নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত উন্মুক্ত নৰ্দমা

বিশেষ বাৰ্তা, ২৫ জুনঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পথৰ গাঁতসমূহ তাৎক্ষণিকভাৱে পোতাৰ নিৰ্দেশ দিয়াৰ পাছতে সকলো জিলাতে জিলা প্ৰশাসন আৰু লোকনিৰ্মাণ বিভাগে অতি তৎপৰতাৰে গাঁতসমূহ পুতি দিয়া দেখা গৈছিল ৷ বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপাযুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতিয়ে এই সন্দৰ্ভত জাৰি কৰিছিল নিৰ্দেশনা ৷ দুৰ্যোগৰ পৰা আগতীয়াকৈ হাত সাৰিবলৈ সঠিক বেৰিকেডেৰে সতৰ্কবাণী, চিহ্ন আদি আঁ‌ৰি গাঁ‌ত অথবা খোলা ঠাইবোৰত ব্যৱস্থাৰ বিভাগীয় কঠোৰ নিৰ্দেশনাৰ পিছতো দীৰ্ঘদিন ধৰি বিশ্বনাথ চাৰিআলি নগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ মূল প্ৰৱেশদ্বাৰত উন্মুক্ত হৈ আছে নৰ্দমা। জনতাৰ ভিৰে এই অঞ্চলত কোলাহলৰ সৃষ্টি কৰাৰ লগতে এই নৰ্দমাৰ ওপৰৰ অংশটো পদপথৰূপেও ব্যৱহাৰ কৰি আহিছে। পৰিবহণ নিগমৰ বাছ চলাচল কৰা এই অংশটোত পথচাৰীৰ লগতে যিকোনো সময়ত চলন্ত গাড়ী দুৰ্ঘটনাত পতিত হোৱাতো নিশ্চিত।লোকনিৰ্মাণ বিভাগ এইক্ষেত্ৰত উদাসীন ৷ এই বৃহৎ গাঁতত পৰি বহুকেইটা সৰু-বৰ দুৰ্ঘটনাও ইতিমধ্যে সংঘটিত হৈছে৷ কোনোধৰণৰ ষ্ট্ৰীট লাইট বা কোনো পোহৰৰ ব্যৱস্থা নথকাৰ বাবে নিশা হোৱাৰ লগে লগে দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰবল। দুৰ্যোগ ব্যৱস্থাপনাৰ বিয়াগোম বিভাগ এটা থকাৰ পাছতো কিয়  এইসমূহ গাঁত উন্মুক্ত হৈ আছে বুলিও প্ৰশ্ন উত্থাপিত হৈছে। ইফালে, উন্মুক্ত নৰ্দমাটোৰ বাবে কোনো যাতে দুৰ্ঘটনাত পতিত নহয়, তাৰ বাবেও  শীঘ্ৰে ব্যৱস্থা লবলৈ একাংশ লোক তথা আছু নেতাই দাবী জনাইছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like