নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীৰ নামখলাত ‘পুৰণি দিনৰ স্মৃতি’ শীৰ্ষক মনোজ্ঞ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰ : উত্তৰ পশ্চিম দৰং শিল্পী সমাজ, নামখলা শাখাৰ উদ্যোগত গান্ধী জয়ন্তীৰ দিনটোত ‘পুৰণি দিনৰ স্মৃতি’ শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা থলুৱা খেল-ধেমালি, অতীজতে অসমীয়া সমাজ জীৱনত ব্যৱহৃত বিভিন্ন সা-সামগ্ৰী প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহ্য-পৰম্পৰাক জীয়াই ৰখাৰ উদ্দেশ্যে নামখলাৰ আঞ্চলিক প্ৰেক্ষা গৃহত আয়োজন কৰা এই মনোজ্ঞ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত নটৰাজ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অৱসৰী কৃতী শিক্ষক তৰুণ চন্দ্ৰ নাথে। শিল্পী সমাজৰ নামখলা শাখাৰ সভাপতি ৰঞ্জন কুমাৰ শৰ্মাই উত্তোলন কৰে পতাকা। তোৰণ উন্মোচন কৰে নুৰুল হকে। মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শিক্ষয়িত্ৰী কানন চহৰীয়া আৰু জ্যেষ্ঠ নাগৰিক চুনু বালা ভট্টাচাৰ্যই। প্ৰাক্তন খেলুৱৈ বেলি ৰাম ডেকা আৰু সুকনান্নী ওজা খিতেশ্বৰ ডেকাই ৰূপায়ণ কৰে গছপুলি ৰোপণ কাৰ্যসূচী। প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে কন্ঠ শিল্পী হীৰক চান ডেকাই। পুৱা ১০ বজাত ‘পুৰণি দিনৰ স্মৃতি’ শীৰ্ষক অনুষ্ঠান উদ্বোধন কৰে খৈৰাবাৰীৰ যুৱ সমাজ কৰ্মী ধ্ৰুৱজ্যোতি বড়োৱে। অনুষ্ঠান উদ্বোধন কৰি বড়োৱে অতীত আৰু বৰ্তমানৰ পৰিৱৰ্তিত সমাজ খনৰ এক সুন্দৰ বিশ্লেষণ দাঙি ধৰে। ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ লৈ প্ৰাক্তন বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি শৈশৱতে ৰবাব টেঙাৰ ফুট বল খেলি আনন্দ-স্ফুৰ্তি কৰাৰ কথা উল্লেখ কৰে। অধ্যাপক ড° দুলাল হাজৰিকা আৰু শিক্ষয়িত্ৰী মীনাক্ষী দেৱীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত প্ৰবীণ সাংস্কৃতিক সংগঠক-লোক শিল্পী যাদব বৰুৱা, প্ৰবীণ খেলুৱৈ প্ৰদীপ কলিতা, আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত প্ৰবীণ খেলুৱৈ কবিতা দেৱী আৰু ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিশু খেলুৱৈ নিবৃত্তি বড়োক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে শিল্পী সমাজৰ নামখলা শাখাই। সম্বৰ্ধনা গ্ৰহণ কৰি কবিতা দেবীয়ে খেল-ধেমালিৰ নিয়মীয়া অনুশীলনে মানুহৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনত বিশেষভাৱে সহায় কৰে বুলি উল্লেখ কৰি নতুন প্ৰজন্মক খেল-ধেমালিৰ অনুশীলন কৰাৰ বাবে আগুৱাই আহিবলৈ অনুপ্ৰেৰণা যোগায়। গীত-মাত, কথাৰে জীপাল হৈ পৰা এই অনুষ্ঠানত উত্তৰ পশ্চিম দৰং শিল্পী সমাজৰ সভাপতি তথা কণ্ঠ শিল্পী হীৰক চান ডেকা, পাৰ্থ প্ৰতিম শৰ্মা, ‘দৌৰাঙ্গ’ৰ মুখ্য সম্পাদক শংকৰ কাকতি, ছিয়া গীতৰ শিল্পী ভদ্ৰ কান্ত নাথ, নামখলাৰ বিশিষ্ট নাগৰিক গিৰীশ কলিতাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে আজিৰ অনুষ্ঠানত পাশা খেল, কড়ি খেল, ধোপ খেল আদিও প্ৰদৰ্শন কৰা হয় ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like