নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ বৰলুইতৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে গৰাখহনীয়াই তাণ্ডৱ চলাইছে গোৱালপাৰা চহৰৰ নিকটৱৰ্তী বলদমাৰীত৷ বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হেক্টৰে হেক্টৰে কৃষিভূমি৷ উচন হৈছে কেবাটাও পৰিয়ালৰ বাসগৃহ৷ বিশেষকৈ ৪ নম্বৰ বলদমাৰীত এনেদৰে খহনীয়াই কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, জলসম্পদ বিভাগে কেবা কোটি টকা ব্যয়ৰে ছিগনেছাৰ প্ৰজেক্টৰ জৰিয়তে বলদমাৰীক সুুৰক্ষা দিয়াৰ বাবে কাম কৰিছে যদিও সকলো ফুটুকাৰ ফেনত পৰিনত হোৱাৰ অভিযোগ উঠিছে ৷