মন্ত্ৰী ৰঞ্জিত দাসৰ উদ্যোগত বজালীত সাত শ্বহীদৰ প্ৰতিমূৰ্তি স্থাপন
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ “অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত পাটাছাৰকুছি সমষ্টিৰ সাতগৰাকীকৈ সন্তানে আত্মবলিদান দিছিল৷ আমি সমষ্টিটোৰ জনপ্ৰতিনিধি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সিদ্ধান্ত লৈছিলো যে ৰাইজৰ সহযোগত আমি সাতোগৰাকী শ্বহীদৰে নিজ নিজ বাসগৃহত এটিকৈ প্ৰতিমূৰ্তি স্থাপন কৰি তেওঁলোকক আমাৰ মাজত জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিম৷ তাৰ আধাৰতে কেইগৰাকীমানৰ প্ৰতিমূৰ্তি ইতিমধ্যে স্থাপন কৰা হ’ল৷ আৰু এই প্ৰক্ৰিয়াৰে কাৰ্যপন্থা স্বৰূপে আজি আন তিনিগৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি তেওঁলোকৰ নিজ নিজ বাসগৃহত স্থাপন কৰি উন্মোচন কৰা হ’ল৷” এই মন্তব্য ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ৷ আজি পাটাছাৰকুছি সমষ্টিৰ তিনিটাকৈ স্থানত অসম আন্দোলনৰ তিনিগৰাকীকৈ শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মন্ত্ৰী দাসে কয় যে অসমীয়া জাতিয়ে অসমৰ শ্বহীদক কেতিয়াও পাহৰা নাই আৰু নাপাহৰে৷ অসমীয়া জাতি আৰু ভাষাৰ বাবে প্ৰাণাহুতি দিয়া অসম মাতৃৰ সাহসী সন্তানসকলক অসমীয়াই সদায় স্মৰণ কৰি যাব৷ অসম মাতৃৰ বাবে যুঁজ দি যিসকল আমাৰ মাজৰ পৰা আতৰি গৈছে তেওঁলোকলৈ আজিৰ এই ক্ষণত হৃদয়ৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু যিসকল আজিও আমাৰ মাজত আছে তেওঁলোকলৈ শ্ৰদ্ধা জনাই তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছো৷ উল্লেখ্য যে অসম আন্দোলনৰ প্ৰেক্ষাপটত শ্বহীদ হোৱা পাটাছাৰকুছি সমষ্টিৰ সাতগৰাকীকৈ শ্বহীদৰ বাসগৃহত তেওঁলোকৰ প্ৰতিমূৰ্তি স্থাপনৰ উদ্যোগ লৈছে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ এই প্ৰক্ৰিয়াৰে কাৰ্যসূচী হিচাপে আজি তিনিগৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে৷ অসম আন্দোলনৰ শ্বহীদ ক্ৰমে শ্বহীদ জ্যোতিষ চৌধুৰীৰ প্ৰতিমূৰ্ত্তি তেওঁৰ মৰিপুৰ-আনন্দপুৰৰ বনিয়া গাওঁস্থিত বাসগৃহত, শ্বহীদ মুনিন বৰুৱাৰ প্ৰতিমূৰ্ত্তি তেওঁৰ ঘটবৰ সাদেৰীস্থিত বাসগৃহত আৰু শ্বহীদ প্ৰভাত পাটগিৰিৰ প্ৰতিমূৰ্ত্তি তেওঁৰ কেন্দুগুৰিস্থিত বাসগৃহত উন্মোচন কৰা হয়৷ স্মৰ্তব্য যে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস হৈছে পাটাছাৰকুছি সমষ্টিৰ একমাত্ৰ জনপ্ৰতিনিধি যিয়ে এনেদৰে ইমান বছৰ পিছত সমষ্টিটোৰ অসম আন্দোলনৰ ছহীদসকলৰ এনেদৰে প্ৰতিমূৰ্তি স্থাপন কৰি তেওঁলোকক স্মৃতিচাৰণেৰে অমৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে৷ মন্ত্ৰীগৰাকীৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে৷ আজিৰ এই প্ৰতিমুৰ্তি উন্মোচন অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সতে উপস্থিত থাকে অগপৰ পাটাছাৰকুছি সমষ্টি কমিটিৰ সভাপতি জিণ্টু চৌধুৰী, বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিৎ শালৈ, পাঠশালা পৌৰ সভাৰ উপ পৌৰপতি ৰাতুল ৰয় সমন্বিতে কেবাগৰাকীও বিশিষ্ট লোক৷
প্ৰেৰকঃ কল্যাণ কলিতা