল। আৰু আজি গুৱাহাটীৰ জিএনআৰচিত দেহাৱসান ঘটে বিশিষ্ট কবিগৰাকীৰ।
চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে কবিগৰাকীয়ে। মৃত্যুৰ সময়ত কবিগৰাকীৰ বয়স হৈছিল ৬৭ বছৰ।
অনুভৱ তুলসীৰ বিষয়ে
একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৩ চনৰপৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁৰ প্ৰথম কবিতাপুথি ‘নাজমা’। বৰ্তমানলৈকে তেওঁৰ ২০খন কবিতাপুথি প্ৰকাশ পাইছে। ত্ৰিশখনতকৈ অধিক পুথিৰ ৰচয়িতা অনুভৱ তুলসীৰ কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লক্ষীমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, নৰ্থ ইষ্টাৰ্ণ পাৰ্বত্য বিশ্ববিদ্যালয়, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সম্মানজনক গ্ৰন্থত তেওঁৰ কবিতা অন্তৰ্ভুক্ত হৈছে। তুৰস্কৰ ইস্তানবুল,, আমেৰিকাৰ অষ্টিন, গ্ৰীচৰ এথেন্স আৰু বাংলাদেশ ঢাকাত অনুষ্ঠিত বিশ্ব কবিতা আৰু সাহিত্য মহোৎসৱত কবিতা পাঠৰ বাবে তেওঁ আমন্ত্ৰিত হৈছে। জাৰ্মানী, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈও তেওঁৰ কবিতা অনুবাদ হৈছে। অনুভৱ তুলসীয়ে মুনীন বৰকটকী বঁটা, কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেলশিপ সন্মান, অন্তৰ্লিপি সাহিত্য বঁটা, সাহিত্য জ্যোতি বঁটা, অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, পৰনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,নলবাৰী সাহিত্য সভাৰ ‘জমিৰুদ্দিন আহমদ বঁটা”, অসম সাহিত্য সভাৰ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’ আদি পুৰস্কাৰ লাভ কৰিছে।
জন্ম
অনুভৱ তুলসীৰ জন্ম হয় ১৯৫৮ চনৰ ডিচেম্বৰ মাহৰ ৩ তাৰিখে, নগাঁও জিলাত। তেওঁৰ পিতৃৰ নাম লক্ষ্মীকান্ত শইকীয়া আৰু মাতৃ লাৱণ্য শইকীয়া।
শিক্ষা
অনুভৱ তুলসীয়ে প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা লাভ কৰে ক্ৰমে ৫১নং তুলসীমুখ নিম্ন প্ৰাথমিক বিদ্যালয় আৰু মাধবদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত। পৰৱৰ্তী সময়ত কটন কলেজৰপৰা (১৯৭৪-৭৬) বিজ্ঞান শাখাত প্ৰাক বিশ্ববিদ্যালয়, নগাঁও কলেজৰপৰা ১৯৭৬-৭৯ চনত স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৮১-৮৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
বৃত্তি
শুৱালকুছিৰ শুৱালকুছি বুদম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় (SBMS College, Sualkuchi)ত তেওঁ ইংৰাজী বিভাগত অধ্যাপনা কৰে (১৯৮৩-২০১৮)
অনুভৱ তুলসীৰ প্ৰকাশিত পুথি
কবিতাপুথি
নাজমা (১৯৮৫)
দোৰোণ ফুল (১৯৯৬)
জলমগ্ন দৃশ্যাৱলী (১৯৯৬)
কাব্যপীঠ (১৯৯৭)
নিৰ্জ্ঞান নেপথ্য (২০০১)
চৰাইৰ চকুত ফুলৰ বিছনা (২০০৩)
পানীকাউৰী (২০০৫)
জয় জয়তীৰ জয় (২০০৬)
জুইচোৰ (২০০৭)
জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য (২০০৮)
দেওচেলেং (২০১০)
ঢেকীয়াপতীয়াৰ পিতৃ (২০১১)
বৰষুণৰ খেতিয়ক (২০১৫)
মাটিভাষা (২০১৭)
অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা (২০১৭)
দিন ৰাতিৰ দুৱৰী (২০১৮)
বানান কৰি পঢ়া লুইতৰ পানী (২০১৯)
ডেমক্ৰেচি অব আমব্ৰেলাজ (২০১০)
মাইহাং বাটিৰ চাদ (২০১২)।
ডিৱৰ্ড (২০১৮)
অনুবাদ পুথি
আনা আখমাত’ভাৰ কবিতা (২০০১)
বেলিসূতা সোণপৰুৱা (২০০৬)
সম্পৰ্ক (২০১২)।
পুৰাতন এই বীণখনি (২০১৫)
নজনা জুনুকা (২০১৬)
নৰা তগৰৰ গন্ধ (২০১৮)
কবিতা আলোচনা
অসমীয়া কবিতা আৰু তুলনামূলক আলোচনা (২০০৬)
সৃষ্টিসুষমা (২০০৯)
ইলোৰাৰ ইন্দ্ৰসভা (২০০৫)
ভ্ৰমণলেখা
পানীত মৌ মিহলাই লেখা নাম বাইজেনটিয়াম (২০১২)
চিনেমা সমালোচনা
ঘোঁৰাচৱাৰী আৰু সূৰ্যৰ স্মৃতি (২০১৬)
গল্পপুথি
গোলাপ গছত থৈ যাবি (২০১৭)
সম্পাদনা
কবিৰ বচন (সম্পাদনা-২০১২)
অমূল্য বৰুৱাৰ কবিতা (সম্পাদনা-২০০২)
তৰুণ প্ৰজন্মৰ কবিতা (সম্পাদনা সহযোগী ২০০৫)
Discourse ( পত্ৰিকা- ২০০৮-২০১৮)
Confluence (পত্ৰিকা-২০১৫-২০১৮)
তুলাৰ দলং তেজাৰ সাঁকো (২০২০)
বঁটা আৰু সন্মান
মুনীন বৰকটকী বঁটা, ১৯৯৭
কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বিপ সন্মান, ২০০০
অন্তৰ্লিপি সাহিত্য বঁটা, ২০১৬
সাহিত্য জ্যোতি বঁটা, ২০১৭
অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, ২০১৭
পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৯
নলবাৰী সাহিত্য সভাৰ জমিৰুদ্দিন আহমদ বঁটা’, ২০১৯
অসম সাহিত্য সভাৰ ‘অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’, ২০২০
Niyomiya Barta Desk, Date of published : 1 July, 2025