✅বিজ্ঞান শিক্ষাৰ প্রতি শিক্ষার্থীৰ অনীহা উদ্বেগজনক
✅মেট্রিকত ৬৮ শতাংশ ছাত্র-ছাত্রীয়ে ফেল কৰিলে অসমীয়া বিষয়ত
✅শিক্ষা বিভাগে কাৰণ বিচাৰি আৰম্ভ কৰিছে অনুসন্ধান
✅তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত ১২০০ বিজ্ঞান শিক্ষকৰ প্রশিক্ষণ কার্যসূচী আৰম্ভ
বার্তা ব্যুৰ, ৩ জুলাইঃ বিজ্ঞান বিষয়ৰ প্রতি ছাত্র ছাত্রীক অধিক আগ্রহী কৰি তোলাৰ লগতে ছাত্র ছাত্রীৰ ড্রপ আউটৰ হাৰ হ্রাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে সর্বশিক্ষা অভিযানৰ সমগ্র শিক্ষাৰ অধীনত অসমৰ চাৰিটা স্থানৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো আজিৰ পৰা আঠ জুলাহলৈ প্রথম পর্যায়ত বিজ্ঞান শিক্ষক–শিক্ষয়িত্রীৰ বাবে এক বিশেষ আবাসিক প্রশিক্ষণ কর্মশালা আৰম্ভ কৰিছে৷ এহ উপলক্ষে আজি পুৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষুপ্রসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্রহন কৰি প্রশিক্ষণ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৷ প্রশিক্ষণ উদ্ধোধন কৰি শিক্ষা মন্ত্রীমন্ত্রী ডাঃ পেগুৱে ছাত্র ছাত্রী সকলে অসমীয়াৰ লগতে হংৰাজী বা বডো ভাষাৰ লগত হংৰাজী অথবা ছাত্র ছাত্রী সকলে হংৰাজীৰ লগত এটা ভাষা জানিবহ লাগিব বুলি কয়৷ মন্ত্রী গৰাকীয়ে ছাত্র ছাত্রী সকলক বিজ্ঞানৰ শিক্ষাৰ প্রতি আগ্রহী কৰি তোলাৰ বাবে বিজ্ঞান শিক্ষক সকলৰ কৰণীয় বিভিন্ন দিশ বাখ্যা কৰে৷ মন্ত্রী গৰাকীয়ে উচ্চতৰ মাধ্যমিক পর্যায়ত ছাত্র ছাত্রীৰ ড্রপ আউটৰ হাৰ ত্রিশ শতাংশৰ পৰা বিশ শতাংশলৈ হ্রাস হোৱাটো শিক্ষা বিভাগৰ সফলতা বুলি সদৰি কৰি এহ সংখ্যা দহ শতাংশলৈ হ্রাস কৰাৰ বাবে প্রচেষ্টা অব্যাহত আছে বুলি কয়৷ মন্ত্রী ডাঃ পেগুৱে ভাষণ প্রসংগত কয় যে, মানুহৰ শৰীৰৰ বাবে শাৰীৰিক ব্যায়ামৰ যেনেদৰে প্রয়োজন একেদৰে বৌদ্ধিক ব্যায়াম অবিহনে এজন ব্যক্তি সম্পূর্ণ ব্যক্তিলৈ উতৰণ ঘটিব নোৱাৰে৷ কৃত্রিম বুদ্ধিমত্তাৰে কেনেদৰে পৃথিৱীখন সলনি কৰি যি বিপ্লৱ সৃষ্টি কৰা হৈছে সি বিজ্ঞানৰে ফচল বুলি মন্তব্য কৰে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভুনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্রদান কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্রহ ৷ উল্লেখ্য যে, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, যোগাযোগমূলক হংৰাজী আৰু শিক্ষা শিক্ষাবিজ্ঞান বিষয়ক সামৰি দুটা পর্যায়ত অনুষ্ঠিত ছয় দিনীয়া বিজ্ঞান শিক্ষক শিক্ষয়িত্রীৰ প্রশিক্ষণৰ প্রথম পর্যাযত শোণিতপুৰ, যোৰহাট, গোলাঘাট ,ওদালগুৰি আৰু মৰিগাঁও জিলাৰ ৬০০গৰাকী বিজ্ঞান শিক্ষক শিক্ষয়িত্রীয়ে প্রশিক্ষণত অংশ গ্রহণ কৰিব আৰু দ্বিতীয় পর্যায়তো আন ৬০০ গৰাকী শিক্ষক–শিক্ষয়িত্রীয়ে অংশগ্রহণ কৰিব৷ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ বীৰেণ দাসৰ লগতে বিজ্ঞান আৰু গণিতৰ জ্যেষ্ঠ অধ্যাপকসকলে অংশগ্রহণ কৰে৷ আনহাতে সাংবাদিকৰ প্রশ্নৰ উত্তৰত শিক্ষামন্ত্রীগৰাকীয়ে সদ্যঘোষিত মেট্ৰিকৰ ফলাফল অনুসৰি অনুতীর্ণ ছাত্র–ছাত্রীৰ সর্ববৃহৎ ৬৮ শতাংশহ ফেইল কৰিছে বুলি প্রকাশ কৰি কয়– বিষয়টো চোৱা হৈছে আৰু শুদ্ধৰণিমূলক ব্যৱস্থা গ্রহণ কৰা হব৷ আনহাতে, ড্রপ–আউট ৰেট পূর্বতকৈ কমি আহিছে যদিও বিজ্ঞান শাখাত নামভর্তিকৰণৰ ছাত্র–ছাত্রীৰ অনিহাৰ কথা উল্লেখ কৰি মন্ত্রী ডাঃ পেগুৱে কয় – আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যৰ কেৱল মাত্র ১৪ শতাংশ ছাত্র–ছাত্রীয়েহে বিজ্ঞান শাখাত নাম ভর্তি কৰে ৷ গতিকে বিজ্ঞানৰ প্রতি ছাত্র–ছাত্রীৰ ধাউতি কেনেকৈ ববাব পাৰি, সেহ লক্ষ্য আগত ৰাখি এহ প্রশিক্ষণৰ আয়োজন কৰা হৈছে৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহত বিজ্ঞান, গণিত আৰু হংৰাজী বিষয়ক অত্যাধিক গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে সমগ্র শিক্ষা – অসমৰ তৰফৰ পৰা যোৱা বছৰ আৰু এহ বছৰ প্রশিক্ষণৰ দিহা কৰা হৈছে আৰু এই প্রশিক্ষণ ক্রমে ৰাজ্যখনৰ তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি আহ আহ টি শিলচৰ, আহ আহ টি গুৱাহাটী আৰু ডিব্রুগড বিশ্ববিদ্যালয় এহ চাৰিটা স্থান বাছনি কৰিছে অসম চৰকাৰে৷ বিজ্ঞান–গণিত ইংৰাজীকৰণক লৈ কোনো শিক্ষকে শিক্ষামন্ত্রীক আপত্তি দর্শোৱা নাই, বৰঞ্চ ছাত্র–ছাত্রীয়ে অংকতহে অসুবিধা পাইছে বুলিও মন্তব্য কৰি –মই সততাৰে কওঁ যে ছাত্র–ছাত্রী অসুবিধাৰ সন্মুখীন হোৱা নাই৷ মূলতঃ গণিতক লৈহে কিছু আহুকাল হোৱা বুলি উল্লেখ কৰি সেয়ে শিক্ষামন্ত্রীগৰাকীয়ে Foundational Literacy & Numeracy প্রগ্রেম অনাৰ কথা সদৰী কৰে৷ আনহাতে এতিয়াৰে পৰা শিক্ষকে লাভ কৰিব ক্রেডিট পইণ্টৰ, যাৰ দ্বাৰা শিক্ষক সকলৰ কেৰিয়াৰ এডভাঞ্চমেণ্টত সহায়ক হব৷ ইয়াৰ বাবে শিক্ষকসকলে পর্টেলৰ জৰিয়তে প্রশিক্ষণ গ্রহণ কৰিব লাগিব৷ উল্লেখ্য যে সর্বত্র আন্দোলন আৰু প্রতিবাদৰ পিছতো আজি শিক্ষামন্ত্রীয়ে তেজপুৰত সাংবাদিকৰ আগত কলে– মাধ্যম আৰু ইংৰাজী ভাষা দুয়োটা সুকীয়া বিষয়৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢি়ও দুটা বিষয় ইংৰাজী পঢ়ি–লিখি আগবাঢ়িব লাগিব আমাৰ ছাত্র–ছাত্রী৷
প্ৰেৰক পুলক কুমাৰ ডেকা