বিশেষ বাৰ্তা, ১৮ মে’ : তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনা আজি পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ তৰফৰ পৰা সভাপতি ৰিতুৰাজ বৰুৱাৰ নেতৃত্বত এটা দ’লে তিনিচুকীয়াৰ কনভেনচন চেন্টাৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সংগঠনটোৰ তৰফৰ পৰা ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদান কৰে। পৰিৱেশ সুৰক্ষা সমিতি, অসমে ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ৰে যি সন্মান আগবঢ়ালে তাৰ বাবে কৃতাৰ্থতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, “‘হেমকোষ’ প্ৰণয়ন কৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা হৈছে আমাৰ জাতীয় জীৱনৰ এগৰাকী প্ৰাতঃস্মৰণীয় পুৰুষ৷ পৰিৱেশ সুৰক্ষা সমিতিয়ে তেখেতৰ সোঁৱৰণত ২০১৬ চনৰ পৰা গ্ৰহণ কৰা বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীয়ে ৰাজ্যখনৰ সেউজ বাতাৱৰণ অক্ষুণ্ণ ৰখাৰ দিশত নিশ্চিতভাৱে ইতিবাচক প্ৰভাৱ পেলাব৷ ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যেৰে আমি প্ৰতিটো কাৰ্য সম্পাদনৰ ক্ষেত্ৰত সদায়ে নিষ্ঠা আৰু আন্তৰিকতাক আগস্থান দি আহিছোঁ৷ আমি এই কথা গভীৰভাৱে বিশ্বাস কৰোঁ যে জনমুখী সেৱাৰ বাবে অক্লান্ত পৰিশ্ৰমৰ প্ৰয়োজন৷ বিকাশৰ গতি ত্বৰান্বিত কৰি অসমক দেশৰ এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিবলৈ আমি প্ৰতিনিয়ত কৰ্তব্যত ব্ৰতী হৈ থকাৰ সংকল্প গ্ৰহণ কৰিছোঁ৷ পৰিৱেশ সুৰক্ষা সমিতিৰ দৰে এটা অগ্ৰণী অনুষ্ঠানৰ পৰা লাভ কৰা অকৃত্ৰিম প্ৰশংসাই আৰু তেওঁলোকে আগবঢ়োৱা এই বঁটাই মোক অনুগৃহীত কৰাৰ লগতে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাজ্যবাসীৰ সেৱাত নিজকে সমৰ্পিত কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে৷”
প্ৰেৰক বিবেক বড়া